যুৱ-উচ্ছৃংখলতা : পৰিয়াল, সমাজ আৰু শিক্ষানুষ্ঠানৰ ভূমিকা | Essay For HSLC | Youth Disorderly Conduct Essay in Assamese | যুৱ মানসিকতা আৰু বৰ্তমান সমাজ | যুৱ উশৃংখল | গণমাধ্যম আৰু সমাজ | সামাজিক মাধ্যম আৰু যুৱ প্ৰজন্ম | সমাজ আৰু শিক্ষানুষ্ঠানৰ ভূমিকা  | যুৱ প্ৰজন্ম | EduAssams.com 


যুৱ-উচ্ছৃংখলতা 




যুৱ-উচ্ছৃংখলতা : পৰিয়াল, সমাজ আৰু শিক্ষানুষ্ঠানৰ ভূমিকা



আমাৰ দেশত ভাষা, ধৰ্ম, জাতি, বংশজাত, লিংগ, বয়স আদিকলৈ নানান মতভেদ আৰু অন্ধবিশ্বাস তথা ভেদভাব বিদ্যমান ৷ এনেকুৱা বিসংগতিয়ে আমাৰ দেশখন তথা সমাজখনক অন্ধকাৰৰ গ্ৰাসলৈ লৈ গৈছে ৷ যুৱক-যুৱতি সকল আবেগিক আৰু খঙাল স্বভাৱৰ বাবে সমাজৰ পুৰণি বয়জেষ্ঠ্য লোকসকলে এওঁলোকক গম্ভীৰ ভাৱে নলয় ৷ তেওঁলোকে এইটো বুজি নাপায় যে যুৱ-সমাজৰ এই স্বভাৱৰ কাৰণ মুখ্যৰূপে তেওঁলোকক কেনেদৰে প্ৰতিপালন কৰা হৈছে তাৰে পৰিণাম স্বৰূপ  ৷ অনুশাসনহীনতাই যুৱ-সমাজত উচ্ছৃঙ্খলাৰ বীজ ৰোপণ কৰাত ইন্ধন যোগাই ৷


এখন দেশৰ সামগ্ৰীক উন্নয়নৰ মূল চালিকা শক্তি হল যুৱসমাজ ৷ সম্প্ৰতি এই যুৱ শক্তিক কেন্দ্ৰ কৰি সমাজত গা কৰি উঠা এটা প্ৰধান সমস্যা যুৱ-উচ্ছৃংখলতাই ভয়াবহ ৰূপ পৰিগ্ৰহণ কৰিছে ৷ 


যেতিয়া সমাজ ব্যৱস্থাত আৰ্থিক অসাম্যনতাই দেখা দিয়ে আৰু  ৰাজনৈতিক  ক্ষেত্ৰখন দুৰ্নীতিগ্ৰস্ত হয় তেতিয়াই সকলো ব্যক্তিৰে সমাজ তথা দেশৰ প্ৰতি মোহ ভংগ হয় ৷ সেইবাবেই তেওঁলোক বিভিন্ন প্ৰকাৰেৰে বিদ্ৰোহী হৈ পৰে ৷ উচ্ছৃংখলতা মানে হল অশান্ত স্থিতি ৷ 



যুৱ-উচ্ছৃংখলতাক তিনিটা ভাগত ভাগ কৰিব পাৰি ৷ সেইবোৰ হল - যুৱ-সমাজত উচ্ছৃংখলতা, যুৱ-সমাজৰ কাৰণে অশান্তি, দেশত সামাজিক অশান্তি ৷ যুৱ-সমাজৰ এচাম বিপথে যোৱাৰ মূল কাৰণ বিচাৰিবলৈ গলে পৰিয়াল, সমাজ, ৰাজ্য তথা দেশৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ কথা আহি পৰে ৷


যুৱ-উচ্ছৃংখলতাৰ কাৰণ হল-


১/ দেশ প্ৰেমৰ অভাৱ : 


যুৱ-সমাজৰ প্ৰধান কৰ্তব্য হল শিক্ষা গ্ৰহণৰ লগে লগে দেশপ্ৰেমৰ ভাৱ মনত জাগ্ৰত কৰা ৷ দেশমাতৃক সন্মান জনোৱাতো তেওঁলোকৰ কৰ্তব্য হব লাগে ৷ 



২/ লক্ষ্য বিহীন শিক্ষা ব্যৱস্থা :


আজিৰ সমাজত কিছুমান স্বাৰ্থপৰ শিক্ষকৰ কাৰণে যুৱ-শক্তি উপেক্ষিত হৈ আছে ৷ আনহাতে চৰকাৰৰ ৰাজনৈতিক লাভালাভৰ বাবে যুৱ-সমাজক তেওঁলোকৰ মূলসুঁতিৰপৰা পথভ্ৰষ্ট কৰি আছে ৷ আজিকালি যুৱ-সমাজে যদিও শিক্ষা গ্ৰহন কৰি আছে কিন্তু তেওঁলোকে এইটো নাজানে যে শিক্ষা গ্ৰহণ কাৰ্যৰ সমাপ্তি ঘটাৰ পিছত তেওঁলোকে কি কৰিব ? তেওঁলোকক স্বনিৰ্ভৰশীল হোৱাৰ বাবে কোনো ধৰণৰ শিক্ষা প্ৰদান কৰা নহয় ৷ 


কলা, বাণিজ্যৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত অন্যান্য কি কি পাঠ্যক্ৰম পঢ়িব পাৰি সেয়া সঠিকভাৱে নজনাৰ ফলত একেঘেয়ামি শিক্ষাকে গ্ৰহণ কৰিবলগীয়া হয় ৷ ফলস্বৰূপে নিবনুৱা শিক্ষিতৰ সংখ্যা বাঢ়ি যায় ৷ 



আমাৰ প্ৰচলিত উচ্চতৰ মাধ্যমিক, স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বিষয়বস্তু তথা পৰীক্ষা পদ্ধতি অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগীকৈ প্ৰস্তুত নোহোৱাৰ বাবে বহু মেধা যুৱক-যুৱতীয়ে প্ৰাপ্য কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হৈ আহিছে ৷ 



৩/ দুৰ্নীতিগ্ৰস্থ চৰকাৰ :


বৰ্তমান সময়ত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা প্ৰতিনিধি সকলৰ প্ৰায়ে দুৰ্নীতিগ্ৰস্থ ৷ নিৰ্বাচনত জয়ী হোৱাৰ পিছত এই প্ৰতিনিধি সকলে দুৰ্নীতিৰ মেৰপাকত সোমাই পৰে আৰু জনসাধাৰণৰ কথা পাহৰি যায় ৷ যাৰ ফলস্বৰূপে যুৱ-সমাজত অসন্তোষীয়ে দেখা দিয়ে ৷ 


৪/ বিকৃত চলচ্চিত্ৰৰ জগত :


আজিৰ চলচ্চিত্ৰ জগতখন বহুত লেতেৰা হৈ পৰিছে ৷ বৰ্তমানৰ প্ৰত্যেক চলচ্চিত্ৰতে মৰামৰি, লুন্থন, কামুকতা আদিৰে পৰিপূৰ্ণ চিত্ৰ দেখুওৱা হয় ৷ চলচ্চিত্ৰৰ ব্যৱহাৰ মূলতঃ বিদ্যাৰ্থী সকলৰ জ্ঞান তথা অন্যান্য বিষয়ৰ শিক্ষাকলৈ হব লাগে ৷



৫/ বাতৰিকাকত তথা আকাশবাণী :


এই দুয়োটাই যুৱ-প্ৰজন্মৰ বাবে বৰদান স্বৰূপ ৷ লগতে ই এক প্ৰকাৰৰ অভিশাপ স্বৰূপো হয় ৷ যেতিয়া কোনো এখন বিশ্ববিদ্যালয়ত অসন্তুষ্টিয়ে দেখা দিয়ে তেতিয়া বাতৰিকাকত বা আকাশবাণীৰ মাধ্যমেৰে এই খবৰ সকলো ঠাইতে প্ৰচাৰ কৰি দিয়া হয় ৷ যাৰ দ্বাৰা যুৱ-সমাজৰ মাজত আক্ৰোশ বৃদ্ধি পায় আৰু বিদ্ৰোহী হৈ পৰে ৷ এনেকুৱা বাতৰিকাকত সমূহ চৰকাৰে বন্ধ কৰি দিব লাগে ৷ 


দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাত বৰ বৰ আখৰেৰে প্ৰকাশিত ধৰ্ষণ, বলাৎকাৰ আদি শব্দ তথা পৰিঘটনাৰ বৰ্ণনাই কিশোৰ-কিশোৰীৰ অনুসন্ধিৎসু মনত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া সকলোৰে বাবে সহজে অনুমেয় ৷ এনে দিশবোৰ এৰাই চলিব পাৰিলে উঠি অহা নৱ-প্ৰজন্মৰ বাবেই মংগল ৷



৬/ বিৰোধী দল :


আজিকালি বিৰোধী দল সমূহে নিজৰ লাভালাভৰ বাবে বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী সকলক উচতাই নিজৰ কৰ্মসিদ্ধি কৰি আছে ৷ 



৭/ সাংস্কৃতিক সংস্কাৰৰ অভাৱ :


আজিৰ যুৱ-প্ৰজন্মৰ মাজত সাংস্কৃতিক সংস্কাৰৰ অভাৱ পৰিলক্ষিত হয় ৷ যাৰ কাৰণে তেওঁলোকে অন্য ব্যক্তি সকলক নিজতকৈ বেলেগ বুলি ভাবি তেওঁলোকৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে ৷ সেয়েহে বিশ্ববিদ্যালয় সমূহতো নৈতিক শিক্ষা অনিবাৰ্য্য কৰিব লাগে ৷



যুৱ-উচ্চৃঙ্খলতাৰ অন্য এক কাৰক হল নিচাযুক্ত দ্ৰব্য ৷ মদ, ভাং, কানি, ব্ৰাউন চুগাৰ, হিৰোইন আদি নিচাযুক্ত ড্ৰাগছ সেৱন কৰি বহু উঠি অহা যুৱকে সমাজলৈ বিষ-বাস্প কঢ়িয়াই অনা সততে পৰিলক্ষিত হৈছে ৷ এনে নিচাযুক্ত দ্ৰব্যৰ পৰা যুৱ-সমাজক আতৰাই ৰাখিব নোৱাৰিলে সমাজলৈ অচিৰতে বিভীষিকা নামি অহাৰ সম্ভাৱনীয়তাক কোনেও নুই কৰিব নোৱাৰে ৷ 




দায়িত্বশীল যুৱ-সমাজ কেনেদৰে তৈয়াৰ কৰিব ?



১/প্ৰাৰম্ভিক অৱস্থাতে নৈতিক শিক্ষাৰ জ্ঞান দিয়ক :


নিজৰ সন্তানক নৈতিক মূল্যবোধৰ জ্ঞান দিয়াৰ বাবে ১০ বছৰ বা ১০ বছৰতকৈ অধিক বয়সলৈ ৰৈ থাকিব নালাগে ৷ ইয়াৰ আৰম্ভণি তেতিয়াই কৰক যেতিয়াই তেওঁলোক শিশু অৱস্থাত থাকে ৷ তেওঁলোকক শিক্ষা দিয়ক যে কেনেকৈ আনৰ লগত ব্যৱহাৰ কৰিব লাগে আৰু বিভিন্ন কাৰ্য্য সমূহ কেনেদৰে সম্পাদনা কৰিব লাগে ৷ 



২/ নৈতিক মূল্যবোধ সমূহৰ বাবে উৎসাহিত কৰক :


এইটো অতিকৈ মহত্ত্বপূৰ্ণ যে কোনটো শুদ্ধ কোনটো ভূল ইয়াৰ বিষয়ে নিজৰ সন্তানক শিকোৱা ৷ তেওঁলোকৰ বয়স অনুযায়ী তেওঁলোকক সময়ে সময়ে নৈতিক শিক্ষা প্ৰদান কৰক ৷ 



৩/ সহায়ৰ হাত আগবঢ়াৱৰ বাবে  তেওঁলোকক অনুমতি দিয়ক :


নিজৰ সন্তানক সকলো সময়তে মৰম বা যত্ন কৰাৰ বিপৰীতে নিজৰ কাম নিজক কৰিব দিব লাগে ৷ সৰু সৰু কাম সমূহ তেওঁলোকক নিজে কৰিব দিব লাগে আনহাতে মাক-দেউতাকক সৰু সৰু কামত সহায় কৰিবৰ বাবে আদেশ দিব লাগে ৷ ইয়াৰ দ্বাৰ তেওঁলোকৰ মনত দায়িত্বশীলতাৰ ভাৱ জন্ম হব আৰু ইয়াৰ দ্বাৰা জীৱনত ডাঙৰ ডাঙৰ দায়িত্ব লোৱাৰ বাবে তৈয়াৰ কৰিব ৷ 



৪/ প্ৰশংসা কৰক :


নিজৰ সন্তানৰ ভাল কামৰ বাবে তেওঁলোকক প্ৰশংসা কৰক ৷ ইয়াৰ দ্বাৰা তেওঁলোকে বাৰে বাৰে ভাল কাম বা ভাল ব্যৱহাৰ কৰাৰ প্ৰতি অনুপ্ৰেৰণা লাভ কৰিব ৷ কিন্তু ভাল কাম কৰাৰ বাবে প্ৰত্যেকবাৰে তেওঁলোকক পুৰস্কাৰ দিবলৈ চেষ্টা নকৰিব ৷



৫/ কঠোৰ নহব :


যেতিয়াই যেতিয়াই মাক-দেউতাকে তেওঁলোকক শিকাব যে কোনটো শুদ্ধ আৰু কোনটো ভূল বা যেতিয়া তেওঁলোকক নৈতিক শিক্ষা প্ৰদান কৰিব তেতিয়া কিন্তু কঠোৰ হব নালাগিব ৷ মাক-দেউতাকে এইটো মনত ৰাখিব লাগিব যে কেতিয়াবা তেওঁলোকে আশা কৰা ধৰণে সন্তানে ফল দেখুৱাব নোৱাৰিবও পাৰে, তেতিয়া তেওঁলোকক গালি গালাজ কৰিব নালাগে ৷


ঘৰুৱা পৰিৱেশ হব লাগিব সুস্থ আৰু নিকা ৷ বিদ্যালয় পুথিগত অধ্যয়নৰ উপৰিও খেলা-ধূলা, নৃত্য-সংগীত চৰ্চা, জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে কিতাপ পঢ়াৰ অভ্যাস কৰা আদি সৃষ্টিশীল কৰ্মত ছাত্ৰ-ছাত্ৰীক নিযোগ কৰি সৃজনশীল প্ৰতিভাৰ স্ফুৰণ ঘটোৱা ৷ 



আমাৰ সমাজত মুখ্যৰূপে দুইপ্ৰকাৰৰ মানুহ আছে - ১/ প্ৰথম প্ৰকাৰৰ লোকসকলে দায়িত্বশীলতাৰে কাম কৰিব আৰু নিৰ্ধাৰিত মানদণ্ডৰ পালন কৰে ৷ ২/ আনহাতে দ্বিতীয় প্ৰকাৰৰ লোকসকলে সমাজে নিৰ্ধাৰিত কৰা মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিব আৰু দায়িত্বহীন হৈ কাম কৰে ৷ যুৱ-উচ্ছৃংখলতাই ব্যক্তিগতভাৱে ক্ষতি কৰাৰ উপৰিও সমাজ, অৰ্থনীতি, ৰাজনীতি আদি সকলো দিশতে ঋণাত্মক প্ৰভাৱ পেলায় ৷ এনে এক অশুভ আচৰণক ৰোধ কৰাৰ প্ৰথম উপায় হল যুৱ-শক্তিক সদা সৎ কৰ্ম, সৎ চিন্তাত, প্ৰৱিষ্ট কৰি ৰখা ৷ ইয়াৰ বাবে প্ৰথমে নিজে বিবেকৰ দ্বাৰা পৰিচালিত হব লাগিব ৷ দ্বিতীয়তে পিতৃ-মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক আৰু চৰকাৰো সদা সচেষ্ট হব লাগিব ৷



আজিৰ যুৱ-সমাজ নানান প্ৰতিভাৰে পৰিপূৰ্ণ ৷ পিতৃ-মাতৃ তথা শিক্ষক সকলৰ প্ৰধান দায়িত্ব হল এই প্ৰতিভা সমূহক সঠিক পথলৈ লৈ যোৱা ৷ তলত কিছুমান বিষয়ৰ কথা আলোচনা কৰা হল, যাৰ জৰিয়তে  দায়িত্বশীল যুৱ-সমাজৰ সৃষ্টি কৰিব পাৰি ৷



'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি 

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.