Assamese Essay For HSLC | দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ | Science in Everyday Life Essay In Assamese | EduAssams.com







দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ







আৰম্ভণি



বৰ্তমান যুগ হল বিজ্ঞানৰ যুগ ৷ আজি আমি প্ৰতিটো খোজতে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল ৷ প্ৰকৃততে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ দিনবোৰত যিদিনাই জুইৰ আৱিষ্কাৰ হল, সেইসময়ৰ লগে লগে বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হল আৰু ক্ৰমান্বয়ে বিজ্ঞানে মানৱ জাতিৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ  কৰিবলৈ ধৰিলে ৷ মানৱ সভ্যতাৰ জীৱন ধাৰণৰ মান উন্নত কৰি ই মানৱ জাতিক সভ্যতাৰ উচ্চ শিখৰলৈ ক্ৰমান্বয়ে লৈ যাব ধৰিলে ৷ 



এই শতাব্দীত বিজ্ঞানে উন্নতিৰ জখলাত এনেভাৱে আৰোহণ কৰি গৈ আছে যে মানুহে মাধ্যাকৰ্ষণৰ সীমা অতিক্ৰম কৰি মহাকৰ্ষণৰ বুকুত ভৰি দি গ্ৰহ-গ্ৰহান্তৰতো বিচৰণ কৰিবলৈ প্ৰয়াস কৰিছে  এনে এটা যুগত বিজ্ঞানৰ লগত মানুহ এনে ওতপ্ৰোতভাৱে বিজড়িত হৈ পৰিছে যে দৈনন্দিন জীৱনত বিজ্ঞানে কেনে ব্যাপক আৰু বিচিত্ৰভাৱে প্ৰভাৱ পেলাই মানুহ আৰু বিজ্ঞানক একাকাৰ কৰি পেলাইছে তাৰ বিৱৰণ দিয়াটো কষ্ট-সাধ্য হৈ পৰিছে

















সভ্যতাৰ সোপানত মানুহৰ এখোজ



সভ্যতাৰ আৰম্ভনিত মানুহে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ লাহে লাহে মানুহে খেতি কৰাৰ পদ্ধতি আৱিস্কাৰ কৰিলে ৷ খেতি কৰাৰ বাবে নানান আহিলাৰ প্ৰয়োজন আহি পৰিল ৷ সজুঁলিসমূহৰ আৱিষ্কাৰ লগে লগে জীৱন ধাৰণৰ পথ সহজ হৈ পৰিল ৷ তেওঁলোকে ঘৰ দুৱাৰ সাজিবলৈ শিকিলে আৰু সমাজ পাতি বসবাস কৰিব আৰম্ভ কৰিলে ৷ এনেদৰে বিজ্ঞানৰ আৰম্ভণি হোৱা বুলি কব পাৰি ৷


মানুহৰ অনুসন্ধিৎসু মনৰ বাবে নানান আহিলাৰ সৃষ্টি হল ৷ আনহাতে গেলিলিঅ, কপাৰনিকাছ আদিৰ দৰে মহান বিজ্ঞানীৰ মহান আৱিষ্কাৰৰ দ্বাৰ অসম্ভৱো সম্ভৱ হৈ পৰিল ৷ 



মানুহে লাহে লাহে জনা হল যে পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে, সূৰ্য পৃথিৱীৰ চাৰিওপিনে নুঘূৰে ৷ ডাৰউইনৰ জীৱজগতৰ বিৱৰ্তনৰ তত্ত্ব, নিউটনৰ মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰে মানুহক এই পৃথিৱীখনক নতুন ধৰণেৰে চাবলৈ শিকালে ৷



বিজ্ঞানে ঘড়ীৰ নিচেই সূক্ষ্ম যন্ত্ৰপাতি, সামান্য বেজী, বৰশী আৰম্ভ কৰি দৈত্যকায় ইন্জ্ঞিন, বায়ুতকৈও বেগী মহাকাশযান আৰু সাধাৰণ বন্দুক আৰম্ভ কৰি মহাশক্তিশালী, পৃথিৱী ধ্বংসকাৰী এটম বোমালৈকে অলেখ অপাৰ বস্তু সৃষ্টি কৰিছে ; কৃত্ৰিম উপগ্ৰহ আদিকো সৃষ্টি কৰি মহাকৰ্ষণৰ বুকুত এৰি দি গ্ৰহ-নক্ষত্ৰৰ দৰেই বিশ্ব-ব্ৰহ্মাণ্ডত বিচৰণ কৰাইছে  



বিজ্ঞানৰ অৱদান



মানৱ সভ্যতালৈ বিজ্ঞানৰ শ্ৰেষ্ঠ অৱদান হল চকাৰ আৱিষ্কাৰ ৷ চকাৰ আৱিষ্কাৰে মানৱ সভ্যতাত এক বৈপ্লৱিক পৰিৱৰ্তন আনি দিলে ৷ যন্ত্ৰৰ আৱিষ্কাৰে সমগ্ৰ পৃথিৱীখনকে সৰু কৰি পেলালে ৷ ইয়াৰ লগে লগেই যোগাযোগ ব্যৱস্থাত এক বিপ্লৱৰ সূচনা হল ৷ ইয়াৰ ফলত বৰ্তমান সময়ত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ মাত্ৰ কেইটামান ঘন্টাৰ আৱশ্যক ৷



মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম-প্ৰণালী আৰু জীৱন-যাত্ৰা বিজ্ঞানকেই কেন্দ্ৰ কৰি পৰিচালিত হৈছে এজন মানুহে পাটিৰপৰা উঠিয়েই দাঁত ঘঁহিবলৈ অকণমান টুথপেষ্ট ব্ৰাছডালৰ মূৰত লগাই লৈছে ; টুথপেষ্ট, ব্ৰাছ বিজ্ঞানৰে অৱদান অৰ্থাৎ চকু মোহাৰিয়ে যি বস্তুত হাত দিছো বিজ্ঞানে যোগান ধৰিছে মুখখন ধুবলৈ পানি বিচাৰি টেপত হাত দিছো ; পানীও বৈজ্ঞানিক যন্ত্ৰই যোগান ধৰিছে ; টেপটোও যোগান ধৰিছে  


কলম, কাগজ, পেন্সিল, চিয়াঁহী আদি যন্ত্ৰই তৈয়াৰ কৰি আমাক সহায় কৰি দিছে ; কিতাপ, পুথিৰ হাজাৰ হাজাৰ কপি কম সময়ত তৈয়াৰ কৰি দি ছাত্ৰ-ছাত্ৰীক বিদ্যা-শিক্ষাত সহায় কৰি দিছে ৷ কোৰ্ট, কাছাৰী, কাৰ্যালয়ত আৱশ্যকীয় লাখ লাখ ৰচিদ, ফৰ্ম, বহী-পত্ৰ যন্ত্ৰত দিনে ৰাতি তৈয়াৰ হৈ আছে ; যাৰ বাবে কোনো কাগজ-পত্ৰৰ অভাৱ নোহোৱাকৈ অবিৰামভাৱে চৰকাৰী-বেচৰকাৰী সকলো কাম-কাজ সুকলমে চলি আছে ৷ 


উন্নত জীৱনৰ আৰম্ভণিত বিজ্ঞান


দৈনন্দিন নতুন নতুন গৱেষণা আৰু চিন্তা চৰ্চাৰ ফলস্বৰূপে ৰোগ-ব্যাধিৰ কাৰণ তথা নিৰাময়ৰ উপায় আৱিষ্কাৰ হবলৈ ধৰিছে ৷ বসন্ত আদিৰ দৰেই নানান মহামাৰীকো এই পৃথিৱীৰ পৰা নি:শেষ কৰি পেলাবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়তো বিজ্ঞানীসকলে বহু দুৰাৰোগ্য ৰোগৰ উৎপত্তিৰ কাৰণ আৰু নিৰাময়ৰ ঔষধ আৱিষ্কাৰৰ চেষ্টাত ব্ৰতী হৈ আছে ৷ 



লাহ-বিলাহৰ, ৰং-বিৰঙৰ সাজ-পাৰ, নানা খাদ্য-সামগ্ৰী বিজ্ঞানে যোগান ধৰি মানুহক সভ্যতাৰ বাটত দ্ৰুতগতিৰে আগবাঢ়ি যোৱাত প্ৰভূত সহায় কৰিছে ৷ মানুহে আজি সময়ৰ লগত উৰি ফুৰিছে বিজ্ঞানক বুকুত লৈ ৷



বিজ্ঞানৰ সহায়ত উন্নত ধৰনৰ শস্য, উন্নত প্ৰকাৰৰ গৰু-ম'হ আদি সৃষ্টি কৰাৰ ফলত শস্য উৎপাদন বৃদ্ধি হৈছে ৷ আজিৰ মানুহে সকলো ক্ষেত্ৰতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰি বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিব ললে ৷ খেতি বাতিৰ কাৰণে প্ৰকৃতিৰ ওপৰতে কেৱল মাত্ৰ নিৰ্ভৰ নকৰি জলসিঞ্চন ব্যৱস্থাৰ যোগেদি খেতি পথাৰত পানীৰ যোগান ধৰিব পৰা হৈছে ৷ জলসিঞ্চন হল বিজ্ঞানৰে এটা আবিষ্কাৰ ৷  বিজ্ঞানে আমাক পৰিশ্ৰমৰ পৰা ৰেহাই দিছে ৷



গাড়ী, মটৰ, উৰাজাহাজ, পানীজাহাজ আদিয়ে পৃথিৱীখন ঠেক আৰু সৰু কৰি পেলাইছে ; দেশ-বিদেশৰ লগত সংযোগ তৰক্ষা কৰিছো টেলিগ্ৰাম, টেলিফোন, মোবাইল টেলিফোন, ৱায়াৰলেছৰ যোগেদি ৷ ঘৰতে বহি থাকি দূৰৰ লোকৰ লগত মুখামুখিকৈ কথা  পাতিব পাৰিছো, সুখৰ দুখৰ-বাতৰি পৰিৱেশন কৰিব পাৰিছো ফোনৰ সহায়ত ৷



মানুহৰ বেমাৰ-আজাৰত ঔষধ যোগাইছে বিজ্ঞানে ৷ ইনজেকশ্যনৰ সহায়ত মৃত্যু-মুখী ৰোগীক আৰোগ্য কৰাব পাৰিছো ৷এক্স-ৰে যন্ত্ৰই ভিতৰখন আমাৰ চকুৰ আগত ফটফটীয়াকৈ দেখুৱাই দি ৰোগ নিৰ্ণয় কৰাত সহায় কৰি উপযুক্ত চিকিৎসাৰ দিহা কৰাত ইন্ধন যোগাইছে ৷ কোনো কাৰণত স্বাস্থ্য হানি হৈছে, স্বাভাৱিক আহাৰে পুষ্টি সাধন কৰিব পৰা নাই ; ভিটামিন টেবলেট,টনিক খাই পুষ্টিসাধন কৰিছো, স্বাস্থ্য ঘূৰাই পাইছো ৷



আমাৰ দৈনন্দিন ব্যৱহাৰৰ সাজপাৰখিনি চিলাই কৰি লবলৈ বেজী, সূতা, চিলাই কল আদিৰ যোগান ধৰিছে বিজ্ঞানে ৷ ঘৰ-দুৱাৰ সজাৰ সঁজুলি টিনপাত, গজাল, লো, বিলাতীমাটি আদিও আমাক বিজ্ঞানে যোগান ধৰি নিৰাপত্তা দান কৰিছে ৷  ৰন্ধা-বঢ়াৰ সঁজুলি, খোৱা-বোৱাৰ বাচন-বৰ্তনখিনিকো বিজ্ঞানেই যোগান ধৰিছে ৷



কম্পিউটাৰৰ আৱিষ্কাৰ হল বিজ্ঞানৰ এটা আৱিষ্কাৰ ৷ কম্পিউটাৰৰ বাবে মানৱ জীৱনৰ দুখ কষ্ট বহু পৰিমাণে লাঘৱ হৈছে ৷ কম্পিউটাৰৰ আৱিষ্কাৰৰ লগে লগে আৱিষ্কাৰ হল ইন্টাৰনেটৰ ৷ এই ইন্টাৰনেটৰ সহায়ত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিকোনো এজন মানুহক সহজে যোগাযোগ কৰিব পৰা হল ৷ ইয়াৰ জৰিয়তে চিঠি পত্ৰৰ আদান-প্ৰদান, পৃথিৱীৰ নানান ঠাইৰ খবৰ আদি, পঢ়াশুনা সম্পৰ্কীয় তথ্য আদিৰ আদানপ্ৰদান কৰিব পৰা হল ৷ ই গোটেই পৃথিৱীখনকে গোলকীয় গাৱঁত পৰিণত কৰি দিলে ৷ 


গতিকে দেখা যায় যে বিজ্ঞানে মানৱ সমাজক জ্ঞান, বিলাসিকতাপূৰ্ণ জীৱন, সুখ-সুবিধা, আহাৰ, বস্ত্ৰ, ৰোগ নিৰাময়ৰ উপায় আদি সকলো প্ৰদান কৰিছে ৷ আনহাতে বিজ্ঞানৰ ব্যাপক ব্যৱহাৰৰ ফলত মানৱ সভ্যতাক ধ্বংসৰ গৰাহলৈকেও ঠেলি দিছে ৷ আমি পুৱা শুই উঠাৰপৰা টোপনি যোৱাৰ মুহূৰ্তলৈকে যতে হাত দিছো, যিফালে দৃষ্টি ঘূৰাইছো তাতেই বিজ্ঞানে ভূমুকি মাৰিছে ৷ আধুনিক পৃথিৱীখনত বিজ্ঞানৰ সহায় নহ'লে মানুহে মাটিত এখোজো থিৰেৰে দিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে ৷




অপকাৰ


বিজ্ঞানৰে এটা অন্যতম আৱিষ্কাৰ হল পাৰমাণৱিক বোমা ৷ বিশ্বযুদ্ধৰ সময়ত এই পাৰমাণৱিক বোমাৰ ব্যৱহাৰৰ ফলতেই জাপানৰ হিৰোছিমা আৰু নাগাছাকি চহৰ দুখন ধ্বংস হৈ গৈছিল ৷ যত বহু হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটিছিল ৷ অসংখ্য লোক চিৰদিনৰ বাবে পংগু হৈছিল ৷ সাম্প্ৰতিক সময়ত পাৰমাণৱিক বোমাতকৈয়ো অধিক মাৰাত্মক হল হাইড্ৰজেন বোমা আৰু আনশক্তিশালী মাৰণাস্ত্ৰৰ আৱিষ্কাৰ ৷



বিজ্ঞানে পৃথিৱীখন সমৃদ্ধিশালী কৰি তুলিছে সঁচা, দৈনন্দিন জীৱন আৰামদায়ক আৰু সহজ-সাধ্য কৰি তুলিছে সঁচা, কিন্তু অত্যাধিক অমৃতেও বদহজমীৰ সৃষ্টি কৰাৰ দৰে, প্ৰচুৰ আৰামৰ, আমোদ-প্ৰমোদৰ, বিলাসিতাৰ সামগ্ৰীয়ে মানুহক ভাৰাক্ৰান্তও কৰি তুলিবলৈ বোধহয় বৰ বেছি দিন নাই ৷ গাড়ী মটৰৰ আৱিৰ্ভাৱে মানুহক এলেহুৱা কৰিছে  ৷ যন্ত্ৰৰদ্বাৰা উৎপাদিত সামগ্ৰীবোৰ পাই আমি ঘৰতে হাতেৰে তৈয়াৰ কৰি লব পৰা সামগ্ৰীবোৰক অৱহেলা কৰিছো, পাহৰি গৈছো ৷ 



অজ্ঞতাত অৱহেলাত আমাৰ বহুতো কুটীৰ-শিল্প কালৰ বুকুত হেৰাই যাবলগা হৈছে ৷ কল-কাৰখানাৰ আৱৰ্জনাই, ধোঁৱাই বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে ; নগৰ-চহৰৰ পৰা উটুৱাই দিয়া আৱৰ্জনাবোৰে নদ-নদীবোৰো বিষাক্ত কৰি তুলিছে ৷ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱী ধ্বংস কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ৷ নানা বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিস্ফোৰণ আদিয়েও বায়ুমণ্ডলত তেজস্ক্ৰিয়তাৰ সৃষ্টি কৰি, বেমাৰৰ জীৱাণুৰে পৃথিৱী ভৰপূৰ কৰি মানুহক মৃত্যু মুখলৈ ঠেলি দিছে ৷




সামৰণি



প্ৰকৃত অৰ্থত কবলৈ গলে বিজ্ঞানৰ এই ধ্বংস ক্ৰিয়াৰ বাবে কেৱল মাত্ৰ বিজ্ঞানে দায়ী নহয় ৷ ইয়াৰ বাবে আমি সমানে দায়ী ৷ মানুহৰ মনত যেতিয়া হিংসা, স্বাৰ্থপৰতা, স্বেচ্ছাচাৰীতাৰ জন্ম হয়, তেতিয়া বিজ্ঞানৰ অপপ্ৰয়োগ হয় আৰু নিজৰ লগতে গোটেই মানৱ জাতিৰ কাৰণে মৃত্যুৰ শংকা মাতি আনে ৷ বিজ্ঞানৰ এই অপকাৰৰ বাবে নিসন্দেহে মানুহেই দায়ী ৷


গতিকে বিজ্ঞানৰ অৱদানৰ প্ৰতি অত্যুৎসাহী হৈ পৰাটো কল্যাণকৰ বুলি ভবা উচিত নহয় ৷ তদুপৰি বিজ্ঞানৰ বিপুল শক্তিৰ বলত বলীয়ান হৈ মানুহে ভগৱানৰ অস্তিত্বক প্ৰত্যাহ্বান জনোৱাটো কিমানদূৰ সমীচীন হৈছে ভাবি চাবলগীয়া ৷ আনফালে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈ মানুহে কৰ্ম-বিমুখ হৈ পৰাটো মংগলজনক বুলিও ভাবিব নোৱাৰি ৷



পৃথিৱীত মানৱ জাতিৰ কল্যাণৰ কামত নিয়োজিত হোৱাটো বিজ্ঞানৰ মূল কৰ্তব্য হোৱা উচিত ৷ আনহাতে বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ  যাতে নেতিবাচক প্ৰয়োগ হব নোৱাৰে তাৰ বাবে সকলো সচেতন হব লাগিব ৷ বিজ্ঞানে যিদৰে মানৱ জীৱন উপভোগ্য কৰি তুলিছে ঠিক একেদৰে ইয়াৰ কু-প্ৰভাৱে মানৱ জীৱনলৈ ভয়ানক বিপদো মাতি আনিব পাৰে ৷


মোৰ সদায়ে এইটোৱে চেষ্টা যে আপোনালোকক যিকোনো প্ৰকাৰেৰে যাতে সহায় কৰিব পাৰো ৷ যদি আপোনালোকৰ কোনো ধৰনৰ প্ৰশ্ন আছে আপুনি নিশ্চিতভাৱে  মোক সুধিব পাৰে ৷


মই সেই  প্ৰশ্ন সমূহৰ সমধান দিবলৈ চেষ্টা কৰিম ৷ আপুনি এই লিখিনিটো পঢ়ি কেনে পালে মোক comment কৰি জনাব পাৰে ৷ যাৰ জৰিয়তে আপোনাৰ পৰামৰ্শৰ পৰা মই অলপ শিকিব পাৰিম  আৰু সুধৰনী কৰি লব  পাৰিম ৷ আপোনালোকলৈ  মোৰ অনুৰোধ যে আপোনালোকে এই তথ্য সমূহ  আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত share কৰিব ৷ মোক আপোনালোকৰ  সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন, যাৰ জৰিয়তে মই আৰু নতুন নতুন তথ্যপাতি আপোনালোকক যোগান ধৰিব পাৰিম  ৷ 


ধন্যবাদ




                                                       Home

No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.