Write About Srimanta Sankardev In Assamese | শঙ্কৰদেৱ | EduAssams.com



শংকৰদেৱ

শংকৰদেৱ,sankardev death date,educational ideas of sankardev,sankardev tithi,Assamese,sankardev books,Sankardev essay in assamese language,Sankardev biography in assamese,
শঙ্কৰদেৱ



আৰম্ভণি


যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ে তেতিয়া সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধৰ্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰোঁ ৷  এই বাণী যিদৰে ধৰ্ম-জগতৰ চিৰন্তন সত্য বুলি মানী লোৱা হৈছে, সেইদৰে ই  ইতিহাসতো সত্য ৷


মহাপুৰুষ শংকৰদেৱ কেৱল মাত্ৰ সাহিত্যিক অথবা ধৰ্ম প্ৰচাৰকে নাছিল, তেওঁ আছিল সমাজ সংস্কাৰক, দাৰ্শনিক,পৰ্যটক আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ ক্ষেত্ৰত এজন আগৰণুৱা ব্যক্তি ৷ 


তেওঁ ধৰ্ম, শিক্ষা, সাহিত্য,  সংস্কৃতিৰ বহুমুখী প্ৰতিভাৰ ছত্ৰছায়াত অসমীয়া জাতিয়ে ভেদাভেদ পৰিহৰি একতাৰ ডোলেৰে বান্ধ খাই অসমৰ বুকুত এক মহান সাম্যৰ ৰাজ প্ৰতিষ্ঠা কৰিছিল ৷ 



ধৰ্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্ৰতে নৱোন্মেষৰ সৃষ্টি কৰি অসমত নৱ-জাগৰণৰ সূচনা কৰিছিল ৷ মহাপুৰুষ জনাৰ জ্ঞান-জ্যোতিৰ পৰশে সমগ্ৰ অসম উদ্ভাসিত কৰি তুলিছিল ৷


জন্ম বংশ পৰিচয়


       ১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী গাঁৱত এইজনা মহাপুৰুষৰ আৱিৰ্ভাৱ হয় ৷ সেই সময়ত অসমৰ ৰাজসিংহাসনত আছিল চুনেফা স্বৰ্গদেউ ৷ তেওঁৰ পিতৃ কুসুম্বৰ আৰু মাতৃ সত্যসন্ধ্যা ৷ বহুবছৰ অন্ততো সত্যসন্ধাৰ কোনো সন্তান নোহোৱা দেখি কুসুম্বৰ ভূঞাই অনুধৃতি নামৰ এগৰাকী অন্য কন্যা বিয়া কৰাইছিল ৷ 



অনুধৃতিৰ গৰ্ভত এটি লৰা সন্তানৰ জন্ম হৈছিল , তাৰ নাম আছিল বনগঞাগিৰী ৷ কিন্তু ইয়াৰ আগতেই সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হয় ৷ এই ফালৰ পৰা চাবলৈ গলে শংকৰদেৱ হল বনগঞাগিৰীক ককায়েক ৷ 


শংকৰদেৱৰ জন্মৰ তিনিদিনৰ ভিতৰত শংকৰদেৱৰ মাক সত্যসন্ধাৰ মৃত্যু হয় ৷ বুঢ়িমাক খেৰশুতীয়ে শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে ৷  অসমৰ বিখ্যাত বাৰভূঞাৰ পৰিয়ালত আৱিৰ্ভাৱ হৈ শংকৰদেৱে বংশ-গৌৰৱ যাউতিযুগীয়া কৰি থৈ গৈছে ৷ দেৱাদিদেৱৰ শংকৰৰ বৰত কুসুম্বৰে এই সৰ্ব সুলক্ষণযুক্ত পুত্ৰটি লাভ কৰিছিল বাবে তেওঁৰ নাম থোৱা হৈছিল শংকৰ ৷ 



শংকৰদেৱৰ শৈশৱ  


শংকৰদেৱৰ সাত বছৰ হওতেই পিতাকৰ মৃত্যু ঘটে ৷ তাৰ কেইবছৰমান পিছতে অতি কম বয়সতে "শিৰোমণি ভূঞা "ৰ বিষয়বাব পোৱা বাবে 'ডেকাগিৰী' নামেৰেও শংকৰদেৱে প্ৰসিদ্ধ লাভ কৰিছিল ৷ কিন্তু এই বিষয়বাবৰ প্ৰতি তেওঁৰ কোনো স্পৃহা নাছিল বাবেই সেই বিষয়বাব কিছুদিন পাছতে ত্যাগ কৰিছিল ৷


শৈশৱতে তেওঁ পিতৃ মাতৃক হেৰুওৱাত বুঢ়ী মাক খেৰসূতী আইৰ আদৰ-যত্নেৰে লালিত-পালিত হৈ ধূলি-ধেমালিৰ আনন্দ-মধুৰ দিনবোৰ লগৰীয়াৰ লগত অতিবাহিত কৰিছিল আনন্দ-বিভোৰ হৈয়ে ৷ লৰালিকালত শংকৰদেৱে লগৰীয়াৰ লগত নানান খেল-ধেমালি কৰি  দিন কটাইছিল ৷ 



সমনীয়াৰ সতে তেওঁ নানান খেল যেনে লুকা ভাকু, ঘিলা খেল আদি খেলিছিল ৷ ১২ বছৰ বয়সলৈ তেওঁ এনেদৰে খেল -ধেমালি কৰিয়েই পাৰ কৰিছিল ৷ তেওঁ ১২ বছৰ বয়সলৈ পঢ়াশালিলৈ যোৱা নাছিল ৷ সেই দেখি বুঢ়িমাক খেৰশুতীয়ে ভাদ মাহৰ কোনো এটা বৃহস্পতিবাৰে শুভলগ্ন চাই  মহেন্দ্ৰ কন্দলিৰ টোলত শংকৰদেৱক পঢ়িবলৈ পঢ়াই দিলে ৷ তাতেই শংকৰদেৱৰ বিদ্যাৰম্ভ হল ৷ কিন্তু কেইদিনমান বিদ্যালয়লৈ গৈ ক-ফলাখন শিকিয়ে তেওঁ যি অফুৰন্ত মেধা, প্ৰজ্ঞা আৰু প্ৰতিভাৰ পৰিচয় দিলে  



চৰিত্ৰ-পুঠিত উল্লেখ আছে যে এদিন একাদশী তিথিত পঢ়াশালিৰ সকলো ছাত্ৰই পাঠ শেষ কৰি ঘৰলৈ যোৱাৰ পিছত শংকৰদেৱে অকলে পঢ়াশালিতে শুই আছিল ৷ শংকৰদেৱৰ গাত ৰ'দ পৰাত এটি সৰ্পই ফনাৰে শংকৰদেৱক ছা দি আছিল ৷ এনেতে মহেন্দ্ৰ কন্দলি আহি দেখা পোৱাৰ লগে লগেই সাপটো গুছি যায় ৷  সিয়েই তেওঁক গুৰুৰ অতি প্ৰিয়ভাজন কৰি তুলিলে আৰু তাৰ ফলতে গুৰুৱে তেওঁক "দেৱ" উপাধিৰে বিভূষিত কৰি ওজা ছাত্ৰ পাতিলে ৷ 


শংকৰদেৱ দেখিবলৈ শুৱনি আছিল লগতে অতি বলৱানো  আছিল ৷ এবাৰ শংকৰদেৱ বাটেদি গৈ থাকোতে এটা দুষ্ট ষাঁড় গৰুৱে তেওঁৰ পিনে খেদি অহা দেখি শংকৰদেৱে ককালত কাপোৰ বান্ধি লৈ দুই হাতেৰে ষাঁড় গৰুৰ শিঙত ধৰি বগৰাই দিছিল ৷



শৈশৱত শংকৰদেৱৰ  পাণ্ডিত্যৰ পৰিচয়




তেওঁৰ ছাত্ৰ-জীৱনৰ প্ৰতিভাৰ অবিস্মৰণীয় স্বাক্ষৰ বহন কৰিছে এইফাকি মনোৰম অথচ ভাব-গম্ভীৰ ভগৱৎস্তোত্ৰইঃ


কৰতল কমল কমলদল নয়ন৷
ভৱদৱ দহন গহন বন শয়ন ৷৷
খৰতৰ বৰশত হতদশ বদন ৷
খগচৰ নগধৰ ফণধৰ শয়ন ৷৷
নপৰ নপৰ পৰ শতৰত গময় ৷
সভয় মভয় মম হৰশত তয় ৷৷
জগ দঘ মপ হৰ ভৱ ভয় তৰণ ৷
পৰপদ লয় কৰ কমলজ নয়ন ৷৷


শিশু শংকৰদেৱৰ মনীষাৰ চূডান্ত নিদৰ্শন নিহিত আছে এই স্তোত্ৰটিৰ প্ৰতি শব্দৰ মৰ্মে মৰ্মে ৷ অতি কম সময়ৰ ভিতৰতে তেওঁ চাৰিবেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণত ব্যুৎপত্তি লাভ কৰি বিদগ্ধ পাণ্ডিত্যৰ পৰিচয় দিছিল ৷


শংকৰদেৱ অতি কমদিনৰ ভিতৰতে বিদ্যাশিক্ষা সমাপ্ত কৰি লগতে নানান শাস্ত্ৰ পঢ়ি ডাঙৰ পণ্ডিত হৈ পৰিছিল ৷ মহেন্দ্ৰ কন্দলিয়ে শংকৰদেৱৰ প্ৰখৰ বুদ্ধি আৰু অনাসায়ে শাস্ত্ৰ জ্ঞান আয়ত্ত কৰিব পৰা ক্ষমতাৰ কথা গম পায় শংকৰদেৱৰ পিতৃৰ আগত কৈছিল যে শংকৰদেৱ এসময়ত ডাঙৰ পণ্ডিত হব ৷ 


সাধন


     শিক্ষা সাং কৰাৰ পাছত ----কিছুদিন ভূঞা ৰাজ্যৰ দায়িত্বও বহন কৰিব লগা হৈছিল ৷ কিন্তু ধৰ্ম সংস্থাপনৰ বাবেই যাৰ অৱতাৰ, তেওঁক ৰাজকাৰ্য, ভোগ-বিলাসে বন্দী কৰি ৰাখিব নোৱাৰে ৷ সকলো জলাঞ্জলি দি তেওঁ একনিষ্ঠ ভাৱে শাস্ত্ৰচৰ্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰে ৷ সাধনাত তেওঁ সিদ্ধি লাভ কৰে ৷


শংকৰদেৱে সূৰ্যৱতী নামৰ এগৰাকী কন্যাক বিয়া কৰাইছিল ৷ শংকৰদেৱৰ বিয়াৰ পিছতেই শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ মৃত্যু হয় ৷ সূৰ্যৱতীৰ গৰ্ভত এটি কন্যা সন্তানৰ জন্ম হয় ৷ কন্যা সন্তানটিৰ নাম আছিল মনু ৷ হৰি নামৰ এজন ডেকাৰ লগত মনুৰ বিয়া হয় ৷ মনুৰ বিয়াৰ পিছতেই সূৰ্যৱতীৰ মৃত্যু হয় ৷ 



পিতৃ আৰু পত্নীৰ মৃত্যুৰ পিছত শংকৰদেৱৰ মনত বৈৰাগ্যৰ ভাৱ সৃষ্টি হল ৷ শংকৰদেৱে তেওঁৰ জীয়েক-জোৱায়েকক ভায়েক বনগয়া গিৰীৰ তত্ত্বাৱধানত থৈ পিতৃ-মাতৃ আৰু পত্নীৰ অস্থি লৈ তীৰ্থ ভ্ৰমণত গল ৷ তীৰ্থ ভ্ৰমণলৈ যাওঁতে তেওঁৰ লগত ৰামৰাম গুৰু, মহেন্দ্ৰ কন্দলিকে ধৰি ১৭ জন লগৰীয়াৰ লগত গৈছিল ৷


প্ৰথমতে গংগাত স্নান কৰি পিতৃ-মাতৃ আৰু পত্নীৰ অস্থি গংগাত পেলালে ৷ অস্থি বিসৰ্জন কৰি গয়ালৈ গৈ তেওঁলোকৰ পিণ্ড দিলে ৷ ইয়াৰ পিছত তেওঁলোক শ্ৰীক্ষেত্ৰলৈ যায় ৷ শ্ৰীক্ষেত্ৰত কিছুদিন অতিবাহিত কৰি বৃন্দাবনলৈ আহে ৷ বৃন্দাবনৰ পৰা শংকৰদেৱ মথুৰা আৰু দ্বাৰকালৈ আহে ৷ 



এনেদৰে শংকৰদেৱে বহু ঠাইত তীৰ্থ ভ্ৰমণ কৰি বাৰ বছৰ পিছত আলিপুখুৰীলৈ উভতি আহে ৷ তীৰ্থভ্ৰমণ কৰি অহাৰ পিছত শংকৰদেৱৰ আত্মীয় সকলৰ অনুৰোধত পুনৰ কালিন্দী নামৰ কন্যা এগৰাকীৰ লগত শংকৰদেৱৰ বিৱাহ হয় ৷ 



মণি-কাঞ্চন সংযোগ



শংকৰদেৱ ঘূৱাহাটত থাকোতে মণি-কাঞ্চনৰ সংযোগ হয় ৷ মণি-কাঞ্চন মানে হল শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ৷ 



মাধৱদেৱ আছিল শাক্ত ধৰ্মৰ পন্থি ৷ তেওঁ বলি বিধান মানিছিল ৷ এবাৰ মাধৱদেৱৰ মাকৰ টান নৰিয়া হল, সেয়েহে মাকৰ আৰোগ্য কামনা কৰি গোসাঁনীলৈ এহাল পঠা ছাগলী আগৱঢ়াম বুলি মাধৱদেৱে মনতে সংকল্প কৰিলে ৷ কিছুদিন পিছত মাধৱদেৱে দেখিলে যে মাকৰ নৰিয়া ভাল হৈ গল ৷ সংকল্প মতে শৰৎকালৰ দুৰ্গা পূজাত গোসাঁনীলৈ পূজা দিবলৈ বলি দিব বিচৰা পঠা কিনি আনিবলৈ বৈনায়েক গয়াপাণিক  অনুৰোধ কৰিলে ৷ ইতিমধ্যে গয়াপাণিয়ে শংকৰদেৱৰ ওচৰত গৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে ৷ সেয়েহে গোসাঁনীৰ আগত বলি দিবলৈ ছাগলী আনি দিয়াতো তেওঁৰ বাবে সম্ভৱ নাছিল ৷ 



দুৰ্গাপূজা ওচৰ চাপিল কিন্তু এতিয়ালৈ গয়াপাণিয়ে মাধৱদেৱক ছাগলী আনি নিদিলে ৷ এদিন মাধৱদেৱে গয়াপাণিৰ সৈতে একেলগে ভাত খাই থাকোতে শুধিলে কিয় এতিয়ালৈ ছাগলী বিচাৰি আনি দিয়া নাই ৷ উত্তৰত গয়াপাণিয়ে শংকৰদেৱৰ একশৰণ নামধৰ্মৰ বিষয়ে মাধৱদেৱক বিৱৰি কয় যে জীৱ হত্যা কৰি ভগৱানক পূজা কৰিলে কেতিয়াও ভগৱান সন্তুষ্ট নহয় ৷ 



দুয়োজনৰ মাজত তিব্ৰ যুক্তি তৰ্ক আৰম্ভ হল ৷ কিন্তু শাস্ত্ৰজ্ঞ পণ্ডিত মাধৱদেৱৰ হাতত গয়াপাণিৰ পৰাজয় ঘটিল ৷ গয়াপাণিয়ে কলে কাইলৈ তেন্তে তোমাক শংকৰদেৱৰ ওচৰলৈ লৈ যাম, তাতে তুমি তোমাৰ উত্তৰ পায় যাবা ৷ গয়াপাণিৰ কথাত মান্তি হৈ মাধৱদেৱ শংকৰদেৱৰ ওচৰলৈ যাবলৈ মান্তি হল ৷ 



সেইসময়ত মাধৱদেৱৰ বয়স আছিল ৩৩ বছৰ ৷ শংকৰদেৱ তেতিয়া বেলগুৰি ঘূঞাহাটত আছিল ৷ দেৱীৰ আগত কিয় ছাগলী বলি দিব নাপায় আৰু দেৱী পূজা কিয় কৰিব নাপায় এই কথাক লৈ শংকৰ মাধৱৰ মাজত বাদ বিবাদ হল ৷ এনেতে শংকৰদেৱে শ্ৰীমদ্ভাগৱতৰ পৰা এটা শ্লোক মাতি মাধৱদেৱক শুনালে ৷ শ্লোকটো আছিল - 



প্ৰাণোপহাৰাচচ যথেন্দ্ৰিয়ানাং ৷
তথাচ সৰ্বাৰ্হনচ্যুতেজ্যা ৷৷



এই শ্লোকটো শুনাৰ পিছত মাধৱদেৱে বুজি পালে যে একমাত্ৰ কৃষ্ণদেৱ হে উপাস্য আৰু শক্তিধৰ্মতকৈ ভক্তিধৰ্মহে বহুগুণে শ্ৰেষ্ঠ বুলি মনত থিৰ কৰি শংকৰদেৱক গুৰু মানি সেৱা কৰিলে ৷ মাধৱদেৱে হঠাতে শংকৰদেৱক সেৱা কৰা দেখি শংকৰদেৱে ভাবিলে মাধৱদেৱে বিদায় লবৰ মনেৰেহে সেৱা কৰিছে ৷ শংকৰদেৱে সেৱা কৰাৰ কাৰণ সোধাত মাধৱদেৱে উত্তৰ দিলে যে - আহিয়েই প্ৰথমে আপোনাক সেৱা কৰিছিলো ভূঞা বৰলোক বুলি , এতিয়া সেৱা কৰিছো আপোনাক গুৰু মানিহে ৷ 




শংকৰদেৱৰ মতবাদ আৰু ধৰ্ম্মপ্ৰচাৰ




শংকৰদেৱে ভাগৱতী বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰিবৰ বাবে যিবোৰ গ্ৰন্থ ৰচনা কৰিছিল তাৰ ভিতৰত কীৰ্তনঘোষাই আছিল প্ৰধান ৷ শিক্ষিত-অশিক্ষিত, পুৰুষ-মহিলা সকলোৱে বুজিব পৰাকৈ অতি শুৱলা অসমীয়া ভাষাত এই কীৰ্তনঘোষাখন ৰচনা কৰা হৈছিল ৷ কীৰ্তনৰ ৰচনা প্ৰণালী তেনেই সুন্দৰ, এবাৰ তাত থকা বিষয়বোৰত চকু দিলেই সেইটো হৃদয়ংগম কৰিব পাৰি ৷ ভাষাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাষাৰ মাধুৰ্য্য, ভক্তিৰ দৃঢ়তা আদিৰ সমষ্টিৰে কীৰ্তন ৰচিত ৷ 



বৰদোৱাত প্ৰথম কীৰ্তন ঘৰ সাজি ভক্তগণক একত্ৰিত কৰাৰ কথা চিন্তা কৰে ৷ তাৰ পাছত বিভিন্ন ঠাইত সত্ৰ আৰু নামঘৰ নিৰ্মাণ কৰে ৷ সেই সময়ত অশিক্ষিত ভক্তসকলক সহজে ভগৱানৰ মহিমাৰ কথা বুজাবৰ নিমিত্তে 'চিহ্নযাত্ৰা'ৰে ভাওনাৰ বুৰঞ্জী আৰম্ভ হয় শংকৰদেৱৰ উদ্দোগত ৷ 



নৱবৈষ্ণৱ জাগৰণৰ বিশেষত্ব আছিল এই ধৰ্ম একেশ্বৰবাদী ৷ হিন্দুধৰ্মৰ তেত্ৰিশ কোটি দেৱতাক পূজা কৰাটো এই জাগৰণৰ মতে অন্ধ সংস্কাৰ ৷ যাগ-যজ্ঞ, ব্ৰত আদিতকৈ ভক্তি আৰু প্ৰেমৰ দ্বাৰাহে ভগৱানৰ উপলব্ধি হয় বুলি বৈষ্ণৱবাদীসকলে কয় ৷




"কুক্কুৰ, শৃগাল , গৰ্দ্দভৰো আত্মাৰাম ৷
     জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷"


সেয়েহে তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি ভেদ, জীৱ-হিংসাৰ স্থান নাই ৷ তেওঁৰ ধৰ্মত সাম্যৰ আদৰ্শ নিহিত আছে ৷ নগা, মিৰি, খাচী, গাৰো, যৱন----সকলোৱে তেওঁৰ মহান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল ৷



    এইজনা মহাপুৰুষ অলৌকিক শক্তিৰে মহিমামণ্ডিত আছিল ৷ চান্দসাই দৰ্জীয়ে স্বচক্ষে তেওঁৰ চতুৰ্ভুজ ৰূপ দেখি গুৰুজনাৰ চোলা তৈয়াৰ কৰোতে চাৰি হাত লগাই দিছিল ৷ অন্যান্য শিষ্যসকলেও তেওঁৰ অপাৰ মহিমাৰ প্ৰমাণ পাইছিল ৷ সেয়েহে অসমীয়া জাতিৰ বাবেঃ



    "শ্ৰীমন্ত শংকৰ   হৰি ভকতৰ
            জানা যেন কল্পতৰু
     তাহান্ত বিনা  ই   নাহি নাহি আৰ
            আমাৰ পৰম গুৰু ৷"




অসমীয়া সাহিত্যত শংকৰদেৱৰ অৱদান -




১/ কাব্য - হৰিশ্চন্দ্ৰ উপাখ্যান , অমৃত মণ্ঠন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ , ৰুক্মিণী হৰণ, বালিচলন ৷ 

২/ অনুবাদমূলক- "ভাগৱতৰ ১ম, ২য়, ৬ষ্ঠ, ৮ম, ১১শ, ১২শ স্কন্ধ "আৰু উত্তৰাকাণ্ড ৰামায়ণ ৷ 

৩/ গীত- বৰগীত, ভটিমা, টোটিয় আৰু চপয় ৷

৪/ ভক্তিতত্ত্ব- ভক্তি প্ৰদীপ, অনাদিপাতন , ভক্তি ৰত্নাকৰ , নিমি-নৱসিদ্ধ সংবাদ ৷ 

৫/ নাম প্ৰসংগ - কীৰ্তন আৰু গুণমালা ৷

৬/ অংকীয়া নাট - চিহ্নযাত্ৰা, ৰামবিজয়, পাৰিজাত হৰণ , পত্নী প্ৰসাদ , কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ ৷ 




শংকৰদেৱৰ সাহিত্য আৰু সংস্কৃতিক অৱদান



মহাপুৰুষ শংকৰদেৱ কেৱল মাত্ৰ সাহিত্যিক অথবা ধৰ্ম প্ৰচাৰকে নাছিল, তেওঁ আছিল সমাজ সংস্কাৰক, দাৰ্শনিক,পৰ্যটক আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ ক্ষেত্ৰত এজন আগৰণুৱা ব্যক্তি ৷ 


সংস্কৃত ভাষাত অসামান্য দক্ষতা আছিল শংকৰদেৱৰ ৷ অসমৰ অশিক্ষিত আৰু গাৱলীয়া সৰ্বসাধাৰণ মানুহে বুজি পাব পৰাকৈ তেখেতে তেওঁৰ সকলো সাহিত্য ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত ৷ ব্ৰজাৱলী ভাষা বিশুদ্ধ অসমীয়া ভাষাৰ নিদৰ্শন নহলেও ইয়াৰ গদ্যভংগী অসমীয়া ৷ 


শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ মুখ্য উদ্দেশ্য আছিল অসমৰ অল্পশিক্ষিত, অশিক্ষিত লোকসকলক ভগৱৎ তত্ত্বৰ জ্ঞান প্ৰদান কৰা ৷ কীৰ্তনো তাৰ ব্যতিক্ৰম নহয় ৷ সেয়েহে ভগৱানৰ স্বৰূপ বাখ্যা কৰিবলৈ ভাগৱত তথা পুৰাণৰ পৰা সমল গ্ৰহণ কৰি কীৰ্তন ৰচনা কৰিছিল ৷ কীৰ্তনঘোষা  অসমৰ বৈষ্ণৱ ধৰ্মৰ চাৰিপুথিৰ অন্যতম ৷



শংকৰদেৱ ঢুকুৱাৰ পিচলৈকে কীৰ্তন পুথিখনৰ একো একো ছোৱা বেলেগ বেলেগ ঠাইত আছিল, সম্পূৰ্ণ পুথিখন একে ঠাইতে নাছিল ৷ ইয়াৰে কিছুমান হাজোত, কিছুমান দক্ষিণকুলত, বৰনগৰত, বৰপেটাত, উজানত কালজাৰত আছিল ৷ 



শংকৰদেৱে তেখেতৰ মৃত্যুৰ কিছুবছৰ আগতেই মাধৱদেৱক কৈছিল যে কীৰ্তন পুথিখন গোটাই একে ঠাইতে ৰাখিবা ,কিন্তু মাধৱদেৱ বেহাৰলৈ যাবলগীয়া হোৱাত, ইচ্ছা থকা স্বত্বেও সেই আদেশ পালন কৰিব নোৱাৰিলে ৷ মাধৱদেৱ বেহাৰত থাকোতেই মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে প্ৰায় এবছৰ ঘুৰি ঘুৰি পুথিখন একলগ কৰি ৰাখি বেহাৰত মাধৱদেৱক গতালে ৷ 


শ্ৰীমন্ত শংকৰদেৱে গীত আৰু নাট এই দুটি অতি হৃদয়গ্ৰাহী আৰু মনোৰঞ্জনৰ আটাইতকৈ শক্তিশালী সমলক ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে বাছি লৈছিল ৷ বৰগীত আৰু অংকীয়া নাট গুৰুজনাৰ আপুৰুগীয়া অৱদান ৷ গীত, নাট পৰিবেশনৰ অংগস্বৰূপে খোল, তাল, ডবা, কাঁহ, শংখ, মৃদংগ আদিৰ সৃষ্টি কৰি সংস্কৃতিৰ ভঁৰালো চহকী কৰি থৈছে ৷ ধৰ্ম প্ৰচাৰৰ প্ৰেৰণাতে কীৰ্তন ৰচিত হৈছে ৷ কীৰ্তন অসমীয়া জাতিৰ বেদ ৷ 



তদুপৰি এই গ্ৰন্থবোৰৰ মাজত অসমীয়া জাতিৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, অসমীয়া সংস্কৃতি, অসমৰ মনোমোহা প্ৰকৃতিৰ মনোৰম বৰ্ণনা আদি সন্নিৱিষ্ট কৰি সমগ্ৰ অসমীয়া জাতিটোকে গ্ৰন্থায়িত কৰি গৈছে ৷ এই ক্ষেত্ৰত কোচৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে গুৰুজনালৈ আগবঢ়োৱা অসীম সহায়-সহানুভূতিও চিৰস্মৰণীয় ৷

      


সামৰণি


       
যেতিয়া ৰজা নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত শৰণ লবলৈ মন মেলিলে তেতিয়া সেই উদ্দেশ্যি এই কথা শংকৰদেৱৰ ওচৰত ব্যক্ত কৰাত শংকৰদেৱে কৈছিল যে "মহাৰাজ, আপোনাৰ যদি নিতান্ত শৰণ লবৰ মন হৈছে, তেন্তে কাইলৈ আপুনি উপবাসে থাকক, পৰহিলৈ ঈশ্বৰে কৰিলে, শৰণ দিবলৈ অহা হব ৷ অৱশ্যে ঈশ্বৰেহে সকলো কাৰ্য সিদ্ধি অসিদ্ধি কৰে ৷ এতেকে যদি ঈশ্বৰে সিদ্ধি কৰে, আপোনাৰ মনোকামনা সিদ্ধি হব পাৰে ৷" এই বুলি শংকৰদেৱে বিদায় ললে ৷ যথাদিনত ৰজাই উপবাসে থাকি ৰাতিপুৱাই শংকৰদেৱক মাতি আনিবলৈ দূত পঠাই দিলে ৷ 



সেই সময়তে শংকৰদেৱৰ বুঢ়া আঙুলিত ফোৰা এটাই দেখা দিলে ৷ শংকৰদেৱে দূতক তেওঁৰ আঙুলিত হোৱা ফোৰাটোৰ পীড়াৰ কথা কলে ,আৰু কলে যে মই  যাব নোৱাৰিম,মোৰ বৰ পীড়া হৈছে, ৰজাক জনোৱাগৈ ৷ ইয়াৰ পিছত শংকৰদেৱে ভকত সকলৰ ওচৰত অনাচাৰী গুৱালৰ দৃষ্টান্ত কৈ, নিজৰ চিত্ত ঈশ্বৰত সমৰ্পণ কৰি গীত ঘোষাৰ পদ উচ্চাৰণ কৰি টেপৰ গছত আউজি সকলোকে মাত বোল লগাই বিদায় লৈ ১৪৯০ শকত ভাদ মাহৰ শুক্লা দ্বিতীয় তিথিৰ দিনা ১২০ বছৰ বয়সত নশ্বৰ দেহ পৰিত্যাগ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰিলে ৷



মুঠতে গুৰুজনাই ছকুৰি বছৰীয়া মানৱী-লীলাৰ কালছোৱাত অসমীয়া সমাজখন আটক-ধুনীয়াকৈ সজাই পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্ৰ  কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি,অসমীয়াৰ কণ্ঠত গৌৰৱৰ, গৰিমাৰ,মহিমাৰ জয়মাল্য পিন্ধাই থৈ গ’ল ৷ 



একেজন পুৰুষেই ধৰ্ম, ভাষা, সাহিত্য-সংস্কৃতি আৰু সমাজবাদ প্ৰতিষ্ঠাত ইমানবোৰ অৱদান, অৰিহণা দি যাবলৈ সক্ষম হোৱা মহাপুৰুষ ভাৰত কিয়, পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্তশঙ্কৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হোৱা নাই ৷ তেওঁ মানৱলীলা সম্বৰণ কৰোতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল ৷

    







মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন , যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ






                                                          Home


2 comments:

  1. ভাল লাগিল পঢ়ি আৰু লিখনি দিব।

    ReplyDelete
    Replies
    1. আপোনাক অশেষ ধন্যবাদ কমেণ্ট কৰাৰ বাবে ৷ নিশ্চয়কৈ আগলৈ এনেকুৱা ধৰনৰ লিখনি দি থাকিম ৷

      Delete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.