ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি ? | Class 10 essay of covid-19 in Assamese | What is coronavirus in Assamese | ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯ ৰচনা | Covid 19 essay in Assamese language | EduAssams.com





ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯



which causes the coronavirus in assamese,ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি,Class 10 essay of covid-19 in Assamese,Assamese,covid-19 assamese,coronavirus ৰচনা,
Coronavirus in Assamese



আৰম্ভণি : 

সম্প্ৰতি COVID-19 (Corona virus disease  2019) এটা আন্তৰ্জাতিক ত্ৰাস হিছাপে পৰিগনিত হৈছে ৷ বহু বছৰ আগতে SARS-CoV-২ (Severe acute respiratory syndrome corona virus 2) নামৰ মহামাৰীৰ উৎপত্তি হৈছিল ৷ এই মহামাৰীৰ বাবেও একপ্ৰকাৰৰ ক'ৰনা ভাইৰাছে আছিল দায়ী ৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে ক'ৰনা ভাইৰাছক মহামাৰী ৰোগ হিছাপে ঘোষণা কৰিছে ৷ ক'ৰনা ভাইৰাছ বহু সুক্ষ্ম কিন্তু প্ৰভাৱশালী ভাইৰাছ ৷ ক'ৰনা ভাইৰাছ মানুহৰ মূৰৰ এডাল চুলিৰ তুলনাত ৯০০ গুণে সৰু, কিন্তু ক'ৰনা  সংক্ৰমণ গোটেই বিশ্বতে বহু বেগেৰে বিয়পি আছে ৷ যাৰ বাবে প্ৰতিদিনে লক্ষ লক্ষ মানুহ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছে ৷ কোৱা হয় যে এই ভাইৰাছ বতাহৰ মাধ্যমেৰে বিয়পি আছে ৷ বৰ্তমান এই মহামাৰী গোটেই বিশ্বতে ক্ষিপ্ৰতাৰে বিয়পি আছে ৷ যাৰ ফলত অধিক মাত্ৰাত মানুহৰ মৃত্যু হব ধৰিছে ৷ সেইবাবেই আমি এই মহামাৰীৰ পৰা সুৰক্ষিত। হবলৈ এনেকুৱা ঔষধ নিৰ্মাণ কৰিব লাগিব যিয়েই এই ভাইৰাছক গুৰিৰ পৰা ধংস কৰিব পাৰে ৷



* ক'ৰনা ভাইৰাছৰ জন্ম :-


এনেকৈ কোৱা হয় যে ক'ৰনা ভাইৰাছৰ উৎপত্তি চীনৰ এখন চহৰ ৱুহান (Wuhan) চহৰত হৈছিল ৷ পৃথিৱীৰ সৰ্বপ্ৰথম ক'ৰনা ভাইৰাছৰ ৰোগী এইখন চহৰতেই পাইছিল ৷ 


ইয়াৰ কাৰণ এইটোৱেই যে এই ৱুহান চহৰত বিভিন্ন  প্ৰজাতিৰ পশু-পক্ষীৰ মাংস বিক্ৰী হৈছিল ৷ যি এটা হৃদয় বিদাৰক কথা আছিল ৷ তাৰে বিজ্ঞানী সকলৰ মতে এই পশু-পক্ষী বিক্ৰী কৰা বজাৰখনত বাদুলিৰ প্ৰজাতি ক'ৰনাত সংক্ৰমিত হৈছিল ৷ 


যাৰ মাংস খোৱাৰ ফলত এই ভাইৰাছ বহু বেগেৰে মানুহৰ দেহলৈ বিয়পি গল ৷ আনহাতে কিছুমানে এনেকৈয়ো কয় যে সেইখন চহৰতে থকা এটা সংস্থা ,যাৰ নাম wuhan institute of virology ,য'ত এই ভাইৰাছৰ ওপৰত পৰীক্ষা হৈ আছিল ৷ ইয়াৰ পৰাই এই ভাইৰাছৰ সুত্ৰপাত ঘটে বুলি বিভিন্নজনে মন্তব্য কৰে ৷ কিন্তু এতিয়ালৈকে তাৰ কোনো সঠিক প্ৰমাণ পোৱা নাযায় ৷ 



* ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি ? 



which causes the coronavirus in assamese,ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি,Class 10 essay of covid-19 in Assamese,Assamese,covid-19 assamese,coronavirus in Assamese?,
ক'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি ?


ক'ৰনা ভাইৰাছ (CoV)ৰ সম্বন্ধ ভাইৰাছৰ এনেকুৱা পৰিয়ালৰ লগত আছে, যাৰ সংক্ৰমনৰ ফলত চৰ্দি , উশাহ লোৱাত কষ্ট আদি সমস্যা হব পাৰে ৷ এই ভাইৰাছক আগতে কেতিয়াও দেখা নাছিল ৷ এই ভাইৰাছৰ সংক্ৰমন পোনপ্ৰথমবাৰৰ বাবে ডিচেম্বৰ মাহত চীনৰ ৱুহান (Wuhan) চহৰত আৰম্ভ হৈছিল ৷ WHO ৰ মতে জ্বৰ, কাহ , উশাহ লোৱাত কষ্ট ইয়াৰ লক্ষন ৷ এতিয়ালৈকে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পৰা কোনো ঔষধ ওলোৱা নাই ৷


এই ভাইৰাছৰ ফলত জ্বৰ, চৰ্দি , কাহ , উশাহ লোৱাত কষ্ট, দিঙিৰ সমস্যা আদিৰ দৰে সমস্যাৰ সৃষ্টি হব পাৰে ৷ এই ভাইৰাছ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি যায় ৷ সেইবাবেই আমি বহুতো সাৱধানতা অৱলম্বন কৰিব লাগে ৷ এই ভাইৰাছ ডিচেম্বৰ মাহত পোনপ্ৰথমবাৰৰ বাবেই ধৰা পৰিছিল ৷ 


ক'ৰনা ভাইৰাছ এতিয়া চীনত ইমান বেগেৰে বিয়পা নাই, যিমান বেগত পৃথিৱীৰ অন্যান্য দেশ সমূহত বিয়পি আছে ৷ ক'ভিড-১৯ নামৰ এই ভাইৰাছ এতিয়ালৈকে ৭০ তকৈ অধিক সংখ্যক দেশত বিয়পি গৈছে ৷ ক'ৰনা সংক্ৰমনৰ বাঢি অহা বিপদৰ প্ৰতি লক্ষ্যৰাখি আমি সাৱধান হোৱা উচিত ,যাৰ জৰিয়তে আমি ইয়াক বিয়পোৱাৰ পৰা ৰখাব পাৰিম ৷ 



* এই বেমাৰৰ লক্ষণ কি ?


ক'ভিড-১৯/ ক'ৰনা ভাইৰাছত প্ৰথমে জ্বৰ হয় ৷ ইয়াৰ পিছত শুকান কাহ আৰু একসপ্তাহমানৰ পিছত উশাহ লোৱাত কষ্ট হবলৈ আৰম্ভ কৰে ৷ 


এই লক্ষণ সমূহে কিৱল মাত্ৰ এইটোৱে প্ৰতিপন্ন নকৰে যে আপুনি ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ক'ৰনা ভাইৰাছৰ গম্ভীৰ সমস্যা সমূহত নিমোনিয়া, উশাহ লোৱাত বহুত বেছি সমস্যা, কিডনী বিফল আৰু মৃত্যুয়ো হব পাৰে ৷ বৃদ্ধলোক বা যাৰ আগৰে পৰা অস্থামা, মধুমেহ বা হাৰ্টৰ ৰোগ আছে, সেই সকলৰ বাবে এই ৰোগ গম্ভীৰ হব পাৰে ৷ 


ই এটা জটিল সংক্ৰমণাত্মক ৰোগ যাক আমি সহজে দেখা নাপাও ৷ ভাৰতবৰ্ষত এই সংক্ৰমণ প্ৰথমবাৰ ফেব্ৰুৱাৰী ২০২০ ত পোৱা গৈছিল ৷ 



* যদি ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হও- 


বৰ্তমান সময়ত ক'ৰনা ভাইৰাছৰ কোনো চিকিৎসা নাই ,কিন্তু ৰোগৰ লক্ষণ কম কৰিবৰ বাবেই ঔষধ যোগান ধৰা হৈছে ৷ 


যেতিয়ালৈকে আপুনি সুস্থ নহয়, তেতিয়ালৈকে আপুনি অন্যলোকৰ পৰা দুৰত্ব বজাই ৰাখক ৷


ক'ৰনা ভাইৰাছৰ চিকিৎসাৰ বাবে ভেকচিন প্ৰস্তুতৰ কাম চলি আছে ৷


আপোনাৰ মুখ আৰু নাক ভালদৰে মাস্কেৰ ঢাকি ৰাখক ৷




* ক'ৰনাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ?


স্বাস্থ্য মন্ত্ৰালয়ে ক'ৰনাৰ পৰা ৰক্ষা পোৱাৰ বাবেই বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে ৷


এই ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ কোনো ঔষধ বৰ্তমানলৈ ওলোৱা নাই ৷ কিন্তু এই ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ কিছুমান উপায় আছে ৷ 


তেওঁলোকৰ মতে ঘনেঘনে হাত চাবোনেৰে ধোব লাগে ৷


এলকহলিক hand sanitizer spray ব্যৱহাৰ কৰিব লাগে ৷


ঘৰৰ পৰা বাহিৰলৈ গলে মাস্ক ব্যৱহাৰ কৰিব লাগে ৷


সময়ে সময়ে অতি কমেও ২০ চেকেণ্ডলৈ নিজৰ হাতখন ভালদৰে ধুব লাগে ৷


বহুত বেছি প্ৰয়োজনতহে ঘৰৰ পৰা বাহিৰত ওলাব লাগে ৷ 


সদায় বাহিৰৰ পৰা ঘৰত আহোতে হাত 60% এলকহলিক যুক্ত hand sanitizer ৰে হাত ধোব লাগে ৷ 


কাহোতে আৰু হাচি মৰাৰ সময়ত মুখ খন ভালদৰেই ৰুমালেৰে ঢাকি ধৰিব লাগে ৷


যিসকল ব্যক্তিৰ জ্বৰ বা ফ্লুৰ লক্ষণ আছে সেই ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে ৷


বনৰীয়া জীৱ-জন্তুৰ পৰা দূৰত থাকিব লাগে ৷


সদায় নিজৰ ঘৰ খন পৰিস্কাৰ কৰি ৰাখিব লাগে ৷



* মাস্ক কোনে আৰু কেনেকৈ পিন্ধিব লাগে  ?


যদি আপুনি সুস্থ তেন্তেই আপোনাক মাস্কৰ কোনো প্ৰয়োজন নাই ৷


যদি আপুনি ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কোনো ব্যক্তিক চোৱা-চিতা কৰি আছে তেন্তে আপুনি মাস্ক পিন্ধিব লাগিব ৷


যিসকল ব্যক্তিৰ জ্বৰ, কফ বা উশাহ লোৱাত সমস্যা হৈছে তেওঁলোকে মাস্ক পিন্ধাতো নিত্যান্তই জৰুৰী আৰু অতি সোনকালেই চিকিৎসকৰ ওচৰলৈ যাব লাগে ৷ 



* মাস্ক পিন্ধাৰ সঠিক পদ্ধতি-


মাস্কখনত সন্মুখতৰ পৰা হাত লগাব নালাগে ৷


যদি ভূলতে হাতখন লাগি যায় তেন্তেই অতি শিঘ্ৰেই হাত ধোব লাগে ৷


মাস্কখন এনেদৰেই পিন্ধিব লাগে যাতে আপোনাৰ নাক আৰু  মুখৰ সম্পূৰ্ণ অংশ ঢাক খাই যায় ৷


মাস্কখন খোলাৰ সময়ত মাস্কৰ লাস্টিক বা ফিতাত ধৰিহে খুলিব লাগে ৷ মাস্কখন চুব নালাগে ৷


প্ৰতিদিনে মাস্ক খন সলনি কৰিব লাগে ৷




* ক'ৰনাৰ ভয়াবহতা কেনেদৰে কম কৰিব পাৰি ?


ক'ৰনাৰ লগত মিল থকা ভাইৰাছ সমূহ কাহ আৰু হাচি আদিৰ দ্বাৰা বিয়পে ৷


নিজৰ হাতখন ভালদৰে ধোৱক ৷


কাহোতে বা হাচি মাৰোতে নিজৰ মুখ খন ঢাকি লওক ৷


হাতখন যদি পৰিস্কাৰ নহয় তেন্তে চকু, নাক আৰু মুখ নোচোৱ ৷




ক'ৰনাৰ সংক্ৰমণ বিয়পোৱাতো  কেনেকৈ ৰোধ কৰিব পাৰি ?


সাৰ্বজনিক বাহন যেনে- বাছ, ৰেলগাড়ী , অটো বা টেক্সি আদিত যাত্ৰা নকৰি ৷


ঘৰলৈ আলহী আদিক নামাতি ৷


ঘৰৰ লাগতিয়াল বস্তু অন্য কাৰোৱাৰ দ্বাৰা কিনি আনি ৷


অফিচ, স্কুল বা সাৰ্বজনিক ঠাইলৈ নাযাব ৷


জৰুৰীকালীন অবস্থাত যদি বাহিৰলৈ যাব লগা হয় তেন্তে সামাজিক দূৰত্ব মানি চলক ৷ 


বেলেগ বেলেগ ৰুমত থাকক আৰু পাকঘৰ, বাথৰুম বাৰে বাৰে চাফ কৰক ৷


১৪ দিনলৈ এনেদৰে থাকক যাৰ দ্বাৰা সংক্ৰমণৰ পৰা ৰক্ষা পাব ৷


যদি আপুনি সংক্ৰমিত ঠাইত গৈছে বা কোনো সংক্ৰমিত ব্যক্তিৰ সম্পৰ্কত আহিছে তেন্তে আপুনি অকলে থাকক ৰুমত ৷ 



সামৰণি :-


প্ৰায় ১৮ বছৰ আগতে SARS (Severe acute respiratory syndrome) ভাইৰাছৰ ভয়াবহ ক'ৰনা ভাইৰাছৰ দৰেই আছিল ৷ ২০০২-০৩ চনত SARS ভাইৰাছৰ বাবেই গোটেই বিশ্বত ৭০০জন মানুহতকৈয়ো  অধিক মানুহৰ মৃত্যু ঘটিছিল ৷ গোটেই বিশ্বৰ প্ৰায় ১০০০ মানুহ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল ৷ ক'ভিড-১৯ ৰ সংক্ৰমণ ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ১৮০ খন দেশ ইয়াৰ দ্বাৰা  প্ৰভাৱিত হৈছে ৷  আনহাতে এতিয়ালৈকে প্ৰায় ১ কৌটি ৩০ লাখ মানুহ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ এই ভাইৰাছৰ বাবে প্ৰায় ৫লাখ মানুহৰ মৃত্যু ঘটিছে ৷ ইয়াৰ প্ৰভাৱ অৰ্থনৈতিক দিশতো বাৰুকৈয়ে পৰিছিল ৷ বিশ্বৰ প্ৰায় সকলো বৈজ্ঞানিক স্বাস্থ্য সংগঠনৰ লগত লগ লাগি এই ভাইৰাছৰ ভেকচিন বা ঔষধ প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা আছে ৷ প্ৰায় ১০০ বছৰ আগত ১৯১০ চনত হেইজা(কলেৰা) মহামাৰীৰ কাৰণে গোটেই বিশ্বতে প্ৰায় ৮ লাখতকৈও অধিক মানুহৰ মৃত্যু ঘটিছিল ৷ 


ক'ৰনা ভাইৰাছ সম্বন্ধীয় এনেকুৱা কোনো সত্য প্ৰমাণিত তথ্য এতিয়ালৈ পোৱা নাই যে ই কোনো সামগ্ৰী বা খোৱা বস্তু আদিৰ দ্বাৰা বিয়পে ৷ ক'ৰনা ভাইৰাছৰ দৰে ভাইৰাছ সমূহ মানুহৰ শৰীৰৰ বাহিৰত বেছি সময়লৈ জীৱিত থাকিব নোৱাৰে ৷ 


ক'ৰনা ভাইৰাছকলৈ মানুহৰ মনত নানান চিন্তাই দেখা দিছে ৷ মেডিকেল ষ্টোৰ সমূহত মাস্ক আৰু চেনিটাইজাৰ মাত্ৰা কমি গৈছে ,কিয়নো মানুহে ক্ষিপ্ৰতাৰে এই সামগ্ৰীৰ সমূহ ক্ৰয় কৰি আছে ৷ 


এই ভাইৰাছকলৈ ভয় খোৱাৰ কোনো আৱশ্যকতা নাই ৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়ম সমূহ পালন কৰি ইয়াৰ পৰা ৰক্ষা পাব পৰা যায় ৷


যিমান সম্ভৱ অন্য লোকৰ পৰা আতৰত থাকক আৰু সুস্থ থাকক ৷




ক'ৰনা ভাইৰাছৰ জন্ম  কেতিয়া হৈছিল ?

ক'ৰনা ভাইৰাছৰ উৎপত্তি চীনৰ এখন চহৰ ৱুহান (Wuhan) চহৰত হৈছিল ৷ পৃথিৱীৰ সৰ্বপ্ৰথম ক'ৰনা ভাইৰাছৰ ৰোগী এইখন চহৰতেই পাইছিল ৷ 



এই বেমাৰৰ লক্ষণ কি ?


ক'ভিড-১৯/ ক'ৰনা ভাইৰাছত প্ৰথমে জ্বৰ হয় ৷ ইয়াৰ পিছত শুকান কাহ আৰু একসপ্তাহমানৰ পিছত উশাহ লোৱাত কষ্ট হবলৈ আৰম্ভ কৰে ৷ 



ক'ৰনাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ?

ঘনেঘনে হাত চাবোনেৰে ধোব লাগে ৷ এলকহলিক hand sanitizer spray ব্যৱহাৰ কৰিব লাগে ৷ ঘৰৰ পৰা বাহিৰলৈ গলে মাস্ক ব্যৱহাৰ কৰিব লাগে ৷ সময়ে সময়ে অতি কমেও ২০ চেকেণ্ডলৈ নিজৰ হাতখন ভালদৰে ধুব লাগে ৷ বহুত বেছি প্ৰয়োজনতহে ঘৰৰ পৰা বাহিৰত ওলাব লাগে ৷ 


COVID-19 সম্পূৰ্ণ অৰ্থ ?

Corona virus disease  2019



ভাৰতবৰ্ষত কেতিয়া এই সংক্ৰমণ  হৈছিল ?

ভাৰতবৰ্ষত  এই সংক্ৰমণ  প্ৰথমবাৰ ফেব্ৰুৱাৰী ২০২০ ত পোৱা গৈছিল ৷ 




> 'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন , যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.