Essay on Newspaper 250 words |  বাতৰিকাকত | Newspaper Essay For Class 10 In Assamese | EduAssams.com



বাতৰি কাকত






আৰম্ভণি:-



মানুহ হল এক সামাজিক প্ৰাণী, কিয়নো মানুহৰ জ্ঞান আৰু বুদ্ধিশক্তি আছে ৷ মানুহৰ মনৰ কৌতূহলতা আৰু জিজ্ঞাসাৰ বাবে সদায় মানুহে আনৰ পৰা আৰু নিজৰ ওচৰ-পাজৰে ঘটা নানান ঘটনাসমূহৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷ সেয়েহে মানুহে নানান আহিলাৰ আৱিষ্কাৰ কৰি লৈছে ৷ বিজ্ঞানে সমস্ত বিশ্বকে সৰু কৰি পেলাইছে ৷ যোগাযোগৰ মাধ্যম সমূহৰ আৱিষ্কাৰৰ লগে লগেই গোটেই বিশ্বখন এক গোলকীয় গাওঁত পৰিণত হৈছে ৷ 



বাতৰিকাকত হল নানান খবৰ, তথ্যপাতি আদান প্ৰদান কৰাৰ এক সৰল মাধ্যম ৷ বাতৰিকাকতৰ ব্যৱহাৰ আমি আমাৰ স্থানীয়, দেশ আৰু পৃথিৱীৰ বা-বাতৰি জানিবৰ বাবে কৰো ৷ বাতৰিকাকতে আমাক সকলো দিশৰে সম্পূৰ্ণ তথ্যপাতি প্ৰদান কৰে ৷ বাতৰি কাকতৰ ভাষা অতি সহজ-সৰল হয় যাতে যিকোনো ব্যক্তিয়ে সহজে বুজি পায় ৷ বাতৰি কাকতৰ সকলো বয়সৰ লোকৰ বাবে উপযোগী ৷ 




বাতৰি কাকতে সকলো বয়সৰ লোকৰ বাবে সমল আগবঢ়াই ৷ বাতৰি কাকতৰ মূল্য ইমানেই কম যে বাতৰি কাকতত প্ৰকাশিত ভিন্ন ভিন্ন দিশৰ খবৰ সমূহৰ ক্ষেত্ৰত একোৱেই নহয় ৷ বাতৰি কাকতত ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, খেলজগত, মনোৰঞ্জনৰ জগত, ভোজন, ব্যবসায়, কৰ্মসংস্থাপন আদি সম্বন্ধীয় সকলো খবৰে প্ৰকাশিত হয় ৷বাতৰি কাকত ক্ৰয় কৰা ব্যক্তিজনে ইমানবিলাক দিশৰ খবৰ বা তথ্যসমূহ এখন বাতৰি কাকততে লাভ কৰে বাবে বাতৰি কাকতখন ক্ৰয় কৰাতো নিজৰ পইছাৰ সঠিক ব্যৱহাৰ হোৱা বুলিয়ে ভাবে ৷ 



বাতৰি কাকত হৈছে জাতিসমূহৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি ওচৰ সম্বন্ধ গঢ়ি তোলাৰ মাধ্যম পৃথিৱীৰ নিভৃততম নিবিড় কোণত সোমাই থকা লোকেও মনৰসমাজৰ সংকীৰ্ণ সীমা অতিক্ৰম কৰি বিশ্বৰ উদাৰঅসীম আকাশৰ তলত বিশাল জন-সমুদ্ৰৰ মাজত ডুব গৈ বিশ্বভ্ৰাতৃত্বৰ বান্ধোনেৰে নিজকে বান্ধি পেলায় বাতৰিকাকতৰ যোগেদি  বাতৰি কাকত আজিৰ সুসভ্য মানৱৰসুখ-দুখৰবেথা-বেদনাৰ দৈনন্দিন লগৰী বাৰ্তাদূত




উৎপত্তি:-


     

বাতৰি কাকতৰ ইতিহাস




আজিৰ পৰা প্ৰায় ৩ শতিকাৰ আগলৈকে বাতৰি কাকতৰ কোনো নাম গোন্ধই নাছিল ৷ সেই সময়ত মানুহে বা-বাতৰি প্ৰেৰণ কৰিবলৈ পাৰ চৰাই, ঘোঁৰা, কটকী, ৰাজদূত, ভ্ৰমণকাৰী, পণ্ডিত তথা ফকিৰ আদিৰ হতুৱাই খবৰ প্ৰেৰণ কৰিব লাগিছিল৷কটকী, ৰাজদূত, ভ্ৰমণকাৰী পঠাই নিজ দেশৰ অভিলাষ, যুদ্ধৰ  বাতৰি প্ৰেৰণ, বিদেশৰ বাতৰি আহৰণৰ ব্যৱস্থা কৰা হৈছিল ৷



কিন্তু সেই খবৰ গৈ পাওঁতে বহু দিন বা বহুত মাহ লাগি গৈছিল ৷ দেৱতা সকলৰ বা-বাতৰি এঠাইৰ পৰা অন্য ঠাইলৈ প্ৰেৰণ কৰাৰ কাম কৰিছিল নাৰদে ৷ তেওঁ তিনিও জগতত বাৰ্তা সমূহ প্ৰচাৰ কৰিছিল ৷ বৰ্তমান সময়ৰ নাৰদ হল বাতৰি কাকত ৷ 



বাতৰি কাকতৰ জন্ম হৈছিল ১৬০০ শতিকাত চীন দেশত  ৷ কিন্তু এইটো বাতৰি কাকতৰ একেবাৰে প্ৰাৰম্ভিক ৰূপ আছিল আৰু অতি প্ৰাছীন ব্যবস্থা আছিল ৷ 



কিন্তু বাতৰি কাকতৰ আধুনিক আৰু পৰিস্কাৰ ৰূপৰ লগতে মুদ্ৰণ ব্যৱস্থাৰ সৰ্বপ্ৰথম আৱিষ্কাৰ হৈছিল ১৭০০ শতিকাত ইউৰোপত ইটালীৰ ভেনিচ নগৰত প্ৰথম বাতৰি কাকত উদ্ভাৱন হয়সেই বাতৰি কাকতৰ নাম আছিল 'গেজেটা ইয়াৰপৰাই 'গেজেটশব্দৰ উৎপত্তি হৈছে  ৷ ইয়াৰ পিছত ই সকলোতে বিস্তাৰিত হৈ গল ৷ লাহে লাহে মানুহে বাতৰি কাকতৰ উপযোগিতাৰ বিষয়ে গম পালে আৰু অন্য দেশ সমূহতো ইয়াৰ বিস্তাৰ ঘটিল ৷ 



১৭০০ শতিকাৰ আৰম্ভনিত ইংলেণ্ডতো ইয়াৰ ব্যৱহাৰ হব ধৰিলে, তাৰ পিছত জানোবা বাতৰি কাকতৰ পাখি লাগি গল যেন ৷ লগে লগেই প্ৰত্যেক দেশৰে নাগৰিকে বাতৰি কাকত পঢ়ি ভাল লাগিব ধৰিলে, আৰু বাতৰি কাকতৰ খ্যাতি সকলোতে বিয়পি গল ৷



ভাৰতবৰ্ষ তেতিয়া দৰিদ্ৰ আৰু পৰাধীন ৰাষ্ট্ৰ আছিল, সেইবাবেই বাতৰি কাকতৰ প্ৰচলন দেৰিকৈ হৈছিল ৷ কিন্তু ১৮০০ শতিকাত ইংৰাজৰ দ্বাৰা ভাৰতবৰ্ষতো বাতৰি কাকতৰ প্ৰচলন ঘটিল ৷ কিয়নো সেই সময়ত ভাৰতবৰ্ষৰ দৰে দেশত জনসাধাৰণৰ মাজত খবৰ সমূহ প্ৰচাৰ কৰাৰ বাবে ইংৰাজৰ হাতত অন্য কোনো ব্যবস্থা নাছিল ৷ ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল 'ইণ্ডিয়া গেজেট' --১৭৪৪ চন  ইয়াৰ পাছৰপৰাই ইংৰাজী আৰু দেশীয় বিভিন্ন ভাষাত বাতৰি কাকত প্ৰকাশিত বলৈ আৰম্ভ কৰে 





বাতৰি কাকতৰ মহত্ত্ব:-




বাতৰি কাকত পঢ়াতো এক ৰুছিকৰ কাম ৷ যদি কোনোবাই বাতৰি কাকত নিয়মিতভাৱে পঢ়াৰ প্ৰতি ৰুছি ৰাখে তেন্তেই তেওঁ কোনোদিনে বাতৰি কাকত পঢ়া বন্ধ দিব নোৱাৰে ৷ বাতৰি কাকত শিক্ষাৰ্থী সকলৰ বাবেও খুবেই লাভদায়ক ৷ বাতৰি কাকত এতিয়া সকলো ভাষাৰ লোকৰ বাবেই উপলব্ধ, কিয়নো বাতৰি কাকত বিভিন্ন ভাষাত উপলব্ধ, যেনে অসমীয়া, হিন্দী, ইংৰাজী, উৰ্দু, বাংলা ইত্যাদি সকলো ভাষাতে প্ৰকাশ পায় ৷ 



কত কি ঘটিছে আৰু কোনো এখন দেশৰ বৰ্তমান গতিবিধি কেনেকুৱা, এই সমস্ত খবৰ সমূহ আমি ঘৰত বহিয়েই বাতৰি কাকতৰ মাধ্যমেৰে পাব পাৰো ৷ মানুহৰ জীৱনত যিমান খাদ্য আৰু পানীৰ মহত্ত্ব আছে, সিমানেই মহত্ত্ব বাতৰি কাকতৰো আছে ৷ সাম্প্ৰতিক সময়ত বাতৰি কাকত মানৱ জীৱনৰ এক মহত্ত্বপূৰ্ণ অংগ হৈ পৰিছে ৷ বাতৰি কাকতৰ শক্তি অসীম ৷



গনতান্ত্ৰিক শাসন ব্যৱস্থাত বাতৰি কাকতৰ মহত্ত্ব অপৰিসীম ৷ দেশ এখনৰ উন্নতি আৰু অৱনতি বাতৰি কাকতৰ ওপৰতে নিৰ্ভৰ কৰে ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো বাতৰি কাকত আৰু বাতৰি কাকতৰ সম্পাদক সমূহৰ বিশেষ ভূমিকা আছিল ৷ ৰাতিপুৱাই যেতিয়া আমি শুই উঠো আমাৰ ধ্যান সকলোতকৈ আগত বাতৰি কাকতৰ ওপৰত যায় ৷ 




যিদিনাই আমি বাতৰি কাকত নপঢ়ো , সেই দিনটো আমাৰ কিবা এটা আধৰুৱা আধৰুৱা লাগে ৷ বৰ্তমান সময়ত পৃথিৱীৰ যিকোনো প্ৰান্তৰ খবৰ মাত্ৰ কেইটামান মুহুৰ্তৰ ভিতৰতে বিজুলী গতিত বিয়পি যায় ৷ 




জনজাগৰণৰ মাধ্যম:-



বাতৰি কাকতৰ মাধ্যমত আমি কেবল বাৰ্তায়ে লাভ নকৰো, লগতে ই জনজাগৰণৰ মাধ্যম হিছাপেয়ো কাম কৰে ৷ বাতৰি কাকতে মানৱ সমাজক এক কৰাত ইন্ধন যোগায় ৷ বাতৰি কাকতে মানুহৰ নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ লগত পৰিচয় কৰাই দিয়ে ৷ 



বাতৰি কাকতৰ যোগেদি চৰকাৰৰ সেই কামসমূহৰ বিষয়ে গভীৰ ভাৱে আলোচনা কৰা হয় যিবোৰ কাম জনসাধাৰণৰ বাবে লাভদায়ক নহয় ৷ সুখৰ কথা এইটো যে মাত্ৰ দুই চাৰিখন বাতৰি কাকতক বাদ দি বাকী সকলো বাতৰি কাকতে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি আছে ৷ জৰুৰীকালীন অৱস্থাত আমাৰ দেশৰ বাতৰি কাকত সমূহে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰি আছে আৰু অত্যাচাৰৰ বিৰুদ্ধে নিৰ্ভিকভাৱে বিৰোধিতা কৰিছে ৷




অসমৰ বাতৰি কাকত:-



অসমত প্ৰথম বাতৰি কাকত প্ৰচলন কৰে খৃষ্টান মিছনেৰী সকলে আৰু সেই কাকতখন আছিল "অৰুণোদই" প্ৰকাশিত হয় ১৮৪৬ চনত তাৰ পাছৰ পৰা বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত অসমত প্ৰকাশ পাইছেঅসম বান্ধৱআসাম বিলাসিনীমৌবাঁহীজোনাকীজয়ন্তী আদি কাকত প্ৰকাশিত হয় নানা কাৰণত এই কাকতবোৰৰ প্ৰকাশ বন্ধ হৈ যায় তাৰ পাছত আৱাহনৰামধেনুপছোৱাশিশু-আলোচনী অৰুণঅকণদীপকসাদিনীয়া অসমীয়াবিহলঙনীনাম নাইমহাজাতিসাদিনীয়া জনমভূমি আদি প্ৰকাশিত হয়  



সম্প্ৰতি অসমত বাতৰি-কাকতৰ প্ৰচলন বৃদ্ধি পাইছে ৷ অসমীয়া ভাষাৰ উপৰি ইংৰাজী, বাংলা, হিন্দী আদি ভাষাতো দৈনিক বাতৰি-কাকত প্ৰকাশ পাইছে ৷ দৈনিক জনমভূমি, আজিৰ অসম, দৈনিক অসম, নতুন দৈনিক, আমাৰ অসম, অসমীয়া প্ৰতিদিন,আজি,বাতৰি, অসমীয়া খবৰ, দৈনিক জনসাধাৰণ, নতুন দিন, দৈনিক অগ্ৰদূত, নিয়মীয়া বাৰ্তা আদি দৈনিক কাকত ; অসম-বাণী, সাদিন, অগ্ৰদূত, আদি সাদিনীয়া-তিনিদিনীয়া কাকত ; প্ৰান্তিক, স্বাস্থ্যচিন্তা (স্বাস্থ্য সম্বন্ধীয়) পষেকীয়া ; গৰীয়সী, বিস্ময়, ৰহস্য, ত্ৰিশূল, মায়া, হিয়া আদি মাহেকীয়া আলোচনী এতিয়া নিয়মীয়াকৈ ওলাই আছে ৷ সেইদৰে মহিলা আলোচনী------নন্দিনী, প্ৰিয়সখী, আদিৰ নাম উল্লেখযোগ্য ৷ আলোচনী-ইংৰাজী দৈনিকৰ ভিতৰত  The Assam Tribune, The Sentinel আৰু The North-East Times -অৰ নাম উল্লেখযোগ্য ৷ 



বাতৰি কাকতৰ পৰা লাভ:-



বাতৰি কাকতে মানৱ জীৱনক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপকৃত কৰে ৷ বাতৰি কাকতে যে কেৱল মাত্ৰ আমাক দেশ-বিদেশৰ ঘটনাসমূহৰ বৰ্ণনা দিয়ে এয়ে নহয়, ই আমাক এজন সমাজৰ সজাগ ব্যক্তিৰূপেয়ো গঢ়ি তোলে ৷ লগতে ই আমাক অন্যান্য প্ৰান্তৰ খবৰ সমূহ নিৰ্ভুলকৈ আমাৰ আগত দাঙি ধৰে ৷  বাতৰি কাকতৰ উপকাৰীতাৰ সম্বন্ধে তলত উল্লেখ কৰা হল -


১/ দৈনন্দিন খবৰ সমূহৰ স্ৰোত



বাতৰি কাকতৰ মাধ্যমত প্ৰতিদিনে আমি দেশ-বিদেশৰ ৰাজনৈতিক, সামাজিক, আৰ্থিক, খেলজগত, মনোৰঞ্জন, বিজ্ঞান, বতৰৰ বতৰা , ব্যাপাৰ বানিজ্য, কৰ্মসংস্থাপনৰ আৰু অন্যান্য ঘটনাসমূহৰ খবৰ এঠাইতে একেলগে পাব পাৰো ৷ 

লগতে বাতৰি কাকত সকলো শ্ৰেণীৰ লোকে পঢ়িব পাৰে,কিয়নো ই অতি সুলভ আৰু ইয়াক যিকোনো ঠাইলৈ লৈ যাব আৰু পঢ়িব পাৰি ৷



২/ যুৱক শ্ৰেণী


যুৱ-সমাজৰ বাবেও বাতৰি কাকত বহুতে মুল্যবান, কিয়নো ইয়াৰ দ্বাৰাই তেওঁলোকে সম্পূৰ্ণ জ্ঞান লাভ কৰে লগতে চৰকাৰী, বেচৰকাৰী চাকৰিসমূহৰ নিয়োগ আদিৰ তথ্যপাতি লাভ কৰিব পাৰে ৷ 


যাৰ জৰিয়তে তেওঁলোকে সেই পদসমূহ লাভ কৰিবৰ বাবে নিজকে সাজু কৰি লব পাৰে ৷ বৰ্তমান সময়ত বাতৰি কাকতত পাঠ্যক্ৰম আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰকাশ কৰা হয়, যাৰ জৰিয়তে যুৱক-যুৱতিৰ চাকৰিত নিয়োগত সহায়ক হয় ৷ 



৩/ ব্যৱসায়ীক শ্ৰেণী 



ব্যাৱসায়ী সকলৰ বাবেও বাতৰি কাকত অধিক লাভদায়ক ৷ কিয়নো বাতৰি কাকতৰ দ্বাৰাই সৰ্বপ্ৰথমে তেওঁলোকে দেশ-বিদেশৰ আৰু স্থানীয় বজাৰ সমূহৰ দৈনন্দিন স্থিতি সম্বন্ধীয় তথ্য আহৰণ কৰিব পাৰে ৷ আনহাতে বাতৰি কাকতৰ মাধ্যমত যিকোনো ব্যৱসায়ীয়ে নিজৰ সামগ্ৰী সমূহৰ বিজ্ঞাপন দিব পাৰে, যাৰ জৰিয়তে ব্যৱসায়ত লাভান্বিত হব পাৰে ৷



৪/ বিদ্যাৰ্থী আৰু শিক্ষক শ্ৰেণী



বিদ্যাৰ্থী আৰু শিক্ষক সকলৰ বাবেতো বাতৰি কাকত জ্ঞানৰ ভাণ্ডাৰ ৷ ইয়াৰ পৰা  তেওঁলোকে প্ৰতিদিনে নতুন নতুন তথ্য আহৰণ কৰিব পাৰে ৷ যাৰ জৰিয়তে শিক্ষকে শিক্ষাৰ্থী সকলক জ্ঞাত কৰিব পাৰে দেশত কি কি গতিবিধি চলি আছে লগতে শিক্ষাৰ্থীয়েও এই গতিবিধিৰ ওপৰত নজৰ ৰাখিব পাৰে ৷



৫/ কৃষক শ্ৰেণী



কৃষক সকলৰ বাবেও বাতৰি কাকত কোনো বৰদানতকৈ কম নহয় ৷ কিয়নো বতৰৰ বতৰা বা জলবায়ুৰ সম্পূৰ্ণ খবৰ লাভ কৰিব পাৰে ৷ যাৰ জৰিয়তে তেওঁলোকে সঠিক সময় মতে শস্য সিচিব পাৰে লগতে শস্যৰ বৃদ্ধি কেনেকৈ কৰিব পাৰি গম পাব পাৰে ৷ বিশেষজ্ঞ আৰু কৃষিমন্ত্ৰালয়ৰ দ্বাৰা সময়ে সময়ে এই তথ্য সমূহ বাতৰি কাকতত প্ৰকাশ পায় ৷ যাৰ যোগেদি কৃষক সকল উপকৃত হব পাৰে ৷



৬/ সাধাৰণ শ্ৰেণীৰ বাবে 


সাধাৰণ শ্ৰেণীৰ লোকসকলৰো বিভিন্ন ক্ষেত্ৰসমূহৰ খবৰ জনাৰ  জিজ্ঞাসা থাকে ৷ সেয়েহে বাতৰি কাকত তেওঁলোকৰ মনৰ জিজ্ঞাসা দূৰ কৰাত লাভদায়ক হয় ৷ ইয়াত তেওঁলোকে ৰাজনীতি, আৰ্থিক, সাহিত্যিক, আৰু অন্যান্য সৰু ডাঙৰ ঘটনাৰ তথ্য-পাতি লাভ কৰিব পাৰে ৷ 



৭/ চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন



চৰকাৰে তেওঁলোকৰ নীতি আৰু আচনি সমূহৰ তথ্য সমূহ বাতৰি কাকতৰ মাধ্যমেৰে জনসাধাৰণৰ আগত দাঙি ধৰে ৷ জনসাধাৰণৰ নানান সমস্যাসমূহ বা জনতাৰ আহ্বান বাতৰি কাকতৰ সংবাদ দাতা সকলে বাতৰি কাকতত প্ৰকাশিত কৰি চৰকাৰৰ ওচৰত দাঙি ধৰে ৷ যাৰ জৰিয়তে চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন হয় ৷



বাতৰি কাকত সমাজৰ বাবে বহু লাভদায়ক হয় ৷ বাতৰি কাকতে পৃথিৱীত ভাতৃত্ববোধ আৰু মানৱতাৰ ভাৱনা উৎপন্ন কৰে ৷ লগতে সামাজিক ব্যাধি, অত্যাচাৰ, কু-পৰম্পৰাৰ বিৰুদ্ধে মাত মাতে ৷ ইয়াৰ লগতে বাতৰি কাকতে মানুহৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলে ৷ ইয়ে ব্যক্তিৰ স্বাধীনতা আৰু ব্যক্তিৰ অধিকাৰ সমূহৰ ৰক্ষণাবেক্ষণ কৰে ৷



নিৰ্বাচনৰ সময়ত বাতৰি কাকতে বিশেষ ভূমিকা পালন কৰে ৷ বৰ্তমান সময়ত যিকোনো প্ৰকাৰৰে শাসন ব্যৱস্থা নাথাকক কিয়, বাতৰি কাকতে নিষ্ঠা আৰু সততাৰে নিজৰ ভূমিকা পালন কৰে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিস্কনৰ বিৰুদ্ধে সংবাদ পত্ৰই জনমতৰ সৃষ্টি কৰিছিল ৷ এইদৰে সংবাদ পত্ৰৰ সম্পাদক আৰু পত্ৰকাৰে অন্যায়ৰ বিৰোধিতা কৰিবৰ বাবে নিজৰ জীৱন বলিদান বা উচৰ্গিত কৰিছিল ৷



বাতৰি কাকত হল বিভিন্ন ক্ষেত্ৰৰ লগত জডিত ঘটনা সমূহৰ সংবাদ চাৰিওপিনে প্ৰচাৰিত কৰাৰ এক শক্তিশালী মাধ্যম ৷ প্ৰতিদিনে জগতৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনাপ্ৰৱাহ, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, বেপাৰ-বাণিজ্য, শিক্ষা, সংস্কৃতি, আমোদ-প্ৰমোদ, খেলা-ধূলাৰ বা-বাতৰি ক্ষিপ্ৰগতিৰে, শুদ্ধ আৰু তথ্যভিত্তিক ভাৱে, পুংখানুপুংখকৈ পৰিৱেশন কৰিব পৰাতেই বাতৰি কাকতৰ সাৰ্থকতা ৷ কোনো ঠাইত সংঘটিত যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, অভাৱ-অনাটন আদিৰ বা-বাতৰি, জগতৰ জনমত সংগঠন, সাহায্য আদিৰ আশুসমাধানৰ ব্যৱস্থা গ্ৰহণ আদিৰ বাবে শুদ্ধ আৰু ক্ষিপ্ৰভাৱে পৰিৱেশন কৰাৰ প্ৰয়োজনীয়তা বিতৰ্কৰ ঊৰ্ধ্বত ৷




বাতৰি কাকতৰ প্ৰকাৰ:-



বাতৰি কাকতৰ বিভন্ন প্ৰকাৰ আছে ৷ বাতৰি কাকত সমূহক দৈনিক, সাপ্তাহিক, মাহেকীয়া, পষেকীয়া, বাৰ্ষিক আদি ভাগত ভাগ কৰা হয় ৷ দৈনিক বাতৰি কাকত সমূহত বিভিন্ন প্ৰকাৰৰ বাতৰি সমূহক মুখ্যস্থান দিয়া হয় ৷ অন্যান্য কাকত সমূহত সমসাময়িক বিষয় সমূহৰ ওপৰত ভিন্ন লিখকৰ লিখনি , কোনো ঘটনাৰ সমীক্ষা, কোনো বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ আদি প্ৰকাশিত হয় ৷ 




শ্ৰেণী বিভাগ:-


বাতৰি-কাকত কেইবা শ্ৰেণীৰো আছে ; বাতৰিপ্ৰধান কাকত, বাৰ্তা আৰু প্ৰবন্ধ মিশ্ৰিত কাকত আৰু আলোচনী কাকত ৷ প্ৰথম শ্ৰেণীৰ কাকতত প্ৰধানকৈ দেশ-বিদেশৰ বা-বাতৰি থাকে ৷ দ্বিতীয় বিধত বা-বাতৰিৰ বাহিৰেও বিশ্বৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, বেহা-বেপাৰ সাহিত্য, সংস্কৃতি, খেলা-ধূলা, আমোদ-প্ৰমোদ সম্বন্ধীয় প্ৰবন্ধ আদিও প্ৰকাশিত হয় ৷ শেষৰ বিধত বিভিন্ন বিষয়ৰ প্ৰবন্ধ-পাতি, গল্প, কবিতা, উপন্যাস আদি প্ৰধানকৈ প্ৰকাশিত হয় ৷ অসমীয়া বাতৰি কাকত, বাৰ্তালোচনী আৰু আলোচনীৰ নাম ওপৰত উল্লেখ কৰা হৈছে ৷ ভাৰতত বৰ্তমান প্ৰায় ন হাজাৰ বিভিন্ন শ্ৰেণীৰ বাতৰি-কাকত প্ৰকাশিত হৈ আছে ৷




বাতৰি কাকতৰ পৰা হানি:-




বাতৰি কাকতৰ পৰা যিমান লাভ হয় আনহাতে সিমানেই ক্ষতিয়ো হয় ৷ বাতৰি কাকত সীমিত বিচাৰ ধাৰাতে বন্ধ থাকে ৷ দেখা যায় যে প্ৰায়ে পুজিপতি লোকসকলে এই সংবাদ পত্ৰ সমূহৰ মালিক ৷ কিছুমান সংবাদ পত্ৰইতো চৰকাৰী নীতিসমূহৰ পক্ষপাতিত্ব আৰু প্ৰশংসা কৰে ৷ 


কিছুমান এনেকুৱা বাতৰি কাকত আছে যাৰ একমাত্ৰ উদ্দেশ্যই হল চৰকাৰৰ বিৰোধিতা কৰা ৷ বাতৰি কাকতে কেতিয়াবা মিছা আৰু অনৰ্থক সংবাদো প্ৰকাশিত কৰা আৰম্ভ কৰি দিছে ৷ 



যিসকল সমাজৰ প্ৰভাৱশালী আৰু দুৰ্নীতিগ্ৰস্ত লোকৰ প্ৰভাৱত আহি তেওঁলোকৰ  বিৰুদ্ধে বাতৰি কাকতে একো  নিলিখে ৷ ইয়াৰ বাবে সমাজত ভ্ৰষ্টাচাৰ আৰু অন্যায় বাঢ়ি গৈছে ৷ কিছুমান বাতৰি কাকত পুজিপতি লোকৰ সম্পত্তি হৈ পৰিছে ৷ তেনেকুৱা বাতৰি কাকতৰ পৰা ন্যায়, মংগল আৰু সত্যতাৰ কোনো আশা কৰিব নোৱাৰি ৷ 



যেতিয়াই বাতৰিকাকতে নিৰপেক্ষ ভূমিকা জলাঞ্জলি দি ব্যক্তি বা দল বিশেষৰ জয়গান গোৱাত ব্যস্ত হয়, তেতিয়াই মানৱ সমাজ অৱহেলিত হয়,শোষণৰ অবাধ ৰাজত্বই মানৱ সমাজ দুখ জৰ্জৰ কৰি তোলে ; নিৰীহ, মূক, মৌন কোটি কোটি জনতাই তেতিয়া সমাজত ন্যায় প্ৰতিষ্ঠাৰ কাৰণে স্ৰষ্টাৰ ওচৰত নীৰৱে চকুলো  টুকি  প্ৰাৰ্থনা কৰাৰ বাহিৰে গত্যন্তৰ নাথাকে ৷


কিছুমান সম্পাদক আৰু সংবাদ দাতা ধনী তথা ৰাজনৈতিক নেতাৰ হাতত বিক্ৰী হৈ উলট-পালট বাতৰি প্ৰকাশ কৰি জনসাধাৰণক পথভ্ৰষ্ট কৰি আছে ৷ বাতৰি কাকত সমূহে কেতিয়াবা চৰকাৰৰ শুদ্ধ নীতি সমূহক ভূল পদ্ধতিৰে প্ৰকাশ কৰি জনতাক ভ্ৰমিত কৰিছে ৷ অশ্লীল বিজ্ঞাপনৰ দ্বাৰা মানুহৰ মনবোৰক, বিশেষকৈ সৰু লৰা-ছোৱালীৰ মনত কুৎসিত ভাৱনাৰ উৎপন্ন সৃষ্টি কৰিছে ৷ কিছুমান বিজ্ঞাপনতো জনসাধাৰণক ঠগিবলৈ দিয়া হয় ৷ 



বাতৰি-কাকত গণতান্ত্ৰিক দেশৰ সদা-জাগ্ৰত প্ৰহৰী ৷ দেশৰ শাসনতন্ত্ৰৰ গঠন, শাসন-প্ৰণালী, চৰকাৰে গ্ৰহণ কৰা নতুন নতুন নীতি, নতুন আইন-কানুন গ্ৰহণ কৰা ব্যৱস্থাৱলী আদিৰ বিষয়ে দেশৰ জনগণক অৱগত কৰোৱাটো বাতৰি-কাকতৰ কৰ্তব্য ; জৰুৰী আইন প্ৰৱৰ্তনৰ সময়ত, যুদ্ধ-বিগ্ৰহ, অন্তৰ্বিপ্লৱ, বিদ্ৰোহ, অশান্তি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ সময়ত ডাঁৰৰ বাতৰি ডাঁৰে ৰাইজক জনোৱা একান্ত কৰ্তব্য ৷ তদুপৰি আইন-প্ৰণয়নৰ সময়ত, কোনো নতুন নীতি গ্ৰহণৰ সময়ত যেতিয়া জনগণৰ মতামতৰ প্ৰয়োজন হয়, তেতিয়া সঠিক আৰু শুদ্ধভাৱে ৰাইজৰ মতামত চৰকাৰক অৱগত কৰোৱাৰ ক্ষেত্ৰত বাতৰি কাকতে অতিশয় ক্ষিপ্ৰভাৱে বাতৰি পৰিবেশন কৰাৰ প্ৰয়োজন ৷





সামৰণি:-



যিটো বস্তু যিমানেই মহত্ত্বপূৰ্ণ হয় সিমানেই তাৰ দায়িত্বয়ো অধিক হয় ৷ বাতৰি কাকত সদায় স্বতন্ত্ৰ, নিৰ্ভিক, নিৰপেক্ষ আৰু সত্যৰ পূজাৰী হয় ৷ সমাজত চলি থকা অত্যাচাৰ, অনাচাৰ, অন্যায় আৰু অধৰ্মৰ বিৰোধিতা কৰাই হল বাতৰি কাকতৰ প্ৰধান দায়িত্ব হব লাগে ৷ 


বাতৰি কাকত হল জ্ঞানবৰ্দ্ধকৰ সাধন আৰু সেয়েহে ইয়াক নিয়মিতভাৱে অধ্যয়ন কৰিব লাগে ৷ বাতৰি কাকত অবিহনে বৰ্তমানৰ যুগ আধৰুৱা ৷ বৰ্তমান যুগত শাষক সকলে যাক ভয় কৰে সেয়াই হল সংবাদ পত্ৰ ৷ বাতৰিকাকত সমূহে যাতে তেনে কৱলৰ পৰা মুক্ত হৈ উন্মুক্তভাৱে নিৰ্ভীক, নিৰপেক্ষভাৱে জন-দেৱতাৰ সেৱাৰ মনোভাব লৈ পৱিত্ৰ দায়িত্ব পালনত অগ্ৰসৰ হয় সেয়াই  সমাজৰ কাম্য ৷





মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 



ধন্যবাদ




WWW.EDUASSAMS.COM



                                                                              HOME



1 comment:

  1. সুন্দৰ হৈছে ।মই ইয়াৰ পৰা আজি উপকৃত হ'লো।




    ধন্যবাদ ।

    ReplyDelete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.