অসমৰ বানপানী বিষয়ে ৰচনা | Flood in Assam 950 words | Flood In Assam Essay In Assamese |  Brahmaputra floods in Assamese Language | EduAssams.com 


বানপানী



আৰম্ভণি






অসমৰ বুকু জুৰি বৈ আছে অলেখ নদ-নদী, জান-জুৰি ৷ এইবোৰৰ পানীয়ে আমাৰ উপকাৰ সাধন কৰে ৷ দৈনন্দিন ব্যৱহাৰ হোৱা পানীৰ যোগানৰ লগতে যাতায়ত, মৎস্য যোগান ইত্যাদি অন্যতম ৷ অসমৰ প্ৰধান মুখ্য নদী হল ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক ৷ বাৰিষা এই নদীবোৰ পানী ফেনে ফোটোকাৰে বাঢ়ি অসমৰ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন কৰি তোলে ৷ এইদৰেই বানপানীয়ে অসমৰ জনসাধৰণক বছৰে বছৰে জুৰুলা কৰি আহিছে ৷ চিৰদিন অসমৰ কল্যাণকামী, হিত-সাধনকাৰী লুইতৰ বলিয়া বানে অসমৰ বুকুত প্ৰলয়ৰ সৃষ্টি কৰিছে



বানপানীৰ কাৰণ 



অসম সৃষ্টিৰ আদিৰে পৰাই নদীমাতৃক দেশ ৷ পূৰ্বতে অসমত এনে ভয়ংকৰ ৰূপত বানপানী হোৱাৰ কথা গম পোৱা নাযায় ৷ যোৱা কেইটামান দশকৰ দশকৰ পৰাহে বানপানীৰ সমস্যা ইমান ভয়ংকৰ হৈ পৰিছে ৷ উল্লেখ যে ১৯৫০ চনত অসমত প্ৰৱল ভুমিকম্প হৈছিল ৷ তাৰ পাছৰে পৰাই অসমৰ নদীবোৰ তৰাং হৈ যোৱা বুলি অনুমান কৰা হয় ৷ আনহাতে ইয়াৰ অন্য এটা কাৰণ হল বছৰ বছৰ ধৰি পৰ্বত-পাহাৰৰ ওপৰৰ পৰা পানীয়ে লগত লৈ অহা মাটি আৰু বালি সমূহ নদীৰ বুকুত ৰৈ যায় ৷ যাৰ ফলত নদীবোৰ বাম হয় আৰু ফলত অতি সহজে বানপানী হবলৈ ললে ৷



লুইত আৰু উপনৈবোৰৰ বগা পানীয়ে চিৰদিন অসম মাতৃৰ চৰণ ধুৱাই আহিছে আৰু ভৈয়ামৰ শস্যবোৰক খাদ্য-সম্ভাৰ যোগাই সেউজীয়া পথাৰৰ বুকুত সোণ-গুটি ফলাই আহিছে কিন্তু আজিৰ  অসমৰ  বৰনৈ-উপনৈৰ  বানে সোণ গুটি নফলায় ;  ধ্বংস কৰে



যোৱা কেইবছৰমানত বানপানী বছৰত দুই-তিনিবাৰ আহি বাৰে বাৰে ধ্বংস লীলাৰ সৃষ্টি কৰি আহিছে ৷ ব্ৰক্ষ্মপুত্ৰৰ বানে বহু খেতি পথাৰ বালিচৰত পৰিণত কৰিছে ৷ পলসৰ পৰিৱৰ্তে বালিয়ে কৃষিৰ মাটি অনুপযোগী কৰি তোলে ৷ আনহাতে বানপানীৰ লগে লগে আৰম্ভ হয় গৰাখহনীয়া ৷ নদীৰ পাৰৰ ভূ-ভাগৰ কোনো অংশত প্ৰথমে ফাট মেলে আৰু সেই অংশ খহি গৈ ব্ৰক্ষ্মপুত্ৰৰ পানীত বিলিন হৈ যায় ৷ গৰাখহনীয়াই অসমৰ মানুহৰ বিস্তৰ ক্ষতি সাধন কৰিছে ৷


অসমৰ ইতিহাসত অসমে পোন-প্ৰথমবাৰৰ বাবে ১৯৩৪চনত নগাঁও জিলাত কপিলীৰ প্ৰলয়ংকৰী বলিয়া বানৰ নিষ্ঠুৰ আঘাত অনুভৱ কৰে ৷ সেই বানে নগাঁও জিলাৰ মধ্য আৰু পশ্চিম খণ্ডত প্ৰলয়ৰ সৃষ্টি কৰি, ৰাস্তা-ঘাট দলং আদি উৎখাত কৰি, পথাৰৰ  লহপহকৈ বাঢ়ি অহা, হালি-জালি ৰঙত ব্যাকুল সেউজী শস্যবোৰ বিনাশ কৰি, হাজাৰ হাজাৰ মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পদ, গৰু , প্ৰবল সোঁতৰ বুকুত বিলীন কৰি দি, মানুহক জলকুঁৱৰীৰ নিষ্ঠুৰ কবলত এৰি দি তাণ্ডৱ নৃত্যৰে নাচিছিল মানুহৰ অলক্ষিতে, অতি আচম্বিতে দুপৰ নিশা বলিয়া বানে নগাঁও জিলাৰ বুকুত মহাসিন্ধুৰ সৃষ্টি কৰি কিমান মানুহ, জীৱ-জন্তুক কালৰ বুকুত বিলীন কৰি দিলে  




প্ৰতি বছৰে লাখ লাখ টকাৰ শস্য নষ্ট হৈছে হাজাৰ হাজাৰ গৰু হ  উটি গৈছে মানুহৰো প্ৰাণহানি হৈছে  ৷ বানৰ পানী শুকাই যোৱাৰ পিছত নানান ধৰণৰ বেমাৰ আজাৰ আদি দেখা দিয়ে ৷ বানপানীয়ে এৰি যোৱা আৱৰ্জনাৰ ফলত পৰিৱেশ দূষিত হয় ৷ মানুহৰ লগতে জীৱ-জন্তুৰো নানান বেমাৰ হয় ৷ বানপানীৰ ফলত বহু জীৱ-জন্তুৰ লগতে বহু সংখ্যক মানুহৰ মৃত্যু হয় ৷ অসমৰ অৰ্থনীতিত বানপানীয়ে বাৰে বাৰে কৰা আঘাত সমগ্ৰ দেশখনৰ বাবে ক্ষতিকাৰক ৷



ৰাজ্যৰ অৰ্থনীতিত বানে অত্যন্ত ক্ষতিকাৰক প্ৰভাৱ পেলাই আছে সেযে ৰাজ্য চৰকাৰে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে  



নিয়ন্ত্ৰণৰ উপায়



যিহেতু এই সমস্যা প্ৰতি বছৰে আহিবই, সেয়ে চৰকাৰ আৰু জনসাধাৰণে ইয়াৰ স্থায়ী এক সমধানৰ বাবে চেষ্টা কৰিব লাগে ৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰে বানপানী ৰোধ আৰু সাহাৰ্যৰ বাবে কৌটি কৌটি টকা খৰছ কৰি আহিছে ৷ অন্যহাতে কাজিৰঙাৰ লগতে পবিতৰা আদি ৰাষ্ট্ৰীয় উদ্যান সমূহো বানে ক্ষতি কৰি আহিছে ৷



"চীনৰ দুখ" নামে অভিহিত হোৱা হোৱাংহো নদীকো নিয়ন্ত্ৰণ কৰি তাৰ শক্তি চীনৰ জনতাৰ কল্যাণত খটুৱাই দেশৰ অশেষ উপকাৰ সাধন কৰিছে ভাৰততো নদী উপত্যকা আচনি গ্ৰহণ কৰি দামোদৰ ভেলী প্ৰজেক্ট, ভাক্ৰা-নাংগল প্ৰজেক্ট আৰু অন্যান্য নৈ-উপনৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি মীন-মহল খোলা হৈছে পথাৰত পানী যোগান ধৰা হৈছে;জলাধাৰ তৈয়াৰ কৰি মীন-মহল খোলা হৈছে অসমৰো গেৰুকামুখত বৃহৎ নদীবান্ধ প্ৰকল্প আৰম্ভ কৰিছে  



অৱশ্যে কেতিয়ালৈ এই বান্ধৰ পৰা উপকাৰ সেইয়া এতিয়া থিৰাং কৰিব পৰা নাযায় কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি আওকণীয়া, অমনোযোগী মনোভাব, অৱহেলাৰ কাৰণে এতিয়াও অসমৰ নৈ-উপনৈসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা হোৱা নাই অথচ এই নদ-নদীবোৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা লে প্ৰচুৰ পৰিমাণৰ জলবিদ্যুৎ উৎপাদন আৰু বানপানীৰ কৰাল গ্ৰাসৰ পৰাও অসমে মুক্তি পাব





কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা



অসম ভাৰতৰ সতিনীৰ পয়ালগা দুহিতা নেকি, যাৰ কাৰণে অসম সদায় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ আহিছে ;  অথচ  অসমৰ সোণবোৰ  কাঢ়ি নি অন্য ৰাজ্য সোণ-সুৱগা কৰি তুলিছে ১৯৬২ চনত চীনা আক্ৰমণৰ বিপৰ্যয়ৰ বুকুত অসমক জলান্জ্ঞলি দি তাহানিৰ প্ৰধানমন্ত্ৰী নেহেৰুৱে "Oh Assam" --  "বিদায় অসম"  বুলি ঘঁৰিয়ালৰ চকুপানী টুকিছিল  



সামৰণি


বানপানীয়ে পানীৰ লগতে পলসো লগত লৈ আহে ৷ যাৰ দ্বাৰা মাটি সাৰুৱা হয়, আৰু এই সাৰুৱা মাটি খেতিৰ বাবে খুবেই লাভজনক ৷ আনহাতে বাওধানৰ দৰে খেতিত পাতলীয়া বানপানীয়ে উপকাৰহে কৰে ৷ আনহাতে পৃথিৱীৰ উপৰিভাগত জমা হোৱা আৱৰ্জনা সমূহ বানপানীয়ে ধুই নিকা কৰি দিয়ে ৷ কিন্তু এই কিঞ্চিতমান উপকাৰৰ বাবে বানপানী কাৰো কাম্য নহয় ৷ 


গভীৰ চিন্তা-চৰ্চা, বৈজ্ঞানিক উপায়, প্ৰযুক্তিবিদ্যা আদিৰ সহায়ত কৰ্মদক্ষ কমিটিয়ে কাম কৰিলে বানপানী নিয়ন্ত্ৰণ কৰাটো নিশ্চয়কৈ সম্ভৱ হব ৷




'ৰনা ভাইৰাছ বা ক'ভিড-১৯ কি 

>মোৰ প্ৰিয় গ্ৰন্থ-মিৰি জীয়ৰী

>অসমৰ বানপানী বিষয়ে ৰচনা

>বিহু বিষয়ে ৰচনা

>নিয়মানুৱৰ্তিতা ৰচনা 

>মোৰ প্ৰিয় গ্ৰন্থ - জীৱনৰ বাটত

>বাতৰি কাকত ৰচনা

>পুথি-ভঁৰাল

>শংকৰদেৱ

>অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

10 comments:

  1. Replies
    1. স্বাগতম জনাইছোঁ ৷

      Delete
  2. Replies
    1. আপোনাক অশেষ ধন্যবাদ ৷

      Delete
  3. Bahut xohai Palu.... .... . .Thanks

    ReplyDelete
    Replies
    1. আপোনাক অশেষ ধন্যবাদ ৷ আগলৈও এনেদৰেই সহাৰি পাম বুলি আশা থাকিল ৷

      Delete

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.