Computer কি হয় - সাধাৰণ জ্ঞান অসমীয়াত



Computer, computer history, computer meaning, types of computer, uses of computer, what is computer in Assamese, what is computer system in Assamese, কম্পিউটাৰ কি হয়,



কম্পিউটাৰ হল এটা ইলেক্ট্ৰনিক যন্ত্ৰযাৰ কাম হল ডাটা বোৰ প্ৰছেছ কৰা আৰু ষ্টোৰ কৰা ৷



ইয়াত আমি কথা পাতিম কম্পিউটাৰ কি হয় আৰু কম্পিউটাৰ কেনেকৈ চলোৱা হয় ৷ সহজ ভাষাত কবলৈ হলে কম্পিউটাৰ এটা বৈদ্যুতিক যন্ত্ৰ ৷ এইটো নিশ্চয় আপোনালোক সকলোৱে আগৰে পৰা জানে ৷ তেন্তেই আপুনি নিশ্চয় ভাবিছে যে আজি আকৌ কিয় এইটো বিষয়ত লিখনিযাৰ বিষয়ে আমি আগৰে পৰাই জানো ৷ 



ৰব ৰব,মই আজি আপোনালোকক যি কব বিচাৰিছো  "কম্পিউটাৰ কি হয় - সাধাৰণ জ্ঞান অসমীয়াত"হয়তো আপুনি কিছু কিছু আগৰে পৰাই গম পাই ৷ কিন্তু মোৰ উদ্দেশ্য হল আপোনালোকক আধৰুৱা আধৰুৱাকৈ খবৰ বা তথ্য দিয়াতকৈ সম্পূৰ্ণ তথ্য পাতিয়ে যোগান ধৰো ৷ মই জানো যে আপুনি কম্পিউটাৰৰ সাধাৰণ জ্ঞান খিনিৰ বিষয়ে জানে ৷ কিন্তু আপুনি জানেনে কম্পিউটাৰে কেনেকৈ কাম কৰেকোনে প্ৰথমে ইয়াক বনাইছিলকেনেকৈ ই আমাৰ মাজলৈ আহিলইমান বছৰত কম্পিউটাৰৰ বিশেষত্বৰ ওপৰত কিমান সলনি দেখা গল ?



আজি আমি যিবোৰ কম্পিউটাৰ ব্যৱহাৰ কৰি আছোইয়াৰ আৰত বহুতো বিজ্ঞানীৰ বহু বছৰৰ কষ্ট নিহিত হৈ আছে ৷ আনহাতে আমি সেইবোৰ কথা আধৰুৱাকৈহে জানো ৷ আজি  মই  আপোনালোকক এই  article  কম্পিউটাৰ  কাক  কয়,  ইয়াৰ  মুখ্য  অংগ  কিকম্পিউটাৰৰ সম্পূৰ্ণ অৰ্থ কিআৰু ই কেনেকৈ কাম কৰেলগতে এই যন্ত্ৰটোৰ বিষয়ে সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিম ৷ তেন্তে বলক পলম নকৰি আৰম্ভ কৰো আৰু জানিবলৈ চেষ্টা কৰো যে কম্পিউটাৰনো কি হয় ৷



কম্পিউটাৰ কি - What is Computer in Assamese



কম্পিউটাৰ এটা বৈদ্যুতিক যন্ত্ৰ হয়যিয়ে কিছুমান পূৰ্ব নিৰ্ধাৰিত নিৰ্দেশ অনুসৰি কাৰ্য সম্পাদন কৰে ৷ ই এনেকুৱা এটা বৈদ্যুতিক যন্ত্ৰ যাক বনোৱা হৈছে তথ্যৰ সৈতে কাম কৰিবলৈ ৷ Computer শব্দটো Latin শব্দ  computare'' ৰ পৰা লোৱা হৈছে ৷ যাৰ অৰ্থ হল- Calculation কৰা বা গননা কৰা ৷


ইয়াৰ মুখ্যত কাম হল তিনিটা ৷ প্ৰথম হল ডাটা গ্ৰহণ কৰাযাক আমি Input বুলিও কও ৷ দ্বিতীয় কাম হল ডাটা সমূহক processing কৰাআৰু শেষত processed হোৱা ডাটা সমূহ দেখুওৱা ৷ যাক আমি Output বুলিও কও ৷ 



Input Data--> Processing--> Output Data




কম্পিউটাৰ কোনে আবিষ্কাৰ কৰিছিল আধুনিক কম্পিউটাৰৰ জনক বুলি Charles Babbage ক কোৱা হয় ৷ কিয়নো এখেতে প্ৰথম Mechanical কম্পিউটাৰ design কৰিছিল ৷ যাক Analytical Engine নামেৰে জনা যাই ৷ ইয়াত Punch Card ৰ সহায়ত ডাটা সমূহক insert কৰা যায় ৷
Computer, computer history, computer meaning, types of computer, uses of computer, what is computer in Assamese, what is computer system in Assamese, কম্পিউটাৰ কি হয়,
Charles Babbage


তেন্তে আমি কম্পিউটাৰক এনেকুৱা এটা advanced ইলেক্ট্ৰনিক device বুলি কব পাৰোযিয়ে raw data সমূহক input ৰ মাধ্যমত User ৰ পৰা লয় ৷ তাৰ পিছত সেই ডাটা সমূহক program (Set of instruction)ৰ   দ্বাৰা process কৰে আৰু শেষত ফলাফল সমূহ Output ৰ মাধ্যমেৰে প্ৰকাশিত কৰে ৷ ই numerical আৰু non-numerical (arithmetic and logical) calculation দুয়োটাকে process কৰে ৷




কম্পিউটাৰৰ  সম্পূৰ্ণ  অৰ্থ  কি হয় ?



প্ৰকৃততে কম্পিউটাৰৰ কোনো সম্পূৰ্ণ অৰ্থ নাইতথাপিও কম্পিউটাৰৰ এটা কাল্পনিক অৰ্থ আছে ৷


C- Commonly, O- Operated, M- Machine, P-Particular, U- Used for, T- Technical and E -Educational, R-  Research.



যদি আপুনি ইয়াক অসমীয়ালৈ অনুবাদ কৰে তেন্তে এনে হব - সাধাৰণ অপাৰেটিং যন্ত্ৰ বিশেষ ভাবে ব্যাৱসায়শিক্ষা আৰু অনুষ্ঠান আদিৰ বাবেই ব্যৱহাৰ কৰা হয় ৷



কম্পিউটাৰৰ ইতিহাস - কম্পিউটাৰৰ প্ৰজন্ম অসমীয়াত



এইটো কথা শুদ্ধকৈ প্ৰমাণিত কৰিব নোৱাৰি যে কেতিয়াৰ পৰা কম্পিউটাৰৰ বিকাশৰ কাম আৰম্ভ কৰা হৈছিল ৷ কিন্তু আনুষ্ঠানিকভাবে কম্পিউটাৰৰ বিকাশক generation (প্ৰজন্মৰ) ৰ হিচাপত শ্ৰেণীবিভাগ কৰা হৈছে ৷ ইয়াক মুখ্যৰূপে 5 টা ভাগত ভাগ কৰা হৈছে ৷




কম্পিউটাৰৰ প্ৰথম প্ৰজন্ম- 1940-1956 “Vacuum Tubes”



প্ৰথম প্ৰজন্মৰ কম্পিউটাৰ Vaccum tubes ক circuitry আৰু Magnetic Drum ক memory ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ই আকাৰত বহু ডাঙৰ আছিল ৷ ইয়াক চলাবলৈ বহু শক্তিৰ প্ৰয়োজন হৈছিল ৷ বহু ডাঙৰ হোৱা হেতুকে ইয়াত উত্তাপৰো (heat) সমস্যা আছিল ৷ যাৰ বাবে ই বহু বাৰ malfunction ও হৈছিল ৷ ইয়াত Machine Language ৰ ব্যৱহাৰ হৈছিল ৷ উদাহৰণস্বৰূপে UNIVAC আৰু ENIAC computes.




দ্বিতীয় প্ৰজন্মৰ কম্পিউটাৰ -1956- 1963 “Transistors”



Second generation ৰ কম্পিউটাৰত transistors য়ে Vacuum Tubes ৰ ঠাই লৈ ললে ৷ Transistor বহু কম ঠাই আগুৰে আকাৰত সৰুবেগী আছিলদাম কম আছিল আৰু কম পৰিমাণে বিদ্যুতৰ ব্যৱহাৰ কৰিছিল ৷ ই প্ৰথম প্ৰজন্মৰ কম্পিউটাৰৰ তুলনাত কম তাপ উৎপাদন কৰিছিল ৷ তথাপিও ইয়াত উত্তাপৰ সমস্যা আছিল ৷



ইয়াত High Level Programming Language যেনে COBOL আৰু FORTRAN ক ব্যৱহাৰ কৰা হৈছিল ৷




তৃতীয় প্ৰজন্মৰ কম্পিউটাৰ - 1964-1971 “Integrated Circuits”



তৃতীয় প্ৰজন্মৰ কম্পিউটাৰত প্ৰথম বাৰৰ বাবে Integrated Circuit ৰ ব্যৱহাৰ কৰা হৈছিল ৷ যত Transistors ক সৰু সৰু কৰি silicon chip ৰ ভিতৰত সোমোৱা হৈছিল ৷ যাক Semi Conductor বুলি কোৱা হয় ৷ ইয়াৰ দ্বাৰা কম্পিউটাৰৰ processing কৰাৰ ক্ষমতা বহু বাঢ়ি গৈছিল ৷



প্ৰথম বাৰৰ বাবে এই প্ৰজন্মৰ কম্পিউটাৰক বেছি user friendly কৰাৰ বাবে Monitors, keyboards আৰু Operating System ৰ ব্যৱহাৰ কৰা হৈছিল ৷ ইয়াক প্ৰথম বাৰৰ বাবেই বজাৰত (Launch) এৰি দিয়া হৈছিল ৷




কম্পিউটাৰৰ চতুৰ্থ প্ৰজন্ম - 1971-1985 “Microprocessors”



চতুৰ্থ প্ৰজন্মৰ কম্পিউটাৰৰ এইটোয়ে তাৎপৰ্য আছিল যে ইয়াত Microprocessor ৰ ব্যৱহাৰ কৰা হৈছিল ৷ যাৰ দ্বাৰা হাজাৰ হাজাৰ Integrated Circuit ক এখনে ছিলিকন chip ত সংস্থাপিত কৰা হল ৷ ইয়াৰ বাবেই মেচিনৰ আকাৰ সৰু কৰাত বহুত সুবিধা হল ৷



Microprocessor ৰ ব্যৱহাৰৰ দ্বাৰা কম্পিউটাৰৰ efficiency আৰু বাঢ়ি গল ৷ ই বহু কম সময়ত ডাঙৰ ডাঙৰ calculations কৰিব পৰা হল ৷



কম্পিউটাৰৰ পঞ্চম প্ৰজন্ম - 1985 - present "Artificial Intelligence"



Fifth generation কম্পিউটাৰ আজিৰ যুগৰ কম্পিউটাৰ ৷ যত Artificial Intelligence য়ে দপদপাই আছে ৷ এতিয়া নতুন নতুন Technology যেনে Speech recognition, Parallel Processing, Quantum Calculation ৰ দৰে advanced পদ্ধতিৰ ব্যৱহাৰ হব ধৰিলে ৷ 



এইটো এটা এনেকুৱা প্ৰজন্মৰৰ কম্পিউটাৰযত কম্পিউটাৰত Artificial Intelligence থকাৰ বাবেই ই নিজে সিদ্ধান্ত লব পৰা ক্ষমতা লাভ কৰিছে ৷ লাহে লাহে ইয়াৰ সকলো কাম Automated হৈ যাব ৷




কম্পিউটাৰৰ আবিষ্কাৰ কোনে কৰিছিল ?



আধুনিক কম্পিউটাৰৰ জনক বা পিতৃ বুলি কাক কোৱা হয় চাবলৈ গলে Computing Field ত বহু ব্যক্তিয়ে নিজৰ নিজৰ অবদান আগবঢ়াইছে ৷ কিন্তু Charles Babage ৰ নাম সকলোৰে উৰ্ধত ৷ কিয়নো এখেতে সৰ্বপ্ৰথমে 1837 চনত Analytical Engine আবিষ্কাৰ কৰি উলিয়াইছিল ৷



এখেতৰ এই engine ত ALU, Basic Flow control আৰু Integrated Memory ৰ concept আৰম্ভ কৰিছিল ৷ এই মডেলৰ আৰ্হিলৈয়ে আজিকালিৰ কম্পিউটাৰৰ design কৰা হৈছে ৷ সেইবাবেই এখেতৰ অবদান সকলোতকৈ বেছি ৷ আনহাতে তাৰবাবেই এখেতক কম্পিউটাৰৰ জনক বা পিতৃ বুলি জনা যায় ৷




কম্পিউটাৰৰ পৰিভাষা



যিকোনো আধুনিক digital কম্পিউটাৰৰ বহুতো components আছে ৷ কিন্তু ইয়াৰ ভিতৰত কিছুমান বহুত মহত্ত্বপূৰ্ণ হয় ৷ যেনে Input device, Output Device, CPU (Central Processing Unit), Mass Storage Device আৰু Memory.




accepts data            -        Input

processes data        -        Processing

produces output    -        Output

stores results          -        Storage




কম্পিউটাৰে কেনেকৈ কাম কৰে ?


Input (Data): Input হল সেইটো step যত Raw Information ক Input Device ৰ ব্যৱহাৰ কৰি কম্পিউটাৰৰ ভিতৰত সোমাই দিয়া হয় ৷ ই কোনো letter, ছবি (picture) বা কোনো video হব পাৰে ৷ 


Process : Process কৰা সময়ত input কৰা হোৱা data সমূহক নিৰ্দেশ (instruction) অনুসৰি processing কৰা হয় ৷ ই সম্পূৰ্ণৰূপত আভ্যন্তৰীণ প্ৰক্ৰিয়া (internal process) হয় ৷


No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.