মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী 

My Favourite Book In Assamese,মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী,miri jiyori,অসমীয়া ৰচনা,Assamese,rajanikanta bordoloi in assamese,
মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী





 গ্ৰন্থকাৰ পৰিচিতিঃ-

ৰজনীকান্ত বৰদলৈ : অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম ৷ তেওঁক উপন্যাস সম্ৰাট বুলি কোৱা হয় ৷ মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে ৷ তাৰ ভিতৰত মনোমতী, ৰহদৈ লিগিৰী, দন্দুৱা-দ্ৰোহ, নিৰ্মল-ভকত, ৰংগিলী  আদি  উল্লেখযোগ্য ৷


 মোৰ প্ৰিয় গ্ৰন্থঃ-

ৰজনীকান্ত বৰদলৈৰ "মিৰি জীয়ৰী" নামেৰে এখন উপন্যাস আছে ৷ এইখন সামাজিক উপন্যাস ৷ চৰকাৰী চাকৰিত থাকোতে বৰদলৈয়ে মিৰি সমাজখনৰ বিষয়ে জনাৰ সুবিধা পাইছিল ৷ তাৰ অভিজ্ঞতাৰে তেওঁ এইখন উপন্যাস লিখিছে ৷ অসমীয়া সাহিত্যৰ আন দুই-চাৰিখন উপন্যাস, নাটক, জীৱনী, গল্প-গ্ৰন্থ মই পঢ়িছো ৷ কিন্তু "মিৰি জীয়ৰী" পঢ়ি মই বৰ ভাল পালো ৷ উপন্যাসখন এবাৰ নহয় দুবাৰ পঢ়িছো ৷ সেই বাবে মোৰ প্ৰিয় গ্ৰন্থৰূপে  "মিৰি জীয়ৰী" ৰ বিষয়ে লিখিবলৈ লৈছো ৷


মিৰি জীয়ৰী:-


"মিৰি জীয়ৰী" ত এহাল মিৰি (মিচিং) ডেকা-গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে । ডেকাজনৰ নাম জংকি আৰু গাভৰুজনীৰ নাম পানেই । সিহঁতৰ ঘৰ সোৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত । সৰুতে টঙি ৰখি থাকোতেই দুয়োৰে মাজত চিনাকি হৈছিল । এনেকৈ দুয়ো শৈশৱত ৰং-ধেমালিৰ লগৰী হৈ পৰিছিল । ল'ৰালিৰ লগৰী যৌৱনত ভালপোৱাৰ পাত্ৰ-পাত্ৰী হৈ পৰিল । বিহুৱে-পৰৱে নাচি বাগি সিহঁত আপোন পাহৰা হ'ল । পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল । মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল'ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰিলে ।

মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ'ল । ইপিনে জংকি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে । টকা-পইচা যোগাৰ কৰিবলৈ জংকি ঘূনাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল'লে । কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ', পানেয়ে সুযোগ বুজি জংকিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ ।

ঘূনাসূঁতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জংকিক ভাল পাইছিল । পিছে জংকিৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল'লে । জংকি-পানেই ধৰা পৰিল, কাছাৰীত বিচাৰ হ', মাক-বাপেকে পানেইক লৈ আহিল । কিছুদিনৰ পাছত পানেই আকৌ পলাল । সেই খবৰ পাই জংকিয়ে পানেইৰ মাক-বাপেকক লগ ধৰি ক'লে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ'ব । মাক-বাপেকে এইবাৰ তাইক জংকিলৈকে বিয়া দিবলৈ সৈমান হ'ল । জংকিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয় । ইপিনে পানেইকো সিহঁতে বন্দী কৰি এদিন তালৈকে আনে । বন্দী অৱস্থাতে জংকি-পানেইৰ দেখা-দেখি হ'ল ।


এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোতেই পুনৰ ধৰা পৰিল । বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ'ল । বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে । শাল মাৰি দুয়োটা দেহবান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে, নিষ্প্ৰাণ দেহ দুটা এটা সময়ত আহি সোৱণশিৰিৰ ঘাটত লাগিলহি ।


Rajanikanta bordoloi in Assamese 


জংকি-পানেই ভালপোৱাৰ প্ৰতি পানেইৰ মাক-বাপেক সঁহাৰি নিদিলে । আনহাতে সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে । ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগাত পৰিল । ইয়াৰ বাবে জংকি আৰু পানেইৰ কোনো দোষ নাছিল । দোষ সমাজৰ, সামাজিক ব্যৱস্থাৰ ।


চৰিত্ৰ:-


উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু পানেই । মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু হোজা আৰু সৰল । পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ । মাক নিৰমা সৰল মাতৃ, কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে । কুমুদ ধনী গামৰ ল'ৰা, জোৰেৰে সকলো পাবলৈ বিচাৰে । ডালিমী চৰিত্ৰ ত্যাগৰ আদৰ্শৰে মহীয়ান । জংকিক ভালপোৱাৰ বাবেই তাই স্বাৰ্থ ত্যাগ কৰি জংকি-পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে । বাৰেগাম নিষ্ঠুৰ ।


 মন্তব্যঃ-


উপন্যাসখনৰ পটভূমিত আমি সোঁৱণশিৰীৰ পাৰৰ মিৰিগাঁৱৰ উপৰি ঘূনাসূঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ । পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে । লগতে নগৰৰ সামান্য পটভূমিৰূপে লক্ষীমপুৰ নগৰৰ কথাও আছে । "মিৰি-জীয়ৰী" কেৱল এহাল ডেকা-গাভৰুৰ প্ৰেম কাহিনীয়েই নহয় । মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায় । তদুপৰি লেখকে জংকি-পানেইৰ কাহিনীৰ যোগেদি মিৰি-সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিয়ে । তেওঁ মিৰি-সমাজত এনে দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে । কাহিনী, চৰিত্ৰ, পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ  "মিৰি জীয়ৰী" এখন সুখপাঠ্য সামাজিক উপন্যাস ।


উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়  ? 


অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম ৷ তেওঁক উপন্যাস সম্ৰাট বুলি কোৱা হয় ৷


ৰজনীকান্ত বৰদলৈ উপন্যাস সমূহৰ নাম কি ?


মনোমতীৰহদৈ লিগিৰীদন্দুৱা-দ্ৰোহনিৰ্মল-ভকতৰংগিলী  আদি  উল্লেখযোগ্য ৷




>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>মোৰ প্ৰিয় গ্ৰন্থ-জীৱনৰ বাটত 

>নিয়মানুৱৰ্তিতা ৰচনা







মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

17 comments:

  1. মিৰি জীৱনীৰ বাদে বেলেগ এখন গ্ৰন্থৰ বিষয়ে লাগে

    ReplyDelete
    Replies
    1. নিশ্চয়কৈ অতি কম সময়ৰ ভিতৰত upload কৰিবলৈ চেষ্টা কৰিম ৷ কমেন্ট কৰাৰ বাবে ধন্য়বাদ ৷

      Delete
    2. Moi u bleg grontha bisaru. Mur ai dukhon val nlagil 🙏🏿🙏🏿🙏🏿🙏🏿
      Hunkale dibo pleas.......

      Delete
  2. এই ৰচনা খনে মোক বহুখিনি সহায় কৰিছে ধন্যবাদ

    ReplyDelete
    Replies
    1. আপোনাক অশেষ ধন্যবাদ ৷

      Delete
  3. Alop sort Kori dibo parile dibo sun

    ReplyDelete
  4. Thank you very much for your great service

    ReplyDelete
    Replies
    1. It's my pleasure....You are most welcome...
      Have A Great opportunity ahead !

      Delete
  5. এই ৰচনা খনৰ সাৰাংশটো লাগে

    ReplyDelete
  6. সুন্দৰ গ্ৰন্থ বিশ্লেষণ। ভাল লাগিল

    ReplyDelete
    Replies
    1. আপোনাক অশেষ ধন্যবাদ ৷ আগলৈও এনেদৰেই সহাৰি পাম বুলি আশা থাকিল ৷

      Delete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.