Essay on library in Assamese | পুথি-ভঁৰাল | Write an article on library in Assamese | EduAssams.com

পুথি-ভঁৰাল





আৰম্ভণি




পুথিভঁৰাল  মানুহৰ মনত জ্ঞানৰ  সঞ্চাৰ সাধন কৰে ৷ মানুহৰ মনৰ অজ্ঞানতা নিবাৰণ কৰি শিক্ষাৰ জোৱাৰ আনে ৷ পুথিভঁৰাল হল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যোগসূত্ৰ ৷ পুথিভঁৰালত সঞ্চিত নানান গ্ৰন্থই লগতে বিভিন্ন মহান ব্যক্তিসকলৰ চিন্তাধাৰাই আমাৰ মনত শান্তি, তৃপ্তি আৰু আনন্দ প্ৰদান কৰে ৷ 


বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ সমূহ যত শৃংখলিতভাৱে আৰু সুৰক্ষিত ভাৱে ৰখা হয় সিয়েই আচলতে পুথিভঁৰাল ৷ পুথিভৰাল মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ ৷



পুথিভঁৰালে  সমাজৰ প্ৰত্যেকজন ব্যক্তিকে সাহিত্য, বিজ্ঞান, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য আদি সকলো প্ৰকাৰৰ জ্ঞানৰ সম্ভেদ দিয়ে ৷ সেয়েহে পুথিভঁৰাল মানৱ জীৱনৰ আপুৰুগীয়া সম্পদ ৷ 




পুথিভঁৰালৰ ইতিহাস



পুথিভৰালৰ ইতিহাস সুপ্ৰাচীন কালতে সৃষ্টি হৈছিল ৷ বেদ'ক পৃথিৱীৰ প্ৰাচীনতম সাহিত্য ৰূপে আখ্যা দিয়া হয় ৷ সেই সময়ত বেদ মানুহৰ মুখে মুখে চলিছিল ৷ সেইবাবেই বেদ'ৰ অন্য এটা নাম হল শ্ৰুতি ৷ সেই সময়ত স্মৰণ শক্তিয়েই আছিল জ্ঞান সংৰক্ষণৰ মাধ্যম ৷ আমাৰ দেশ ভাৰতবৰ্ষত প্ৰাচীন কালত তালপাত আৰু ভূজপত্ৰত গ্ৰন্থ লিখা হৈছিল ৷ আনহাতে অন্যান্য দেশসমূহতো শিলৰ ফলি, জন্তুৰ ছাল আদিত গ্ৰন্থ লিখাৰ সম্ভেদ পোৱা যায় ৷ 



মিচৰ দেশত 'পেপিৰাচ' নামৰ গছৰ পাত আৰু ছালত বাণীবোৰ লিপিবদ্ধ কৰা হৈছিল তাৰপৰাই ৰাজী 'পেপাৰ' শব্দৰ উৎপত্তি হয় ছপাশাল সভ্যতাৰ অন্য এক মহৎ আৱিষ্কাৰ ৷ ইয়াৰ আৱিষ্কাৰৰ দ্বাৰা গ্ৰন্থসমূহ সহজে ছপা কৰি উলিয়াব পৰা হল ৷ ছপাশালৰ আৱিষ্কাৰৰ আগত পুথিভঁৰালৰ সংখ্যা নিচেই তাকৰ আছিল ৷ 



কাকত আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পাছত পুথিভঁৰালৰ উন্নয়ন আৰু ব্যৱহাৰ দ্ৰুত হৈ আহিবলৈ ধৰে খৃষ্টীয় প্ৰথম শতিকাত ৰোম নগৰীত প্ৰথম পুথিভঁৰাল প্ৰতিষ্ঠিত হোৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে তাৰ পাছত ভাৰতচীনমিচৰতিব্বতআৰু বেবিলন নগৰত প্ৰাচীন পুথিভঁৰালৰ নিদৰ্শন পোৱা যায়  




মধ্যযুগত ভাৰতবৰ্ষৰ একো একোজন বিদগ্ধ পণ্ডিতে একো একোখন ডাঙৰ গ্ৰন্থ কণ্ঠস্থ কৰি ৰাখিছিল ৷ সেইবাবে তেওঁলোকক বোলা হৈছিল গ্ৰন্থী ৷



প্ৰাচীন কালৰেপৰাই হিন্দুৰ দেৱমন্দিৰবোৰ আৰু বৌদ্ধমঠবোৰ জ্ঞান-চৰ্চাৰ কেন্দ্ৰ আছিল নালন্দা আৰু বিক্ৰমশীলাত পৃথিৱী বিখ্যাত পুথিভঁৰাল থকাৰ প্ৰমাণ পোৱা যায় বাৰাণসীতো এটি বিশাল গ্ৰন্থাগাৰ আছিল  



ভাৰতৰ কলিকতামুম্বাইদিল্লী আদি নগৰীত জাতীয় পুথি ভঁৰাল প্ৰতিষ্ঠিত হৈছে আৰু ৰাজ্যসমূহতো কেন্দ্ৰীয় পুথিভঁৰাল গঢ়ি উঠাৰ উপৰি জিলাই জিলাই পুথিভঁৰালসমূহ গঢ়ি উঠিছে  



তদুপৰি জ্ঞান-পিপাসু ৰাইজৰ উদ্যমতো গাঁৱে-ভূঞে অসংখ্য পুথিভঁৰাল প্ৰতিষ্ঠিত হৈ গাঁও-ভূঁইৰ ৰাইজেও জ্ঞান-বৰ্দ্ধনত মনোনিৱেশ কৰি উদাৰ ভাবধাৰাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী সমাজত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে



পৃথিৱীৰ কেইটামান বৃহৎ পুথিভৰালৰ নাম হল -লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম লাইব্ৰেৰী, আমেৰিকাৰ লাইব্ৰেৰী অব্ কংগ্ৰেছ, পেৰিছৰ নেচ্যনেল লাইব্ৰেৰী, ৰাছিয়াৰ লেনিন লাইব্ৰেৰী ইত্যাদি ৷




পুথিভঁৰাল শ্ৰেণী বিভাগ



পুথিভঁৰাল কেইবা শ্ৰেণীৰো আছে যেনে ৰাজহুৱা পুথিভঁৰালব্যক্তিগত পুথিভঁৰাল আৰু বিদ্যালয় আদি অনুষ্ঠানসমূহৰ পুথিভঁৰাল  



এই দুইবিধৰ পুথিভঁৰাল সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে বহুতো জ্ঞান-পিপাসুঅনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষণা আদিৰ সুবিধাৰ কাৰণে নিজাকৈ পুথিভঁৰাল প্ৰতিষ্ঠা কৰে


বিদ্যালয়ৰ পুথিভঁৰাল----বিদ্যালয়ৰ পুঁজিৰে প্ৰতিষ্ঠিত আৰু বিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয় শিক্ষকছাত্ৰ-ছাত্ৰী উভয়ৰ উপযোগী গ্ৰন্থপাঠ্যপুথি আদি বিদ্যালয়ৰ পুথিভঁৰালৰ সম্পদ উন্নত আৰু ধনী দেশসমূহত শ্ৰেণী-পুথিভঁৰালৰো ব্যৱস্থা আছেএনে পুথি ভঁৰাল সমূহত কেৱল একোটা শ্ৰেণীৰ বাবে উপযোগী পাঠ্যপুথি সমূহ ৰখা হয়বিদ্যালয়ৰ মূল পুথিভঁৰালৰ উপৰি শ্ৰেণী-পুথি ভঁৰাল সমূহ থাকে




পুথিভঁৰাল পৰিচালনাৰ নিয়ম



ৰাজহুৱা পুথিভঁৰালত সদস্য সকলকহে গ্ৰন্থ পঢ়িবলৈ দিয়া হয় একোখন গ্ৰন্থ পঢ়ুৱৈয়ে এসপ্তাহ বা অতি বেছি পোন্ধৰ দিন ৰখাৰ নিয়ম তাৰ পাছত ঘূৰাই দি পুনৰ নতুন গ্ৰন্থ নিব পাৰে  


গ্ৰন্থ হেৰুৱালে বা নষ্ট কৰিলে মূল্য আদায় দিব লাগে কিছুমান দুষ্প্ৰাপ্য আৰু বহুমূলীয়া গ্ৰন্থ পঢ়ুৱৈক ঘৰলৈ নিবলৈ দিয়া নহয় তেনে গ্ৰন্থ পুথিভঁৰালৰ পঢ়াকোঠাতে পঢ়ি বা আৱশ্যকীয় কথা টুকি লৈ ঘূৰাই দিব লাগে



যি জাতি যিমান সভ্য আৰু উন্নত আৰু সাহিত্যও যিমানে চহকী হয়,সেই জাতিৰ পুথিভঁৰালো সিমানেই চহকী হয় পুথিভঁৰাল হল সভ্যতাৰ প্ৰতীক  কাৰণএটা জাতিৰ জ্ঞান-বিজ্ঞান,ভাষা-সাহিত্যসংস্কৃতি কিমান চহকী আৰু বুৰঞ্জী কিমান গৌৰৱ-গাথাৰে ভৰপূৰপুথি ভঁৰালত সন্নিৱিষ্ট পুথিসমূহেই তাৰ পৰিচয় দাঙি ধৰে  



পুথিভঁৰালৰ দুৱাৰ জাতিবৰ্ণধৰ্মসম্প্ৰদায় নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ বাবেই উন্মুক্ত ইয়াক সাৰ্বজনীন পাঠশালা বুলি অভিহিত কৰিব পাৰি




পৰিচালকৰ দায়িত্ব



পুথিভঁৰালসমূহ সুস্থভাৱে পৰিচালনা কৰাও এটা দায়িত্বপূৰ্ণ কাম এজন পুথিভঁৰালীয়ে হাজাৰ-বিজাৰ পঢ়ুৱৈৰ উপযোগীমনোৰঞ্জক আৰু ৰুচিপূৰ্ণ গ্ৰন্থ অপ্ৰয়াসে পঢ়ুৱৈৰ সন্মুখত দাঙি ধৰিব পৰাতেই তেওঁৰ দক্ষতাৰ পৰিচয়  


পুথিবোৰ শ্ৰেণীবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে সজাই পৰাটোও এক বিৰাট নৈপুণ্যৰ পৰিচায়ক পঢ়ুৱৈৰ অভিৰুচি অধ্যয়ন কৰিব পৰাটোও একপ্ৰকাৰ কলা   




সমীক্ষাৰ যোগেদি পৰিসংখ্যা সংগ্ৰহৰ ব্যৱস্থা কৰিলে আমি এই তথ্য পাইও মুঠেই আচৰিত নহ যে বহুতো শিক্ষিত লোকে বিদ্যালয় বা মহাবিদ্যালয় সমূহত পাঠ্য হিচাপে অধ্যয়ন কৰা গ্ৰন্থৰ বাহিৰে এখনো বাহিৰা গ্ৰন্থৰ মুখ জীৱনত দেখা নাই  



মন্তব্য




পুথিভঁৰালৰ পৰা আমাৰ অশেষ উপকাৰ সাধন হয় ৷ পুথিভঁৰালত থকা বাতৰিকাকত, আলোচনী আদি পঢ়ি পঢ়ুৱৈ সকলে নানা ধৰণেৰে উপকৃত হব পাৰে ৷ ইয়াৰ জৰিয়তে পঢ়ুৱৈসকলে নিজকে সময়ৰ লগত খাপখুৱাই লব পাৰে ৷ জ্ঞানপিপাসু লোকসকলৰ জ্ঞানৰ হেপাঁহ পলুৱাবৰ বাবে বহুতো কিতাপৰ প্ৰয়োজন হয় ৷ এই আটাইবোৰ কিতাপ নিজাববীয়াকৈ যোগাৰ কৰি লোৱাটো সম্ভব নহয় ৷ সেইবাবেই তেওঁলোকক পুথিভঁৰালৰ আৱশ্যক ৷ 



পুথিভঁৰাল মানৱ জীৱনৰ পৰম আশ্ৰয় আৰু পুণ্যতীৰ্থ ৷ সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িবসিমানেই ভাষাসাহিত্যসংস্কৃতিৰ পৰিসৰ বৃদ্ধি আৰু সাহিত্যৰ ভঁৰালো সিমানেই চহকী  









মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন , যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 




ধন্যবাদ






www.eduassams.com



                                                                            Home




4 comments:

  1. technical projects:

    https://mathurapgogoi.blogspot.com/2020/06/smart-band-quarantined-people-assam.html

    ReplyDelete
  2. Please apuni Assamese beyakaron r solution bilak agborabo

    ReplyDelete
    Replies
    1. নিশ্চয়কৈ আগলৈ চেষ্টা কৰিম ৷

      Delete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.