Natural resources of Assam in Assamese | অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ |  Forest Resources of Assam | EduAssams.com






অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ



forest resources of assam,Natural resources of Assam in Assamese,resources of assam,Assamese,assamese essay,Essay OnAssam,অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ,
অসম বনজাত সম্পদ




আৰম্ভণি



প্ৰাকৃতিক সম্পদ বুলিলে আমি সাধাৰণতে সেইবিলাক বস্তুকে বুজো, যিবিলাক আমি প্ৰকৃতিৰ বুকুত পাও আৰু সেই সম্পদ সমূহৰ ব্যৱহাৰ দ্বাৰা এখন সমাজৰ অৰ্থনৈতিক বিকাশ ঘটে ৷ অসম প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰখনত ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য ৷ কিন্তু ইয়াৰ সম্পদখিনিৰ এতিয়াও সঠিককৈ ব্যৱহাৰ হোৱা নাই ৷ আমাৰ ৰাজ্য অসম খনিজাত, কৃষিজাত উভয় সম্পদতে চহকী ৷ উৎস আৰু শ্ৰেণী অনুযায়ী এই সম্পদ--বনজ, প্ৰাণীজ আৰু খনিজ হ'ব পাৰে । 


বনজাত সম্পদত অসম :



অসম বনজাত সম্পদত‌ অতুলনীয় ।  অসমৰ পৰ্বতে-পাহাৰে ভৈয়ামৰ বিভিন্ন ঠাইত  মূল্যৱান কাঠ আছে । শাল, বনবগৰী, সোণাৰু, আজাৰ, নাহৰ, গমাৰী, বনচোম, কৰৈ, গন্ধসৰৈ, শ্যাম, চেগুন, অগৰু, চন্দন, তিতাচঁপা, হালধিচম্পা, শিমলু, পমা আদি অলেখ অপাৰ কাঠৰ অৰণ্য অসমৰ বুকুত বিৰাজমান । ঘৰ সজাৰ বিভিন্ন সঁজুলি আৰু  নানা তৰহৰ আচ্‌বাব-পত্ৰৰ বাবে এইবোৰ অমূল্য সম্পদ ;  ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয় । অগৰু, চন্দন আদি কাঠৰ পৰা সুগন্ধি আতঁৰ, ধূপকাঠি আদি তৈয়াৰ হয় । শিমলু কাঠ জুইশলা শিল্পত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয় । 



অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পোৱা যায় । বাঁহ-বেতৰ চাহিদা, ৰাজ্যখনৰ ভিতৰত যিদৰে প্ৰভূত, সেইদৰে ৰাজ্যৰ বাহিৰতো প্ৰভূত । কাগজ উৎপাদনৰ বাবে কাঠ আৰু বাঁহ দুয়োটাই অতীকৈ প্ৰয়োজনীয় ।

 

অসমৰ হাবিত এইবোৰৰ বাহিৰেও প্ৰচুৰ পৰিমাণে ইকৰা, নল, খাগৰি, খেৰ পোৱা যায় ৷ এইবোৰ গৃহ নিৰ্মাণৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰী ৷ তদুপৰি অসমৰ অৰণ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ঔষধজাতীয় উদ্ভিদ আছে ৷ 

forest resources of assam,Natural resources of Assam in Assamese,resources of assam,Assamese,assamese essay,Essay OnAssam,অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ,




অসমৰ বনাঞ্চল সমূহ নানান আপুৰুগীয়া জীৱজন্তু আদিৰে পৰিপূৰ্ণ ৷ বনৰীয়া জীৱ-জন্তু হৈছে আন এবিধ বনজাত সম্পদ ৷ হাতী, গঁড়, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পহু, গাহৰি আৰু ধনেশ, ৰাচৰাই, হাঁহ, কাউৰী, শগুণ, ভাটৌ, মইনা, কুলি, কেতেকী আদি অলেখ-অপাৰ পশু-পক্ষী অসমৰ হাবিত উভৈনদী হৈ আছে ৷ হাতী, গঁড়, বাঘ, পহু অসমৰ বহুমূলীয়া সম্পদ ৷ বিশেষকৈএশিঙিয়া গঁড় পৃথিৱীৰ ভিতৰতে এক দুৰ্লভ সম্পদ ৷ 


ধূনাও এবিধ উদ্ভিদজাত বনজ সম্পদ ৷ ইয়াৰ চাহিদা সদৌ ভাৰততে আছে ৷ সেইবাবে প্ৰচুৰ পৰিমাণৰ ধূনাও ৰপ্তানি কৰা হয় ৷



কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত অসম



অসমৰ প্ৰধান কৃষিজাত সম্পদ হল চাহপাত ৷ অসমত বহুতো চাহ বাগান আছে ৷ যত বহু সংখ্যক চাহপাতৰ উৎপাদন কৰা হয় ৷ আনহাতে এই চাহপাত বিদেশলৈ ৰপ্তানিয়ো কৰা হয় ৷ পৃথিৱীৰ প্ৰায় এক চতুৰ্থাংশ চাহপাত অসমতে উৎপাদন কৰা হয় ৷ অসমৰ অন্যান্য কৃষিজাত সামগ্ৰী হল ধান, মাকৈ, আলু, মৰাপাট, কপাহ, সৰিয়হ ইত্যাদি ৷




খনিজ সম্পদৰ ক্ষেত্ৰত অসমৰ ভূমিকা :





খনিজ পদাৰ্থ অসমৰ আটাইতকৈ মূল্যৱান সম্পদ ৷ এই সম্পদতো অসম অতিশয় চহকী ৷ এনে এটা সময় আছিল, যি সময়ত কেৱল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পোহৰাব লগা হৈছিল ৷ অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান, গেলেকী আৰু ৰুদ্ৰসাগৰত প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আৱিষ্কৃত হৈছে ৷ বিশেষজ্ঞ সকলৰ জৰীপ মতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে ৷  তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কেন্দ্ৰ প্ৰতিষ্ঠিত হৈছে ৷ 



কয়লা অসমৰ দ্বিতীয় শ্ৰেষ্ঠ খনিজ সম্পদ ৷ লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে ৷ কয়লাৰ পৰা কুৎসিত আলকাতৰাকে আৰম্ভ কৰি নানা বিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিন তৈয়াৰ হয় ৷ প্ৰকৃতিয়ে বনজ, প্ৰাণীজ, খনিজ অজস্ৰ সম্পদেৰে অসমী আইক  সোণৰ অক্ষয় ভাণ্ডাৰ কৰি স্ৰজন কৰিছে ৷ 



খনিজাত, বনজ আৰু কৃষিজাত সম্পদৰ উপৰিও অসমৰ নদ-নদী সমূহকো প্ৰাকৃতিক সম্পদ হিছাপে গন্য কৰিব পাৰি ৷ ব্ৰক্ষ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ পলসে খেতিৰ মাটি সাৰুৱা কৰি কৃষিৰ উৎপাদন বৃদ্ধি কৰিছে ৷ আনহাতে এই নদীসমূহৰ পানীৰ পৰা জলবিদ্যুৎ উৎপাদন কৰি অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাত সহায় কৰিছে ৷



উন্নয়নৰ উপায় আৰু মন্তব্য



আমাৰ ৰাজ্যখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অতি চহকী হোৱা সত্বেও আমি ইয়াৰ যথোপযুক্ত ব্যৱহাৰ কৰাত অপাৰগ ৷ হাবি বননিসমূহ জধেমধে কাটি পেলোৱাৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈছে ৷ হাবি বননি জধে মধে কটাৰ ফলস্বৰূপে তাত বাস কৰা জীৱ-জন্তুৰ লগতে চৰাই-চিৰিকতিৰ আৱাসস্থলী নোহোৱা হৈছে ৷ আনহাতে বনৰীয়া জীৱ-জন্তুৰ আহাৰৰো সমস্যাৰ সৃষ্টি হৈছে ৷ যাৰ ফলস্বৰূপে সেই জীৱ-জন্তু সমূহে খাদ্য বিচাৰি মানুহৰ আৱাসস্থলীলৈ আহে আৰু বহু জীৱ-জন্তু মৃত্যুৰ মুখত পৰে ৷ বৰ্তমান আমি যদি বাতৰিকাকত বা টেলিভিছন চাও এনেকুৱা ঘটনাসমূহ প্ৰায়ে দেখা পাও ৷ 


ইতিমধ্যে বহু বিৰল প্ৰজাতিৰ পশু-পক্ষী মানুহৰ অবিবেচনাৰ ফলশ্ৰুতিত বিলুপ্তিৰ গৰাহলৈ গৈছে ৷ জনসাধৰণক এই বিষয়ে সচেতন কৰি তুলিব পাৰিলেহে আমি আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণ দিব পাৰিম ৷ জনসাধাৰণক সচেতন কৰাৰ বাবে বিভিন্ন চলচ্চিত্ৰয়ো নিৰ্মাণ হৈছে ৷ 


এই সম্পদবোৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্ৰপাতি,আমদানি কৰা প্ৰয়োজন ৷ তাৰ কাৰণে যাতায়ত ব্যৱস্থা উন্নত হব লাগিব ৷ উপযুক্ত থলুৱা বিজ্ঞানী,বিশেষজ্ঞ,কাৰিকৰ লাগিব ৷ চৰকাৰে শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে;যাতায়াতৰ ব্যৱস্থা উন্নত কৰক; তদুপৰি আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰক ৷ 




>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা




মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ






                                                          Home


No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.