My Favourite Book In Assamese | মোৰ প্ৰিয় গ্ৰন্থ-জীৱনৰ বাটত | Jibonor batot Assamese novel | Birinchi Kumar Barua Essay | EduAssams.com



মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত





 জীৱনৰ বাটত



ভূমিকা


পুথি অধ্যয়নে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে ৷ কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম ৷ খাদ্য, বস্ত্ৰ, বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱেই হল পুথি অধ্যয়ন ৷ কাৰণ পঢ়া-লিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনে আগবাঢ়ি গৈছে ৷ পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ ৷ পাঠ্য পুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছো ৷ মোৰ প্ৰিয় গ্ৰন্থ হল ''জীৱনৰ বাটত" ৷



গ্ৰন্থখনৰ পৰিচয় আৰু কাহিনীভাগ


অসমীয়া সাহিত্যৰ কাণ্ডাৰী, বিশিষ্ট পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ নামত লিখি উলিয়াইছিল অনুপম উপন্যাস "জীৱনৰ বাটত" ৷ সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা অনুপম কাহিনীৰ সমল আছে ৷ গাৱৰ এজনী সহজ-সৰল ছোৱালী নাম তাইৰ তগৰ ৷ তাই এজন শিক্ষিত ডেকা কমলাকান্তৰ প্ৰেমত পৰিল ৷ কমলাকান্তই তাৰ বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰাংঢালী, ৰূপহী , কোমলমতীয়া তগৰ ফুলৰ দৰে তগৰক দেখি কমলাকান্ত ভোল গল ৷ বিয়াঘৰৰ উদুলি-মুদুলিৰ মাজত লাহে লাহে দুয়োৰে প্ৰেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু ভাগ্যৰ খেলা কোনে জানে ,সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল ৷ ক্ষন্তেক সময়ৰ মিলনতে অতি আবেগৰ বশৱৰ্ত্তী হৈ গোপনে আঙঠি পিন্ধাই থৈ অহা গাৱঁৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবেই পৰ হৈ গল ৷ ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ, গৌৰব, প্ৰতিপত্তিৰ চমকনিত কেৰাণীৰ লৰা কমলাকান্তই পাহৰি গল তগৰৰ কথা ৷ এনেদৰে সময়বোৰ আগবাঢ়িল ৷ সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে ক্ষন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ ৷


এই ঘটনাৰ পৰাই সলনি হৈ গ'ল সকলো ৷ বহুতো ঘাত-প্ৰতিঘাত, কষ্টেৰে পাৰ হল তগৰৰ সময় ৷ ফুলকুমলীয়া আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল ৷ চঞ্চল, মিঠামুখীয়া, সহনশীল তগৰক বয়সে টানি দিলে গহীন ওৰণি ৷ তগৰৰ পৰা তাই হৈ পৰিল ধৰণী কলিতাৰ পৰিবাৰ তগৰ কলিতানী তাই এজনী কন্যা সন্তানৰ মাক হল, নাম তাইৰ কমলিনী ৷ মূৰ পাতি ললে সাংসাৰিক দৈন্য, দুখ, অভাৱ, ৰুগীয়া স্বামীক ৷ অতি সোনকালে তগৰে স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে ৷ তথাপি বিচলিত নহৈ নিজৰ কৰ্তব্য সুকলমে কৰি গল ৷ কিন্তু বিধিৰ বিধান কোনে জানে প্ৰথমবাৰ লগ হওতেই যেনেকৈ এদিন কমলাকান্তৰ হাতত তামোল পাণৰ খুন্দাত তেজ ওলাইছিল, জীৱনৰ বিয়লি পৰতো সেই ঘটনাৰে যেন পুনৰাবৃত্তি ঘটিল ৷ বৰ্তমানৰ ৰায়বাহাদুৰৰ জোৱায়েক, ভৰা সংসাৰৰ গৰাকী কমলাকান্তৰ হাতত পৰিলহি যৌৱনৰ দিনতে তগৰক গোপনে পিন্ধোৱা আঙঠিটো ৷ চমুকৈ এয়াই হল জীৱনৰ বাটত নামৰ উপন্যাসখনৰ কাহিনীটো ৷



ভাল লগাৰ কাৰণ


অতি সহজ সৰলআৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ ৷ অসমীয়া গাৱঁৰ সমাজখনক ইয়াত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে ই উপভোগ্য হ'বই ৷ উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে , 'কাম চৰাইৰ ৰঙা ঠোঁট / তাতে দিলে দীঘল ফোট / পিতাদেউ পিতাদেউ / দূৰলৈ নিদিবি মোক ……/ ' যিয়ে গোটেই উপন্যাসখনকে প্ৰতিনিধিত্ব কৰিছে ৷ ড° বিৰিঞ্চিকুমাৰ বৰুৱাই এনেদৰে গোটেই পৰিৱেশ বৰ্ণনা কৰিছে যে চকুৰ আগত স্পষ্ট হৈ পৰিছে কোনো এখন গাৱৰ পৰিৱেশ ৷ অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি ৷ কেবল কলমৰ শব্দৰে শক্তিশালী বৰ্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি "জীৱনৰ বাটত " ৷ এগৰাকী নাৰীৰ মনৰ গভীৰত বুৰ মাৰিব পৰা অনুভব শক্তি আছে লিখকৰ ৷ উপন্যাসৰ চৰিত্ৰ, সংলাপ, পৰিৱেশ ৰচনা , আৰম্ভণি, সামৰণি , উৎথান -পতন সকলো সুনিপুণ ৰূপত প্ৰকাশ হৈছে ৷ তগৰ, মৌজাদাৰ , মৌজাদাৰনী, কৃষ্ণ দত্ত , কমলাকান্ত, গাৱঁৰ মানুহবোৰ , তেওঁলোকৰ চাল -চলন সকলোৱে মোৰ মন স্পৰ্শ কৰি যায় ৷ 'ভালপোৱাই মান-অপমানৰ বিচাৰ নকৰে , বিধি -অনুষ্ঠানলৈ বাট চাব নোখোজে…' এই সংলাপটোৱে মোৰ মনত গভীৰ চা পেলাই ৷ "বোৱাৰীয়েনো ধান নেবানো, পানী নানো বুলি কোন দিনা থিয় যুজ ধৰিছে ?" তগৰৰ কষ্ট সহ্য কৰিব নোৱাৰি অনাহকত তগৰক ব্যতিব্যস্ত কৰা মাকক ধৰণীয়ে কোৱা কথাষাৰে তগৰৰ দুৰ্দশাৰ কথাকে সংলাপ ৰূপত বৰ্ণনা কৰিছে ৷ গাৱত ভাল -বেয়া , সৰল- কুটিল সকলো ধৰণৰ মানুহ থাকে, যাক যাক সুন্দৰ ৰূপত প্ৰকাশ কৰা হৈছে ৷ আৰম্ভনীতে কমলাকান্তৰ হাতৰ বটাৰ খুন্দাত কপালৰ তেজ ওলাই যোৱাটোৱেই শেষত গৈ কমলাকান্তই তগৰক দিয়া মৰ্মান্তিক আঘাতৰ কথাকে বুজালে ৷ কাহিনীৰ, চৰিত্ৰৰ উৎথান-পতনৰ সাবলীল বৰ্ণনাই মোক অভিভূত কৰি তোলে ৷ 



সামৰণি


অসমৰ লোক -সংস্কৃতিৰ ক্ষেত্ৰতো অসীম অবদান দিয়া বৰুৱাৰ 'জীৱনৰ বাটত' উপন্যাস অসমীয়া সাহিত্যৰ ভৰালৰ আপুৰুগীয়া সম্পদ ৷ উপন্যাস খনৰ প্ৰতিটো অধ্যায়তে অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালোত্তীৰ্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে ৷ 


এই উপন্যাসখন এবাৰ পঢ়াৰ পিছত , পুনৰবাৰ পঢ়িবৰ বাবে মন যায় ৷ উপন্যাসখনৰ পাতে পাতে পোৱা অনবদ্য সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি আকৰ্ষণ কৰি ৰাখিব আৰু ৰাখিছে ৷


> 'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

2 comments:

  1. জীৱনৰ বাটত কিতাপখনৰ pdf পাম নেকি ?

    ReplyDelete
    Replies
    1. ক্ষমা কৰিব ৷ মোৰ হাতত উপলব্ধ নাই ৷

      Delete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.