ছাত্ৰ আৰু ৰাজনীতি | Essay For HSLC | শিক্ষাত ৰাজনীতিৰ প্ৰভাৱ | Student And Politics Essay In Assamese | student and politics essay in Assamese language | participation of students in politics | শিক্ষাৰ ৰাজনৈতিক প্ৰকৃতি | ৰাজনীতি কি |  write an article on politics |  participation of students in politics |  campus politics essay | জাতি আৰু ৰাজনীতি | EduAssams.com

ছাত্ৰ আৰু ৰাজনীতি,শিক্ষাত ৰাজনীতিৰ প্ৰভাৱ,student and politics essay in Assamese language,students in politics,Assamese,Essay,
ছাত্ৰ আৰু ৰাজনীতি ৰচনা




ৰচনা


ছাত্ৰ আৰু ৰাজনীতি 



ভূমিকা:-



বৰ্তমানৰ যুগটো হল ৰাজনৈতিক জাগৰণৰ যুগ ৷ আজিৰ ইতিহাস ৰাষ্ট্ৰীয় আন্দোলনৰ ইতিহাস ৷ এনেকুৱা সময়ত প্ৰত্যেক জনগনে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱাতো স্বাভাৱিক ৷ আমি দেখিবলৈ পাওঁ যে খেতিপথাৰত কাম কৰা খেতিয়ক, উদ্দোগ সমূহত কাম কৰা শ্ৰমিক সকল, ব্যাপাৰ-বানিজ্যত নিয়োজিত থকা বনুৱা সকল, শিক্ষাৰ লগত জড়িত থকা অধ্যাপক সকল আদি সকলোৱে ৰাজনীতি সম্বন্ধে জ্ঞাত আৰু সকলোৰে মাজত ৰাজনৈতিক সচেতনতাৰ সৃষ্টি হৈছে ৷ 


পাণৰ দোকান, চাহৰ দোকান আদি সকলো ঠাইতে ৰাজনৈতিক বাক- বিতৰ্ক চলি থাকে ৷ সকলোৱে ৰাজনৈতিক গতিবিধি সমূহৰ প্ৰতি ৰুছি লোৱা দেখা যায় ৷ বিদ্যাৰ্থীসকলো ৰাজনৈতিক মতবাদেৰে সজাগ সমাজখনৰ অংগ হয় আৰু সেইবাবেই কোনো কাৰণতে ৰাজনৈতিক জগত খনৰ পৰা পৃথক নহয় ৷



মানুহ স্বাভাৱিকে এক সামাজিক প্ৰাণী ৷ যত তেওঁলোকে বসবাস কৰে তাৰে ওচৰে-পাঁজৰে সংঘটিত হোৱা ঘটনা সমূহৰ প্ৰভাৱৰ পৰা নিজকে কেতিয়াও পৃথককৈ ৰাখিব নোৱাৰে ৷ তেওঁলোকে বসবাস কৰা ৰাষ্ট্ৰখনৰ ৰাজনৈতিক, ধাৰ্মিক অথবা আৰ্থিক পৰিস্থিতিয়ে তেওঁলোকৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ৷ 



প্ৰাচীন কালত ৰাজনীতি বিষয়তো কেৱল মাত্ৰ ৰাজ- পৰিয়াললৈকে সীমাবদ্ধ আছিল ৷ কিন্তু সময়ৰ লগে লগেই এই ধাৰণাৰ সলনি হল ৷ এতিয়া এই বিষয়তো এটা বৰ্গ বিশেষৰ মাজতে সীমাবদ্ধহৈ থকা নাই ৷ এতিয়া যিকোনো বিদ্যাৰ্থীয়ে, লাগিলে যি ধৰ্ম, জাতি, সম্প্ৰদায়ৰ নহক কিয়, সকলোৱে এই বিষয়তো মুখ্য বা প্ৰধান বিষয় হিচাপে বাছনি কৰিব পাৰে ৷ 




শিক্ষাত ৰাজনীতিৰ প্ৰভাৱ :-



ৰাজনীতিত দেখা দিয়া দুৰ্নীতি ৰোধ কৰাৰ বাবে এইটো নিতান্তই প্ৰয়োজনীয় যে ছাত্ৰ-সমাজক বিদ্যাৰ্থী জীৱনৰ পৰায়ে ৰাজনীতিৰ শিক্ষা প্ৰদান কৰাতো ৷ শিক্ষক সকলৰ এইটো দায়িত্ব হব লাগে যে ছাত্ৰ-সমাজক বাস্তৱিক ৰাজনৈতিক পৰিস্থিতিৰ লগত চিনাকি কৰাই দিয়া ৷ যাতে ছাত্ৰসকলে ভৱিষ্যত জীৱনত ৰাজনৈতিক ব্যৱস্থাৰ ভূল-শুদ্ধ সমূহ চিনাক্ত কৰিব পাৰে ৷ 


বিদ্যাৰ্থীসকলৰ লক্ষ্য হল বিদ্যা আহৰণ কৰা ৷ বিদ্যা আহৰণক জীৱনৰ সৰ্বাংগীণ বিকাশৰ এক মাধ্যম হিছাপে গন্য কৰা হয় ৷ সেয়েহে প্ৰত্যেক বিদ্যাৰ্থীয়ে সম্পূৰ্ণ মনোযোগেৰে বিদ্যা আহৰণত ব্ৰতি হব লাগে ,কিন্তু আজিকালি দেখিবলৈ পোৱা যায় যে আমাৰ বিদ্যাৰ্থীসকলে ইয়াৰ সম্পূৰ্ণ বিপৰীতে ধাৱমান হৈ পথভ্ৰষ্ট হৈছে ৷ আজি তেওঁলোকে অধ্যয়নৰ প্ৰবৃত্তি ত্যাগ কৰি সক্ৰিয় ৰাজনীতিত মেৰপাকত সোমাই পৰিছে ৷ ইয়াৰ পৰিণাম স্বৰূপে আমাৰ দেশৰ প্ৰায় সকলো শিক্ষা প্ৰতিস্থান এই লেতেৰা ৰাজনীতিৰ স্থলত পৰিণত হৈছে ৷ 



যদি তেওঁলোকৰ বয়স ১৮ বছৰ পাৰ হৈছে তেন্তে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত বহু সাৱধানতাৰে আৰু বিবেকৰ দ্বাৰাহে ভোটদান কৰিব লাগে ৷ লগতে ওচৰে-পাজৰে থকা মানুহবোৰকো অনুপ্ৰাণিত কৰিব লাগে যাতে যোগ্য আৰু সঠিক ব্যক্তিক ভোট দিয়ে ৷ 


মহাবিদ্যালয় সমূহত ছাত্ৰ একতা সভা অনুষ্ঠিত কৰাৰ অৰ্থ হল, যাতে ছাত্ৰসকলে গণতন্ত্ৰৰ মূল অনুভূতি সমূহ বুজি পাই আৰু ভৱিষ্যতে ৰাজনৈতিক ব্যৱস্থাত প্ৰৱেশ কৰি ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত অৰিহণা যোগায় ৷

যেতিয়াই ছাত্ৰ সমাজে কোনো বিষয়ত অভাৱ অনুভৱ কৰে -সমাজে, চৰকাৰে, তেওঁলোকৰ অভাৱৰ প্ৰতি আওকণীয়া মনোভাৱ গ্ৰহণ কৰা বুলি ভাবে, তেতিয়াই সভা, শোভাযাত্ৰা, ধৰ্মঘট আদিৰে প্ৰতিবাদৰ ধ্বনি তোলে ৷ এই ক্ষেত্ৰত তেওঁলোকে ইতিহাস বা ৰাষ্ট্ৰনীতিৰ পৰা আদৰ্শ গ্ৰহণ কৰে ৷ কিন্তু আজিৰ ছাত্ৰ-সমাজ বেছিকৈ প্ৰভান্বিত হয় ৰাজনৈতিক দলবোৰৰ দ্বাৰা ৷ ফলত স্বাভাৱিকভাবেই ছাত্ৰ-সমাজ ৰাজনীতিৰ লগত ওতপ্ৰোতভাবে জড়িত হৈ এক জটিল আৰু বিতৰ্কিত সমস্যাৰ সৃষ্টি কৰিছে আৰু বহুত ক্ষেত্ৰত শাসনৰ গাদীও কপাই তুলিছে ৷



শিক্ষানুষ্ঠান সমূহত ৰাজনৈতিক বীজ সিচাৰ কাম ৰাজনৈতিক দল সমূহৰ ৷ তেওঁলোকে ভালদৰে জ্ঞাত যে ছাত্ৰসকল প্ৰায়ে আদৰ্শবাদী হয় আৰু তেওঁলোকক আদৰ্শৰেহে অনুপ্ৰাণিত কৰিব পাৰি ৷ তেওঁলোকে এইটোৱো জানে যে সংগঠিত ছাত্ৰ-শক্তি অসীম হয় ৷ এই কথাসমূহলৈ লক্ষ্য ৰাখিয়ে ৰাজনৈতিক নেতা সকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে তেওঁলোকৰ সক্ৰিয় ৰাজনীতিৰ মাজলৈ ছাত্ৰসমাজক টানি আনিবলৈ বিকৃত প্ৰয়াস কৰে ৷ এইটো স্পষ্ট যে ৰাজনীতিৰ পথাৰত বিদ্যাৰ্থীসকলে নিজে নাহে, তেওঁলোকক এচাম ৰাজনৈতিক নেতাই টানি আনিবলৈ চেষ্টা কৰে ৷




ভিন্ন ভিন্ন মত:-




ৰাজনীতিৰ কূট-চক্ৰই মানুহক স্বাৰ্থন্বেষী, অসহিষ্ণু আৰু কুটিল কৰি তোলে ৷ ফলত দেশৰ সংহতি বিপন্ন হৈ পৰে ৷ অপৰিণত ছাত্ৰ-সমাজ এনে দলীয় স্বাৰ্থৰ প্ৰভাৱত পৰি প্ৰায়ে অবাটে যায়; নিজ কৰ্তব্যৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰে ৷ পৰিণাম স্বৰূপে অনেক ক্ষেত্ৰত অনধিকাৰ চৰ্চা কৰি সমাজত, দেশত বিশৃংখলতাৰ সৃষ্টি কৰে ৷ 



এই সন্দৰ্ভত এটা প্ৰশ্নৰ সুত্ৰপাত ঘটে যে ছাত্ৰসকলে ৰাজনীতিত অংশগ্ৰহণ কৰা উচিত নে ? এই প্ৰশ্নৰ উত্তৰত দুটা ভিন্ন ভিন্ন মত আমাৰ মাজলৈ আহে ৷ কিছুমান লোক ইয়াৰ সমৰ্থনত আনহাতে কিছুমান ইয়াৰ বিৰুদ্ধে ৷ 



যিসকলে ছাত্ৰসকলৰ সক্ৰিয়  ৰাজনৈতিক অংশগ্ৰহন সমৰ্থন কৰে, তেওঁলোকৰ মতে আজিৰ বিদ্যাৰ্থী কালিৰ নেতা ৷ যদি এতিয়াৰে পৰা তেওঁলোকে সক্ৰিয় ৰাজনীতিৰ প্ৰকৃতি, ক্ৰিয়া-কলাপ আৰু ব্যৱহাৰিক জ্ঞান লাভ নকৰে, তেন্তেই আগলৈ কেনেকৈ তেওঁলোকে দেশৰ ৰাজনীতিৰ সঞ্চালনৰ ভাৰ বহন কৰিব পাৰিব ? তেওঁলোকৰ যুক্তি হল যে দেশৰ সক্ৰিয় ৰাজনীতিৰ প্ৰভাৱ অন্য দেশবাসীৰ ওপৰতো পৰে, লগতে বিদ্যাৰ্থী সকলৰো ওপৰতো সমানে সমানে পৰে , তেন্তে কেনেকৈ তেওঁলোকে সক্ৰিয় ৰাজনীতিৰ পৰা দূৰত থাকিব পাৰিব ৷ তেওঁলোকে শাসনৰ গাদীত থকা আৰু বিৰোধী দল সমূহৰ নীতি, কাৰ্যকলাপ আদি সকলো মূল্যায়ন কৰি থাকিব লাগে ৷  ছাত্ৰসকলেই হল সমাজৰ সজাগ আৰু  উত্তৰদায়ী নাগৰিক, তেওঁলোকে ৰাষ্ট্ৰঘাতী, স্বাৰ্থপৰায়ণ, ভ্ৰষ্ট তথা হিংসাত্মক ৰাজনৈতিক চিন্তা তথা সেইবোৰৰ প্ৰচাৰ-প্ৰচাৰণ আদিৰ পৰা দেশ আৰু সমাজ খনক বচোৱাৰ হেতুকে দেশভক্তি আৰু কৰ্মঠ কাৰ্যকৰ্তাৰ ৰূপত সক্ৰিয় হৈ উঠক ৷ 



ছাত্ৰসকলৰ ৰাজনৈতিক অংশগ্ৰহণত সমৰ্থন কৰা সকলৰ অন্য এটা যুক্তি হল - পৃথিৱীৰ বিভিন্ন দেশৰ কূটীল ৰাজনৈতিক ধ্বংস অৱস্থাৰ পৰা মুক্ত কৰাত বিদ্যাৰ্থীৰ ভূমিকা বহুসংখ্যক দেখা যায় ৷ তেওঁলোকে অন্য এটায়ো যুক্তি দৰ্শাইছে যে স্বাধীনতা প্ৰাপ্তিৰ বাবে চলি থকা ৰাষ্ট্ৰীয় আন্দোলনৰ সময়ত স্বয়ং মহাত্মা গান্ধীয়ে ছাত্ৰসকলক আহ্বান কৰিছিল ৷ ১৯৭৭ চনত স্বয়ং লোকনায়ক জয়প্ৰকাশ নাৰায়ণে ও ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান কৰিছিল ৷ যদি মহাত্মা গান্ধী আৰু জয়প্ৰকাশ নাৰায়ণ শুদ্ধ আছিল, তেন্তেই বিদ্যাৰ্থীসকলক ৰাজনীতিৰ পৰা দূৰত ৰখাৰ পৰামৰ্শ দিয়া যুক্তিগত আৰু ন্যায়গত নহয় ৷



ইয়াৰ বিপৰীতে, এই মতবাদৰ বিৰোধিতা কৰা সকলৰ যুক্তি হল - বিদ্যাৰ্থী সকলৰ মুখ্য উদ্দেশ্য হল শিক্ষা লাভ কৰা, যত তেওঁলোকে সম্পূৰ্ণ যত্নপৰ হৈ শিক্ষা গ্ৰহন কৰিব লাগে ,নহলে শিক্ষা গ্ৰহন কাৰ্য্যত ব্যাঘাত জন্মিব ৷ তেওঁলোকৰ মতে এগৰাকী সজাগ নাগৰিক হবৰ বাবে নিশ্চয়কৈ তেওঁলোক ৰাজনৈতিক গতি-বিধি আৰু ৰাজনৈতিক নীতি সমূহৰ প্ৰতি জাগ্ৰত হৈ থাকিব লাগিব, কিন্তু সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাতো কোনো প্ৰকাৰে উচিত নহয় ৷ যদি ছাত্ৰসমাজ সক্ৰিয় আৰু দলগত ৰাজনীতিৰ মেৰপাকত সোমাই পৰে তেন্তে শিক্ষাৰ শ্ৰেষ্ঠতম আদৰ্শসমূহ পাহৰি নিজৰ কৰ্তব্যৰ পৰা বিচলিত হৈ পৰিব ৷ ছাত্ৰসকলে শিক্ষালাভ কৰি পৈনত বয়সত, উপযুক্ত নাগৰিক হিচাপে নিজ বিবেক-বুদ্ধি , ৰুছি আৰু আদৰ্শ অনুযায়ী কোনো ৰাজনৈতিক দলভুক্ত হৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ বহুতো সময় পাব ৷ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ আগত তেওঁলোকে আগতে নিজৰ শিক্ষা গ্ৰহন প্ৰক্ৰিয়া সমাপ্ত কৰি লোৱা উচিত ৷ যত আগতিয়াকৈ সক্ৰিয় ৰাজনীতিৰ শিক্ষা গ্ৰহন কৰাৰ কথা উল্লেখ আছে ,তেন্তে তিলক, গোখলে আৰু গান্ধীজীৰ বহুতো উদাহৰণ আছে, যাক এনেকুৱা ৰাজনৈতিক শিক্ষাৰ কোনো প্ৰয়োজন হোৱা নাছিল ৷ গান্ধীজী আৰু জয়প্ৰকাশ নাৰায়ণৰ দ্বাৰা ছাত্ৰসমাজক আহ্বান কৰাৰ সন্দৰ্ভত যুক্তি আগৱঢ়াই যে স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ সম্পূৰ্ণ শক্তিক আন্দোলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যহে গান্ধীজীয়ে সকলোকে আহ্বান কৰিছিল ৷ 



এই যুক্তি দুটাক অন্য দৃষ্টিকোনৰ পৰা চালে আন এটি নতুন তথ্য পোহৰলৈ আহে ৷ বিভিন্ন অধ্যয়নৰ পৰা গম পোৱা যায় যে শৈক্ষিক-অনুষ্ঠান সমূহৰ পৰা মাত্ৰ ৫ ৰ পৰা ৭ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে কোনো ৰাজনৈতিক বিচাৰধাৰৰ প্ৰতি আকৰ্ষিত হয় ৷ তাৰ মাজত কিছুমান এনেকুৱা ছাত্ৰ আছে যিয়ে ৰাজনৈতিক বিচাৰধাৰৰ অন্ধ-সমৰ্থক হয় ৷ যাৰ বাবে শৈক্ষিক-অনুষ্ঠান সমূহৰ বাতাবৰণ দূষিত হৈছে ৷ 



ছাত্ৰসকলে অধ্যয়নৰ যোগেদি বিভিন্ন ৰাজনৈতিক মতবাদ সম্পৰ্কে জ্ঞান লাভ কৰক, তাত ক্ষতি নাই ৷ বৰঞ্চ সেই লভ্য জ্ঞানে পাছৰ জীৱনত ৰাজনীতিত সহযোগ কৰি সক্ৰিয় ভূমিকা গ্ৰহণ কৰাত প্ৰভূত্ব বিস্তাৰ কৰি উদ্দেশ্য সাধনত শিখণ্ডীৰূপে ব্যৱহাৰ কৰিব নোৱাৰে তেনেভাৱে শিক্ষানীতি নিৰ্ধাৰণ কৰা উচিত ৷




ৰাজনৈতিক দলসমূহে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ কাৰণে, ছাত্ৰ-সমাজক নানাভাৱে প্ৰলোভিত কৰি নিজৰ কবললৈ আনি এক শ্ৰেণীৰ ছাত্ৰক বিদ্ৰোহী আৰু উদন্ত কৰি তুলিছে আৰু স্বাৰ্থ সিদ্ধৰ 'হাতিয়াৰ' ৰূপে ব্যৱহাৰ কৰিছে ৷ এটা উন্নয়নশীল জাতিৰ কাৰণে ই কেতিয়াও কল্যাণকৰ হব নোৱাৰে ৷ 




সামৰণি:-


ভাৰতীয় নাগৰিক হিছাপে আমাৰ এইটো দায়িত্ব হয় যে আমি দেশৰ ৰাজনীতিত সংঘটিত হোৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সমূহ ৰোধ কৰা ৷ যুগৰ পৰিবৰ্তনে ছাত্ৰ-সমাজলৈকো পৰিৱৰ্তন আনিছে ;বৰ্তমানে ছাত্ৰ-সমাজৰ পৰা সমাজেও বহুখিনি আশা কৰে ৷ দেশ, জাতি, সমাজ, শাসন-পদ্ধতি, সভ্যতা, সংস্কৃতি আদিৰ প্ৰতি ছাত্ৰ-সমাজৰ চেতনা জগাই গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ, সৱল, কৰ্মঠ, উদ্দোগী নাগৰিক ৰূপে ছাত্ৰসকলক গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি শিক্ষা-নীতিৰ আমূল পৰিৱৰ্তন ঘটোৱা হৈছে ৷  



বিদ্যাৰ্থীসকল যদি ৰাজনীতিৰ মূল আদৰ্শ সমূহৰ প্ৰতি জ্ঞাত হয় তেন্তে দেশৰ নাগৰিক হোৱাৰ কৰ্তব্য সমূহ সুচাৰুৰূপে পালন কৰিব পাৰিব ৷ মহাত্মা গান্ধী এজন পাকৈত ৰাজনীতিবিদ আছিল আৰু লগতে সমাজ সংস্কাৰক আছিল ৷ আজিৰ বিদ্যাৰ্থী সকলে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হব লাগে ৷ কল্যাণকামী ৰাষ্ট্ৰ এখনে সমাজ সচেতন, বহুমুখী প্ৰতিভাৱান আৰু সমাজলৈ অৱদান আগৱঢ়াব পৰা নাগৰিকহে বিচাৰে ৷ আজিৰ ছাত্ৰ-সমাজ শত সহস্ৰ দাবী আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু উদ্দোগি হব লাগিব ৷ দেশৰ ভবিষ্যত নাগৰিক হিছাপে ছাত্ৰ-সমাজৰপৰা দেশ-মাতৃয়ে বহুতো আশা কৰে ৷ 





'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি 

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.