ণত্ব বিধি ষত্ব বিধি উদাহৰণ | ণত্ব বিধান ষত্ব বিধান | অসমীয়া ব্যাকণ | EduAssams.com


ণত্ব বিধি আৰু ষত্ব বিধি



ণত্ব বিধি : 


যি বিধিৰ মতে দন্ত্য ন-ই মূৰ্দ্ধন্য ণ-ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলে ৷ ণত্ববিধিৰ বহু কেইটা নীতি আছে ৷ তলত সেইবোৰ আলোচনা কৰা হল ৷


  • এটা পদৰ ভিতৰত ঋ, ৰ, ষ-ৰ পিছত দন্ত্য 'ন' থাকিলে সি মূৰ্দ্ধন্য 'ণ' হয় ৷ যেনে :- ঋণ , তৃণ, কাৰণ , অৰুণ , কৃষাণ , বৰষুণ , বৰ্ণ ৷


ওপৰত উদাহৰণ দিয়া শব্দবিলাকৰ ণ বিলাকত অসমীয়া উচ্চাৰণমতে কোনো স্বৰ যোগ নাই ৷ কিন্তু সংস্কৃত উচ্চাৰণমতে অ যোগ আছে ৷ ণত্ববিধিত শব্দৰ সংস্কৃত উচ্চাৰণ ধৰা হয় ৷


  • ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ, বা য , ৱ, হ বা ং অনুস্বাৰ থাকিলেও ন মূৰ্দ্ধন্য ণ হয় ৷ যেনে:- কৃপণ, গ্ৰহণ, ব্ৰাক্ষণ, ৰাৱণ , নাৰায়ণ, প্ৰণালী আদি ৷


  • অসমীয়া শব্দত ঋ, ৰ, ষ-ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ-ৰ বাদে আন স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্দ্ধন্য ণ নহয় ৷ যেনে:- ৰইনা, বৰিয়নি , ফেৰেঙনি , গেৰেকনি ৷


  • অসমীয়া স্ত্ৰী প্ৰত্যয় নী-ৰ ন  মূৰ্দ্ধন্য ণ নহয় ৷ যেনে:- বৰানী , বৰুৱানী , কমাৰনী , কুমাৰনী , গৰাকিয়নী ৷


  • দুটা ভিন ভিন শব্দ গোট খাই এটা হলে, আগৰ শব্দটোত ঋ, ৰ, ষ থাকিলেও পিছৰ শব্দৰ ন মূৰ্দ্ধন্য ণ নহয় ৷ যেনে:- দুৰ্নাম , হৰিনাম , ত্ৰিনয়ন , সৰ্বনাম আদি ৷


  • উত্তৰ, চান্দ্ৰ, পৰ আদি শব্দৰ আগত থাকিলেও পিছৰ শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ৷ যেনে:- উত্তৰ+অয়ন= উত্তৰায়ণ, চান্দ্ৰ+অয়ন= চান্দ্ৰায়ণ ,          পৰ+অয়ন= পৰায়ণ ৷


  • দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হলে , আগৰ শব্দত ঋ, ৰ, বা ষ থাকিলেও পিছৰ শব্দৰ ন মূৰ্দ্ধন্য হয় ৷ যেনে:- শূৰ্পণখা , ক্ষৌহিণী ৷


  • আম্ৰ আদি শব্দ আগত থাকিলে বন শব্দৰ ন মূৰ্দ্ধন্য হয় ৷ যেনে:- আম্ৰবণ ৷


  • পদৰ শেষত থকা ন্ (হসন্ত ন) , ঋ , ৰ, ষ-ৰ পিছত থাকিলেও মূৰ্দ্ধন্য নহয় ৷ যেনে:- নৰান্ , ব্ৰক্ষ্মচাৰিন্ ৷ 


  • ত-বৰ্গৰ কোনো আখৰৰ লগত যোগ হলে ঋ, ৰ, ষ-ৰ পিছত থাকিলেও ন মূৰ্দ্ধন্য নহয় ৷ যেনে:- ৰান্ধন , বৃন্দাবন ৷


  • ট-বৰ্গৰ আখৰৰ লগত যোগ হলে ন সদায় মূৰ্দ্ধন্য হয় ৷ যেনে:- কণ্টক , পিণ্ড , মুণ্ড , কণ্ঠ ৷


  • পূৰ্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে পিছৰ অহ্ন শব্দৰ ন মূৰ্দ্ধন্য হয় ৷ যেনে:- পূৰ্বাহ্ণ , পৰাহ্ণ , অপৰাহ্ণ ৷


  • বিদেশী শব্দত বা নামত ণত্ব বিধিৰ নিয়ম প্ৰয়োগ নহয় ৷ যেনে:- কোৰান , হীৰেন , ইউৰেনাছ ৷


  • কিছুমান শব্দৰ ন স্বভাৱতে মূৰ্দ্ধন্য হয় ৷ সেইবোৰ হল:- বাণিজ্য , ঘূণ , কণ , বণিক , গণ , শণ , বাণী , বাণ , কল্যাণ , বীণা , গৌণ , গুণ , শোণিত , লৱণ ,কোণ , মণি ৷



ষত্ববিধি :


যি নীতি বা বিধি অনুসৰি কিছুমান শব্দৰ দন্ত্য 'স' মূৰ্দ্ধন্য 'ষ' লৈ পৰিবৰ্তিত হয় , তাক ষত্ব বিধি বোলা হয় ৷ ইয়াৰ নিয়ম সমূহ তলত আলোচনা কৰা হল-


  • অ-বৰ্ণৰ বাদে আন স্বৰবৰ্ণ বা ক , বা ৰ-আগত থাকিলে প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয় ৷ যেনে:- জি + সন্ + আ = জিগীষা , মৃ + সন + উ = মুমূৰ্ষুু , শ্ৰীচৰণ + সু = শ্ৰীচৰণেষু ৷ ইয়াত সন্ প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হৈছে ৷


কিন্তু সাৎ প্ৰত্যয়ৰ স মূৰ্দ্ধন্য ষ নহয় ৷ যেনে:- ভূমিসাৎ, অগ্নিসাৎ , জনসাৎ ৷



  • ই বা উ অন্তত থকা উপসৰ্গৰ পিছত সদ্ , সিচ্, সিধ্ , নম্ আদি ধাতুৰ স মূৰ্দ্ধন্য ষ হয় ৷ যেনে:- বি-সদ্ + ঘঞ = বিষাদ ,অভি-সিচ্ + ঘঞ = অভিষেক , নি-সিধ্ + অ = নিষেধ , অভি-লস্ + ঘঞ = অভিলাষ , প্ৰতি-স্থা + ঙ = প্ৰতিস্ঠা , অনু-স্থা + ক্ত = অনুস্ঠিত ৷


  • ভূমি, গো শব্দৰ পিছত থকা স্থ শব্দৰ স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ স মূৰ্দ্ধন্য ষ হয় ৷ যেনে:- ভূমি + স্থ =  ভূমিষ্ঠ , গো + স্থ = গোষ্ঠ , যুধি + স্থিৰ = যুধিষ্ঠিৰ ৷


  • প্ৰত্যয় যোগ হলে হবস্ আৰু চক্ষুস্ শব্দৰ স্ মূৰ্দ্ধন্য ষ হয় ৷ যেনে:- হবিস্ + ষ = হবিষ্য , চক্ষুস্ + অ = চাক্ষুষ ৷


  •  ঋ-কাৰৰ পিছত থকা দন্ত্য 'স' মূৰ্দ্ধন্য 'ষ' হয় ৷ যেনে:- ঋষি , কৃষ্ণ , সংঘৰ্ষ ৷


  • ট আৰু ঠ-ৰ সৈতে যুক্ত হলে দন্ত্য স মূৰ্দ্ধন্য ষ হয় ৷ যেনে:- কষ্ট , ওষ্ঠ , ষষ্ঠ , দুষ্ট ৷


  • এনেকুৱা বহু শব্দৰ স স্বভাৱতে মূৰ্দ্ধন্য ষ হয় ৷ সেইবোৰ তলত দিয়া হল -


ৰোষ , ভাষা , মহিষ , বৰ্ষা , কৰ্ষণ , পুৰুষ , ঘৰ্ষণ , পাষাণ , ভিষক , ঔষধ , বিশেষণ , ষোড়শ , তুষাৰ , আষাঢ় , মূষিক , বিশেষ্য , মেষ , ঈষৎ , ভীষ্ম , বিষ , পোষণ ৷



'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি 

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ




ণত্ব বিধি মানে কি?

যি বিধিৰ মতে দন্ত্য ন-ই মূৰ্দ্ধন্য ণ-ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলে ৷


ষত্ব বিধি মানে কি?

যি নীতি বা বিধি অনুসৰি কিছুমান শব্দৰ দন্ত্য 'স' মূৰ্দ্ধন্য 'ষ' লৈ পৰিবৰ্তিত হয় , তাক ষত্ব বিধি বোলা হয় ৷



মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন , যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

2 comments:

  1. Pdf দিলে ভাল আছিল। কেবাটাও ছাইট চালো কিন্তু প্ৰায় সকলো বোৰেই ৰচনা বিচিত্ৰা ৰ পৰা কপি কৰিছে। আপোনাৰ বোৰ নহয়।

    ReplyDelete
    Replies
    1. আপোনাক অশেষ ধন্যবাদ ৷ আগলৈও এনেদৰেই সহাৰি পাম বুলি আশা থাকিল ৷

      Delete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.