অসমীয়া ৰচনা




অসমৰ কুটীৰ-শিল্প








আৰম্ভণি



কুটীৰ শিল্প এটা সময়ত অসমৰ পৰিচয় আছিল ৷ কুটীৰ শিল্পত অসম বহু প্ৰাচীন কালৰে পৰা চহকী ৷ প্ৰাচীন কালত হাবিত বসবাস কৰা মানুহে নিজৰ দৈনন্দিন কাম কাজ বা প্ৰয়োজন সমূহ পূৰাবলৈ চিকাৰ আদি কৰিছিল ৷ 



চিকাৰ কৰিবলৈ নানান আচবাব আদিৰ প্ৰয়োজন বোধ কৰিলে ৷ সেয়েহে নিজ হাতেৰে কিছুমান বস্তু উৎপাদন কৰিবলৈ ললে ৷ যেনে - ঘৰ সজা , কাপোৰ বোৱা ইত্যাদি ৷ এনেদৰেই কুটীৰ শিল্পৰ আৰম্ভণি হোৱা বুলি কব পাৰি ৷ 



কিন্তুু  কুটীৰ শিল্পৰ ঠাইত যন্ত্ৰ শিল্পই বৰ্তমান অধিকাৰ কৰিছে ৷ যন্ত্ৰ শিল্পৰ দ্বাৰাই অতি কম সময়ৰ ভিতৰতে সৰহ সংখ্যক উৎপাদন কৰিব পাৰি ৷ যান্ত্ৰিক যুগৰ আগমনৰ লগে লগে কুটীৰ শিল্পই আমাৰ মাজৰ পৰা বিদায় ললে ৷ ইয়াৰ বাবেই আমাৰ ৰাজ্য তথা অসমৰ মানুহে জগৰীয়া ৷ 




ইতিহাসত অসমৰ কুটীৰ শিল্পৰ প্ৰভুত্ব:



হৰ্ষচৰিতৰ মতে খ্ৰীষ্টিয় সপ্তম শতিকাৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভাস্কৰবৰ্মাই থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ হাতী দাতেৰে তৈয়াৰী সামগ্ৰী , বাহ - বেত আদিৰে সজা বস্তু , বাহৰ বাচন, বাহৰ ফুলাম জাপি , সাচিপাত উপহাৰ দিছিল ৷ 


আহোম ৰাজত্ব কালত কুটীৰ শিল্পৰ বিকাশৰ এখন স্পষ্ট ছবি আমি মোমাই তামুলী বৰবৰুৱাৰ ক্ষেত্ৰত দেখা পাও ৷ আনহাতে শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ সাতখলপীয়া সিংহাসনখন অসমীয়া থলুৱা শিল্পী সকলে মূৰৰ ঘাম মাতিত পেলাই সাজি উলিয়াইছিল ৷ 



অস্ত্ৰ শস্ত্ৰৰ দৰে আত্মৰক্ষাৰ সামগ্ৰীসমূহ সাহসী আৰু নিপুণ অসমীয়া শিল্পী সকলে ঘৰতে সাজি উলিয়াইছিল ৷ 



যুদ্ধৰ নাও , সাজ-পোছাক , তৰোৱালখন বিচাৰি কোনো দিন অসমীয়া বীৰ সৈন্যই হাবাথুৰি খাব লগা হোৱা নাছিল ৷ অসমৰ মানুহে এটা সময়ত নিজৰ প্ৰয়োজনীয় আটাইবোৰ বস্তু নিজ হাতেৰে তৈয়াৰ কৰি লৈছিল ৷ 



অসমৰ এনেকুৱা অনেক চানেকি যাদুঘৰতো সংগ্ৰহ কৰি থোৱা আছে ৷ এইবোৰ কলা কৌশলী আদিলৈ লক্ষ্য কৰি সহজে অনুমান কৰিব পাৰি যে এইবোৰ শিল্প বহু প্ৰাচীন কালৰে পৰা অসমত প্ৰচলন আছিল ৷



সেয়েহে ৰামায়ণ-মহাভাৰতৰ যুগৰপৰাই অসম-কামৰূপ ঐশ্বৰ্য আৰু কলা-সংস্কৃতিৰ অক্ষয় ভাণ্ডাৰৰূপে পৰিগণিত হৈ আহিছে ৷ শিল্প-কলাৰ ক্ষেত্ৰতো অসমৰ খ্যাতি এসময়ত ৰৈ-বৈ গৈছিল ৷ 



কোঁচ ৰজা আৰু আহোম স্বৰ্গদেউসকলৰ দিনতো কুটিৰ শিল্পৰ প্ৰভূত উন্নতি হৈছিল । দৰং ৰাজবংশাৱলীত আছে যে মহাৰাজ নৰনাৰায়ণে কমাৰ – কুমাৰ, খনিকৰ আদি বিভিন্ন কাৰিকৰী বিদ্যাজনা লোকক ভাগে ভাগে নিজ ৰাজ্যত স্থাপন কৰিছিল । আহোম স্বৰ্গদেউসকলে এনেকুৱা লোকক খেল পাতি থাপিছিল । 



কিন্তু কালৰ কুটিল গতিত আজি অসম ভাৰতৰ ভিতৰতে আটাইতকৈ পিছপৰা ৰাজ্য ৷




অসমৰ কুটীৰ শিল্প



অতুল ঐশ্বৰ্য বিভূতিৰ বাবে যেনেকৈ অসম সোণৰ অসম বুলি খ্যাত হৈছিল, সেইদৰে কুটীৰ শিল্পৰ বাবেও অসমৰ নাম সদৌ ভাৰততে ৰজনজনাই গৈছিল ৷ কুটীৰ শিল্পতো অসমে এদনীয়া আসন দখল কৰিবলৈ সমৰ্থ হৈছিল ৷ 



এৰী, মুগা, পাট, কপাহী আদি বয়ন-শিল্প, কাঁহ-পিতলৰ নানাবিধ বাচন তৈয়াৰী শিল্প, কাঠ-শিল্প, বেত, বাঁহৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, হাতীদাঁত শিল্প, সোণ-ৰূপৰ অলংকাৰ শিল্প, লোহা-শিল্প, পাটী-শিল্প, স্থপতি, ভাস্কৰ্য-শিল্প আদি এশ এবুৰি কুটীৰ-শিল্প অসমৰ বুকুত গজ্গজীয়া হৈ আছিল আৰু অসমক স্বাৱলম্বী কৰি তোলাৰ লগতে স্বয়ংসম্পূৰ্ণ কৰি তুলিছিল ৷



আৱহমান কালৰেপৰাই বয়ন-শিল্পত অসম ভাৰত বিখ্যাত আছিল ৷ অসমৰ পাট-মুগাৰ ছাঁ-তে শুকোৱা মুঠিতে লুকোৱা সাজে এসময়ত দিল্লী-আগ্ৰাৰ মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল ৷



বৰপেটা অঞ্চলৰ পাটৰ কাপোৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত বৈকুণ্ঠৰ পট্ ফুলন সৰ্বজনবিদিত এক গৌৰৱময় অধ্যায় ৷ 



অসমীয়া ছোৱালীয়ে কাপোৰ ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা আছিল; তেনে ছোৱালীয়ে থুপৰী নাম পাইছিল; অসমৰ জীয়াৰী-বোৱাৰী সকলোটি বয়ন-শিল্পত এনে কাজী আছিল যে ৰাতিৰ ভিতৰতে কপাহ নেওঠি, সূতা কাটি কাপোৰ বৈ উলিয়াই পিছদিনা পুৱা গৃহস্থক, পো-নাতিক সেই কাপোৰ পিন্ধাই যুদ্ধক্ষেত্ৰলৈ সাজু কৰি পঠাইছিল ৷ 



এনে কাপোৰক কৱচ বোলা হৈছিল; এই কৱচ যাৰ গাত থাকিব তেওঁ অজেয়, অপৰাজেয় ৷ 



অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকা-ফুলীয়া ফুল চানেকি দেখি এসময়ত মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল,  "অসমীয়া শিপিনীয়ে কাপোৰত পৰীৰ সাধু ৰচনা কৰে ৷" 



অসমীয়া পাট, মেজাংকৰী, কিংখাপে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ জীয়াৰী-বোৱাৰীসকলক চমক লগাইছিল ৷



কাঁহ-পিতলৰ শিল্পৰ বাবেও অসম এসময়ত ভাৰত বিখ্যাত আছিল ৷ ৰহাৰ কাঁহৰ বাচনৰ খ্যাতি সমগ্ৰ অসমতে ৰৈ-বৈ গৈছিল ৷ 



হাজো, সৰ্থেবাৰী অঞ্চলে আজিও অতীতৰ ঐতিহ্য কিছু পৰিমাণে ৰক্ষা কৰি অসমৰ নাম জিলিকাই ৰাখিছে ৷ 



বিভিন্ন ধৰণৰ কাঁহ-পিতলৰ বাচন-বৰ্তন, শৰাই আদি আজিও সন্মানৰ সামগ্ৰী হিচাপে পৰিগণিত হৈ আছে ৷



কাঠশিল্পও অসমীয়া জাতিৰ গৌৰৱৰ বাহন ৷ নানাবিধ,আসন - বসন আদিৰ বাহিৰেও অসমীয়া শিল্পীয়ে তৈয়াৰ কৰা বেদীৰ সিংহাসন, মূৰ্তি, নানাবিধ মুখা, অন্যান্য আচবাবপত্ৰ আদিৰ যথেষ্ট সমাদৰ সমাজত আছে ৷



বাঁহ-বেতৰ আচবাব-পত্ৰ, নিত্য- নৈমিত্তিক ব্যৱহাৰৰ পাচি, খৰাহী, ডলা, চালনী, মাছ মৰা সঁজুলি জাকৈ, পল, জুলুকি, ঠোহা, দলঙা, দিঙৰী আদি অসমীয়া সমাজত এতিয়াও বহুলভাৱে প্ৰচলিত আছে ৷ আজিকালি বাঁহ - বেতৰ চকী, টেবুল আদিও সমাজৰ আদৰৰ বস্তু ৷




কুটীৰ শিল্পৰ  উদ্যোগিক ৰূপ



স্বাৱলম্বী অসমীয়া জাতিয়ে কোনো দিনে নিজৰ প্ৰয়োজনীয় বস্তুৰ বাবেই আনৰ ওচৰত হাত পতা নাছিল ৷ অসমৰ জাপি , গামোচা , শৰাই , পাট-মূগাৰ কাপোৰে বিশ্বৰ দৰবাৰত নিজৰ চিনাকিৰে উজলি উঠিছিল ৷ 



বৰ্তমান সময়ত চৰকাৰেও ৰাইজক সহায় কৰা দেখা যায় ৷ অসম চৰকাৰে নানান আচনি আদিৰ দ্বাৰাই এই শিল্প উদ্যোগিক সমূহক সহায় কৰা দেখা যায় ৷ 



চৰকাৰৰ আৰ্থিক সাহায্য আৰু যাৱতীয় সহায়ৰ ফলত অসমৰ কুটিৰ শিল্প জাতিস্কাৰ হৈ পৰিল ৷




কুটিৰ শিল্পৰ খহনীয়া



যন্ত্ৰ শিল্পৰ আগমনৰ লগে লগে যন্ত্ৰ শিল্পৰ লগত কুটিৰ শিল্পই ফেৰ মাৰিব নোৱাৰা হল ৷ কুটিৰ শিল্পৰ ঠাইত যন্ত্ৰ শিল্পই অধিকাৰ সাব্যস্ত কৰিছে ৷ 



কিয়নো যন্ত্ৰ শিল্পৰ দ্বাৰা মানুহৰ ৰুচি অনুযায়ী আৰু অতি কম সময়ৰ ভিতৰতে সৰহ সংখ্যক উৎপাদন কৰিব পৰা হল ৷ যাৰ ফলত আমাৰ থলুৱা শিল্পীৰ আৰ্থিক দুৰৱস্থা ঘটিল ৷ 



অতি লাভদায়ক আৰু বৃহত উদ্যোগিক ৰূপ গ্ৰহন কৰা কুটিৰ শিল্পই হঠাতে নিজৰ খামোচ হেৰাই পেলালে ৷ বিশ্ব যুদ্ধ , ব্ৰিটিছৰ আগমন আৰু শিল্প বিপ্লৱ আদিৰ ফলত যন্ত্ৰৰ উদ্ভাৱন আৰু ব্যাপক ব্যৱহাৰ হব ধৰিলে ৷ 



যাৰ ফলত অতি কম সময়ৰ ভিতৰতে মানুহৰ লাগতিয়াল সকলো সামগ্ৰী আমাৰ হাতত পৰিল ৷ আনহাতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক আবিষ্কাৰৰ দ্বাৰাই সকলো কাম সহজ কৰি দিলে ৷ যাৰ ফলত অসমৰ মানুহৰ শাৰীৰিক কামৰ প্ৰতি অনিহাৰ সৃষ্টি হল ৷ 



কেচামালৰ নাটনি , চৰকাৰৰ ক্ৰমাৎ কমি অহা সাহায্য , বিদেশী বস্তুৰ আগমন আদিয়ে কুটিৰ শিল্পক ধংসৰ গৰাহলৈ ঠেলি দিছে ৷ আজিৰ মানুহে কুটিৰ শিল্পক উদ্যোগ বুলি নহয় , সংগ্ৰাহলয়ৰ সম্পদ বুলিহে চাই ৷ 




উন্নয়নৰ বাবে ব্যৱস্থা:



কুটিৰ শিল্পৰ উন্নতিৰ বাবে কুটিৰ শিল্পত আধুনিকৰণৰ প্ৰয়োজনীয়তা আছে ৷ আধুনিকৰণৰ বাবে যথেষ্ট মুলধনৰ প্ৰয়োজন , লগতে প্ৰশিক্ষণৰো প্ৰয়োজন আছে ৷ যাৰ বাবেই চৰকাৰে গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰিব লাগিব ৷ 



কুটিৰ শিল্পৰ নিবনুৱা সমস্যাৰ সমধানৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ৷ কিয়নো এই শিল্পসমূহৰ লগত জডিত ব্যক্তি সকলে নিজে স্বাৱলম্বী হব পাৰে ৷



বৰ্তমান সময়তো কুটিৰ শিল্পৰ ভৱিষ্যত শেষ হৈ যোৱা নাই ৷ আমি সকলোৱে এই কুটিৰ শিল্পক পুনৰুদ্ধাৰ আৰু উন্নতিৰ হকে প্ৰয়োজনীয় পদক্ষেপ হাতত লব পাৰো ৷ 



শুৱালকুছিৰ ভিতৰতে পাট-মূগাৰ কাপোৰ আৱদ্ধ নাৰাখি অসমৰ নানান ঠাইলৈ ইয়াক লৈ যোবাৰ ব্যৱস্থা কৰিব পাৰি ৷ সৰ্থেবাৰীৰ কাহ-পিতল আমি সৰ্থেবাৰীৰ বাহিৰেও আন ঠাইত নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰো ৷ 



আমি যদি সকলোৱে হাতে কামে লাগো তেন্তে নিশ্চয় আমি অসমৰ কুটিৰ শিল্পক আৰু আগুৱাই লৈ যাৱ পাৰিম ৷ সেয়েহে আমি শিল্পমুখী হব লাগিব , লগতে আমি নিজেও স্বাৱলম্বী হব পাৰিম ৷ 



চৰকাৰী চাকৰীৰমূখী নহৈ যদি আমি কুটিৰ শিল্পৰ মূখী হও তেন্তে নিশ্চয় কুটিৰ শিল্প আমাৰ মাজত বাছি থাকিব ৷ যাৰ জৰিয়তে আমি নিজৰ লগতে আমাৰ অসম দেশখনকো আৰ্থিক ভাবে আগুৱাইলৈ যাব পাৰিম ৷



'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি 

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.