নিয়মানুৱৰ্তিতা  ৰচনা ৷ Write an essay on Discipline in Assamese | Discipline essay in Assamese Language |  Essay On Discipline In  2000 word Assamese Language | নিয়মানুৱৰ্তিতা | Write an  Essay on Discipline in Student Life | EduAssams.com










আৰম্ভণি


নিয়মানুৱৰ্তিতা মানে হল নিৰ্দিষ্ট কিছুমান নিয়ম মানি চলা ৷ প্ৰত্যেক ব্যক্তিৰ জীৱনত নিয়মানুৱৰ্তিতাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ৷ নিয়মানুৱৰ্তিতা অবিহনে কোনো ব্যক্তিয়ে এক সুখকৰ জীৱন কটাবলৈ নোৱাৰে ৷ নিয়মানুৱৰ্তিতাই এই সকলোবোৰকে বুজায় যি সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে কৰা হয় ৷ নিয়মানুৱৰ্তিতা এনে এটা ক্ৰিয়া, যিয়ে শৰীৰ, মন, আত্মাক নিয়ন্ত্ৰিত কৰে ৷ 


বিদ্যাৰ্থী আৰু নিয়মানুৱৰ্তিতা



বিদ্যাৰ্থী জীৱন হল মানৱজীৱনৰ প্ৰথম আধাৰশিলা ৷ সেয়েহে বিদ্যাৰ্থী সকলে নিয়মানুৱৰ্তিতাৰ মাজেৰে স্বাস্থ্য, শিক্ষা, আচাৰ-ব্যৱহাৰ আদি গ্ৰহণ কৰিব লাগে ৷ আনহাতে নিয়মিত ৰূপত অধ্যয়ন কৰা, বিদ্যালয়লৈ যোৱা , ব্যায়াম কৰা, গুৰুজনক সন্মান কৰা, গুৰুৱে আদেশ মানি চলা, সকলোৰে লগত উচিত ব্যৱহাৰ কৰা এই সকলোবোৰৰ শিক্ষা বিদ্যাৰ্থীসকলে বিদ্যাৰ্থী জীৱনতে লাভ কৰে ৷

 

নিয়মানুৱৰ্তিতাৰ শিক্ষা



নিয়মানুৱৰ্তিতা অবিহনে মানৱ জীৱন বৃথা আৰু নিৰৰ্থক ৷ প্ৰত্যেক শিশুৰে প্ৰথম সম্পৰ্ক শিশুৰ মাক-দেউতাক আৰু পৰিয়ালৰ লগত হয় ৷ মাক-দেউতাক আৰু পৰিয়ালৰ দ্বাৰায়ে অন্যান্য প্ৰকাৰৰ শিক্ষাৰ লগত নিয়মানুৱৰ্তিতাৰ শিক্ষায়ো লাভ কৰে ৷ পৰিয়ালতে শিশুৱে জীৱনৰ প্ৰথম শিক্ষা লাভ কৰে ৷ 


প্ৰত্যেক শিশুৱে নিজৰ মা-দেউতা, শিক্ষক আৰু জেষ্ঠ সকলৰ আজ্ঞা পালন কৰিব লাগে ৷ আনহাতে নিয়মানুৱৰ্তিতাই পৰিয়ালৰ জেষ্ঠ্য লোক, শিক্ষক, মাক-দেউতাকৰ আদেশ মানি চলা আদি সকলোবোৰ কাৰ্যৰ ক্ষেত্ৰতে সহায় কৰে ৷ 


ই হল এনেকুৱা এক ক্ৰিয়া যিয়ে নিয়মানুৱৰ্তিতাৰ মাজেৰে সকলোবোৰ নিয়ম কানুন মানি চলিবলৈ আমাৰ মগজুক তৈয়াৰ কৰি ৰাখে ৷ নিয়মানুৱৰ্তিতাই ব্যক্তিক জীৱনত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰিত কৰে আৰু কৰ্মজীৱনত সফলতা প্ৰদান কৰে ৷ 



প্ৰকৃতিৰ নিয়মানুৱৰ্তিতা



প্ৰকৃতিৰ বুকুৰ প্ৰতিটো বস্তুৱেই নিয়মৰ বশৱৰ্তী হৈ চলে পূবে সূৰ্য উদয় হয়; নিশাৰ আন্ধাৰ দূৰ কৰি জগৎ পোহৰ কৰে ; পশ্চিমত মাৰ যায় ; নিশাৰ আন্ধাৰ নামি আহি জগৎ তমোময় কৰে জোনবায়ে দেখা দি স্নিগ্ধ জ্যোতিৰে জগৎ জ্যোৎস্নাময় কৰি তোলে বিশ্ব-ব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰবোৰে প্ৰকৃতিৰ নিয়ম, মহাকৰ্ষণৰ নীতি অনুসৰণ কৰি সৃষ্টিৰ আদিম পুৱাৰে পৰা সীমাহীন নীলিমাৰ বকুত বিচৰণ কৰি আছে; বতাহ বলি আছে আৱহমান কালৰে পৰাই একেদৰে  



নদ-নদী একে গতিৰে বৈ আছে নিত্য-নিৰন্তৰ;  তৰু-লতিকাই বসন্তত পত্ৰে-পুষ্পে সুশোভিত হৈ বিকশিত কুসুমৰ মৃদুল সৌৰভেৰে চিৰদিন মানুহৰ মনোৰঞ্জন কৰি আহিছে প্ৰকৃতিৰ কোনো নিয়মৰে পৰিৱৰ্তন হোৱা নাই বাবেই সৃষ্টি অব্যাহত আছে    নিয়মৰ বশৱৰ্তী হৈ নচলাৰ ফলত মানুহে জীৱনত কেতিয়াবা বিৰাট বিপৰ্যয়ৰ সন্মুখীন বলগা হয় সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰে পৰাই নিয়মানুৱৰ্তিতাৰ অনুশীলন কৰা উচিত




ঘৰুৱা  পৰিৱেশত  নিয়মানুৱৰ্তিতা


নিয়মানুৱৰ্তিতাৰ শিক্ষা শিশুৱে  পিতৃ-মাতৃৰ যোগেদি ঘৰতে লাভ কৰিব পাৰে সময়মতে খোৱা, শোৱা, উঠাৰ নিয়ম পিতৃ-মাতৃৰ পৰা শিশুৱে ঘৰতে শিকে এইবোৰ দৈনন্দিন কাম নিয়মমতে কৰিলে, স্বাস্থ্য ৰক্ষা কৰাও হয় যি সকল লোকে খোৱা-শোৱাত অনিয়মী, তেনে লোক  স্বাভাৱিকতে পেটৰ নানা ৰোগত আক্ৰান্ত হয় পলমকৈ শোৱাপাটীৰ পৰা উঠা লোকে কোনোদিনাই কোনো কামতে  সময়  ৰক্ষা কৰিব নোৱাৰে কথাতে কয় : "শুই  থকা শিয়ালে  হাঁহ  ধৰিব  নোৱাৰে


গতিকে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ খোৱা-শোৱাত  যাতে অনিয়ম  গঠন  নহয়  তালৈ  পিতৃ-মাতৃয়েও  বিশেষভাৱে  লক্ষ্য  কৰা  উচিত




অনুশীলনৰ  সময়


সময়ৰ সমষ্টিৰে গঠিত মানৱজীৱনৰ একো একোটা অধ্যায় কৰ্মৰ বাবে নিৰ্দিষ্ট ৷ শৈশৱ আৰু কৈশোৰত বিদ্যাশিক্ষা লাভ, যৌৱনত কৰ্মজীৱন আৰু গাৰ্হস্থ্য কৰ্তব্যত মনোনিৱেশ আৰু বাৰ্দ্ধক্যত নিষ্কাম অৱসৰ গ্ৰহণ তথা আধ্যাত্মিক চিন্তাত মনোনিৱেশ কৰা ৷ 





সৈন্যবাহিনীৰ  নিয়মানুৱৰ্তিতা


নিয়মানুৱৰ্তিতা সৈন্যবাহিনীৰ অলংকাৰ দেশৰ প্ৰতিৰক্ষা সুৰক্ষিত কৰা, দেশৰ বিপৰ্যয়ৰ সময়ত জনতাৰ শাৰীত সমানে থিয় হোৱা, জনতাৰ কল্যাণত ব্ৰতী হোৱা তেওঁলোকৰ কৰ্তব্য দেশ বহিঃশত্ৰুৰ দ্বাৰা আক্ৰান্ত লে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিও দেশ  ৰক্ষা কৰা, প্ৰয়োজন লে দেশৰ  বাবে আত্মোৎসৰ্গৰ বাবেও প্ৰতি মুহূৰ্ততে সাজু থকা   সৈন্যবাহিনীয়ে যদি প্ৰতি খোজতে আদেশৰ যুক্তি-যুক্ততাৰ বিচাৰ কৰিবলৈ যায়, সময়ৰ দায়িত্ব সময় মতেই পালন নকৰি বিভাগীয় নীতি উলংঘা কৰে, তেনেহলে নিশ্চয় দেশৰ প্ৰতিৰক্ষা বিপন্ন ; দেশত কোনো লোকৰে নিৰাপত্তা নাথাকিব



নিয়মানুৱৰ্তিতাৰ পৰা হোৱা লাভ


নিয়মানুৱৰ্তিতাৰ জৰিয়তে আমি বিভিন্ন প্ৰকাৰেৰে লাভান্বিত হব পাৰো ৷ নিয়মানুৱৰ্তিতাই আমাৰ জীৱনত প্ৰত্যেক ক্ষেত্ৰতে লাভান্বিত কৰে আৰু লগতে অধ্যয়ন, ব্যৱহাৰ, খেলা-ধূলা, ব্যায়াম, শাসন আদি সকলো ক্ষেত্ৰতে সন্মান প্ৰদান কৰে ৷ ইয়াৰ দ্বাৰাই আকৌ আমাৰ দেহ-মন সুস্থ কৰি ৰাখিব পাৰি  ৷ 


যথাসময়ত প্ৰতিটো কাম কৰাই হল সকলো অনুকূল উপাদানৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰা ৷ মুহুৰ্তৰ হেৰফেৰতে কিমান অঘটন ঘটে, তাৰ সহস্ৰ উদাহৰণ আছে ৷ যিসকলে নিয়মানুৱৰ্তিতা মানি চলে,তেওঁলোকে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা দূৰত থাকে ৷ 


সাম্প্ৰতিক সময়ত অৱশ্যে কৰ্মব্যস্ততাই আমাৰ সমাজখনক কিছু পৰিমাণে নিয়মানুৱৰ্তী কৰি তুলিছে ৷ কিন্তু সেয়া কেৱল মাত্ৰ কৰ্মজীৱনতহে ৷ জীৱিকাৰ তাড়নাত তেওলোকে হয়তো সময়মতে অফিচলৈ আহে, হাজিৰা বহীত চহী কৰে ৷ কিন্তু আনসময়ত তেওঁলোক অধিকাংশই শিথিল আৰু অকাৰণতে সময়ৰ অপব্যৱহাৰ কৰাত ব্যস্ত ৷ সৰ্বব্যাপি আলস্যতাত যেন আমাক চাৰিওপিনৰ পৰা গ্ৰাস কৰি গৈছে   


অসমীয়া মানুহৰ মাজত  নিয়মানুৱৰ্তিতাৰ অতিশয় অভাৱ বহু শিক্ষিত মানুহেও সময় মতে সভা-সমিতিত উপস্থিত নোৱাৰে; বহুত সময়ত সভা-সমিতিবোৰ নিৰ্দিষ্ট সময়তকৈ পলমকৈ আৰম্ভ হোৱা বাবে কাৰ্যসূচীৰ অনেক বিষয় অকল যে পিছলৈকে থোৱা হয়, এনে নহয়, বহুতো বিষয় কোনো দিনেই আলোচনাৰ ভিতৰলৈ নহাকৈয়ে ৰৈ যায় অনেক সময়ত কোনো অনুষ্ঠানকে বাতিল কৰি দিবলগা হয়  




ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন আটাইতকৈ বেছি সোনকালে শুই উঠিব নোৱাৰিলে ঘৰত কৰি নিবলগীয়া কামখিনি সম্পূৰ্ণকৈ কৰি উঠি সেইদিনাৰ পাঠ্য বিষয়ত মনোনিৱেশ কৰাটো সম্ভৱ নহয় বহুতো ছাত্ৰ-ছাত্ৰীয়ে আগৰে পৰা নিয়মীয়া অধ্যয়নত ৰত নহৈ পৰীক্ষাৰ সময়ত টোপনি খতি কৰি, কঠোৰ পৰিশ্ৰম কৰি পঢ়ে তাৰ ফলত স্বাস্থ্যহানি হয় এনেভাৱে পৰীক্ষাৰ বাবে সাজু বলৈ যাওঁতে খোৱা-বোৱাতো অনিয়মিত হোৱা যায়; ফলত স্বাস্থ্যহানি হয় ৷ 



গতিকে অধ্যয়নত, খোৱা-শোৱা, ফুৰা-চকা আদি সকলো ক্ষেত্ৰতে ছাত্ৰ-ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা মানি চলা একান্ত কৰ্তব্য নিয়মানুৱৰ্তিতা আহৰণ কৰাটোও শিক্ষাৰে এটা অংগ বৰ্তমান জগতত জীৱনৰ প্ৰতি খোজতে নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন ব্যয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য ফুৰা-চকাতো প্ৰযোজ্য মুক্ত আকাশৰ তলত, মুক্ত  বায়ুৰ মাজত ফুৰা-চকা কৰিলে স্বাস্থ্য ভাল হয় সেয়ে নিয়মীয়া লাগে; কাৰণ অনাই-বনাই ঘূৰি ফুৰাকে ফুৰা-চকা নুবুজায়





মন্তব্য

নিয়মানুৱৰ্তিতা অবিহনে মানৱ জীৱনৰ কোনো কাৰ্যই সিদ্ধি নহয় ৷ মানৱ জীৱনৰ আদিকালছোৱাতে সকলোৱে নিয়মানুৱৰ্তিতাৰ পাঠ গ্ৰহণ কৰা উচিত ৷ এই ক্ষেত্ৰত অভিভাৱক সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ কিয়নো অভিভাৱক বা মাক-দেউতাকে হল শিশুৰ জীৱনৰ প্ৰথম শিক্ষক ৷  নিয়মানুৱৰ্তিতাৰ দ্বাৰাই শিক্ষাৰ্থীৰ ভৱিষ্যতৰ জীৱন মংগলময়ী হয় ৷ নিয়মানুৱৰ্তিতাই মানুহক কৰ্তব্য পৰায়ণ কৰে গতিকে ছাত্ৰ জীৱনৰ পৰাই নিয়মানুৱৰ্তিতা আহৰণ কৰি ভৱিষ্যত জীৱন শৃংখলাপূৰ্ণ, পৰিপাটি আৰু  সুন্দৰ  কৰি  গঢ়ি  তুলিবলৈ সকলোৱে চেষ্টা কৰা উচিত ৷ জীৱনৰ প্ৰতিতো খোজতে নিয়মানুৱৰ্তিতা বা অনুশাসনৰ প্ৰয়োজন ৷ য’ত নিয়মৰ ধৰাবন্ধা বন্ধন নাই, তাতেই বিশৃংখলতাৰ অবাধ ৰাজত্ব আৰু তাত কৃতকাৰ্যতাৰ কোনো স্বীকৃতি নাই ৷  নিয়ম পালন কৰি সময়মতে কাৰ্য সম্পাদন কৰাৰ নামেই নিয়মানুৱৰ্তিতা ৷ এই নিয়মানুৱৰ্তিতাই ব্যক্তিৰ জীৱনলৈ, জনজীৱনলৈ কৃতকাৰ্যতা আৰু সমৃদ্ধি আনে ৷







'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি 

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.