বিহুৰ উৎপত্তি | অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ | বিহু বিষয়ে ৰচনা |  Essay On Bihu In Assamese Language. | 900+ Words. | EduAssams.com



বিহু



বিহু আনন্দীয়া     বিহু বিনন্দীয়া
       বিহুৰ মৌ-মিঠা মাত ;
বিহু বা-লাগি      বিহুৱা ককাইৰ
     দেওধনি লাগিছে গাত



      সৃষ্টিৰ সফলতাতকৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিতসুশ্ৰাব্য  ভাষাৰেসুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্ৰবৃত্তি নৃত্যগীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্ৰকাশ বিহুৰ উৎপত্তিৰ উৎসও সেই  সহজাত  প্ৰবৃত্তিৰ প্ৰকাশৰেই নিদৰ্শন


আৰম্ভণি :


      আদিম মানৱে সভ্যতাৰ সোপানত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্য-সম্ভাৰ লাভৰচিকাৰ লাভৰকৃষি কাৰ্যৰ কৃতকাৰ্যতাত, শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্ৰকাশ কৰিছিল উচ্চ স্বৰেঅংগচালনাৰে আছিল  অনুভূতিৰ স্বতঃস্ফূৰ্ত মূৰ্ত প্ৰকাশ । এই  প্ৰকাশ ব্যক্তিকেন্দ্ৰিক  নহৈ সামূহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয় বিহুৰ উৎপত্তিও সেই সামাজিক সামূহিক আনন্দ প্ৰকাশৰে ফলশ্ৰুতি



বিহুৰ উৎপত্তি :


       বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত । বিষুৱ সংক্ৰান্তিত বিহু উদযাপিত হয় বাবে বিষুৱ শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয় বহু লোকৰ মতে বড়ো ভাষাৰ বৈখ্যু শব্দৰ পৰাহে বিহু শব্দৰ উৎপত্তি বৈদিক ৱিশ শব্দৰ অৰ্থ প্ৰজাসমূহ প্ৰজাসমূহে পালন কৰা বাবে ৱিশ শব্দৰ পৰা বিশু আৰু বিশুৰ পৰাই----বিহু হোৱাটোও আচৰিত নহয়

         কিন্তু বিহু নামৰ উৎপত্তি য'ৰে পৰাই নহওকবিহু হ' অসমীয়া জাতীয় উৎসৱ ৷ জাতীয় জীৱনৰ সকলো ৰং- আনন্দআশা-আকাংক্ষাআৱেগ- অনুভূতি বিহুৰ লগত ওতপ্ৰোতভাৱে জড়িত


Assamese, BihuInAssam, EssayOnBihuInAssamese, অসমীয়া বিহু, জাতীয় জীৱনত বিহুৰ প্ৰভাৱ, বিহু বিষয়ে ৰচনা,

বিহু বিষয়ে ৰচনা 



অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ :


     বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ অসমীয়া জাতিৰ প্ৰাণৰ প্ৰতিটো স্পন্দনপ্ৰতিটো নিশ্বাস-প্ৰশ্বাসপ্ৰতিটো অনুভূতিজীৱনৰ কামনা-বাসনাআগ্ৰহহেঁপাহ বিহুৰ বুকুতেই চিৰ প্ৰৱাহিতচিৰ  প্ৰতিফলিত হৈ আহিছে


      বিহু- গীতৰ সুৰে সুৰেছন্দে ছন্দেতালে তালে প্ৰতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সৰলতাউদাৰতা, আতিথেয়তা আৰু সৰ্বতোপৰি স্ৰষ্টাৰ অসীম সৌন্দৰ্যময় সৃষ্টিৰ প্ৰতি অনবিল ভালপোৱাৰ বাংময় প্ৰকাশ ৷ বিহুৰ লগত অসমীয়া জাতিৰ প্ৰাণ এনেভাৱে সাঙোৰ খাই আছে যে বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টিসংস্কৃতিসভ্যতাআনকি সাহিত্যৰ বৰ মজিয়াখনো উৰুঙা হৈ পৰিব








বিহু তিনি প্ৰকাৰৰ সেই কেইটা হল -


ক/ কাতি বিহু

খ/ মাঘ বিহু

গ/ বহাগ বিহু







কাতি বিহু :


        প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে জকমকীয়া অসমীৰ বুকুৰ বিহুও প্ৰাকৃতিক পৰিবেশৰ লগতেই ওতপ্ৰোতভাৱে জড়িত শৰতৰ সুনিৰ্মল ৰিব্ ৰিব্ বা- মৃদু-মধুৰ পৰশে প্ৰকৃতিৰ বুকুৰ মনোৰম সেউজীয়া ৰূপেৰে বসুন্ধৰাক সেউজীয়া দলিচা সজাই থুপি থুপি ফুলৰ মালাৰে মনোৰমা কৰি তোলাৰ সময়তে আহিনৰ সংক্ৰান্তিত কাতি বিহু হয় সেউজীয়া শস্যৰে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি বিৰিঙাই তোলে এই সময়ছোৱাত লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পৰশ বুলাই ধৰাক বিনন্দীয়া কৰি তোলে কাতি বিহুক কঙালি বিহু বুলিও কোৱা হয কাতি বিহু কৃষি কাৰ্যৰ লগত জডিত অসমীয়া জাতিয়ে তুলসী তলৰ বন্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে আকাশ- বাতি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বভাস জগতক জনাই দিয়ে এয়াই কাতি বিহুৰ বিশেষত্ব



মাঘ বিহু :

     
         আঘোণ পুহ মাহত পথাৰৰ সোণোৱালি শস্য চপাই ঘৰ সোমোৱাৰ পিছত অসমীয়াৰ ওঁঠত শান্তিৰ সাৰ্থকতাৰ হাঁহি বিৰিঙি উঠে৷কৃষিকাৰ্যৰ কৃতকাৰ্যতাই অসমীয়াৰ মনলৈ পৰম নিৰ্ভৰতা আৰু গভীৰ প্ৰশান্তি আনি দিয়ে৷প্ৰকৃতিৰ মহান অৱদানৰ স্বীকৃতি জনাই,অনন্ত জনলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়াই গুৰু-ভকতলৈ ধানৰ এমুঠি জা-জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰে পথাৰে পথাৰে মেজিঘৰ সাজি হোম-যজ্ঞ পাতি হুতাশনৰূপী অনন্তজনলৈ শ্ৰদ্ধা নিবেদন কৰা হয়


          ইয়াৰ পাছত ভোজ-ভাত খোৱা হয় গুৰু-ভকতক ঘৰলৈ মাতি আনি ধানৰ মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয় যুঁজকণী যুঁজকুকুৰা যুঁজ পাতিকাঁড়ী খেলপাশা খেলদবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ ৰং চৰোৱা হয়৷বিহুৰ খোৱা-বোৱাৰং-ধেমালিউলহ-মালহ গোটেই মাঘ মাহ জুৰি চলে




বহাগ বিহু :


     প্ৰকৃতিৰ বুকুলৈ পৰিবৰ্তন আহে লঠঙাগছে গছেলতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে ৷ বসন্তৰ মধুৰ পৰশ লাগি প্ৰকৃতি ফলে-ফুলে জাতিষ্কাৰ হয়বিনন্দীযা হয় আমে মলিয়ায়কঁঠালে  মুচি পেলায় ৷          


            কুলিকেতেকীমইনাসখিয়তীৰ মধুৰ কাকলিয়ে প্ৰকৃতিৰ বুকুত তোলে ছন্দৰ মূৰ্চ্ছনা অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই প্ৰকৃতিৰ বুকুত তোলে মৃদুল হিল্লোল


     প্ৰকৃতিৰ সেই বিপুল পয়োভৰৰ সময়তে তৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু প্ৰথমদিনা গৰুৰ বিহু সেই দিনা গৰুৰ গাত মাহ-হালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাউ বেঙেনা মাৰি গোৱা হয়  :-



 "দীঘলতী  দীঘল পাত 
  মাখি মাৰোঁ জাত জাত
  লাউ খা বেঙেনা খা ;
  বছৰে বছৰে বাঢ়ি যা ৷
  মাৰ সৰু ,বাপেৰ সৰু
  তই  বি বৰ গৰু ৷ 





       গধূলি -গুণীয়া নতুন পঘাৰে গৰু বান্ধিভৰি ধুৱাইধূপ-ধূনা জ্বলাই -বিচনীৰে বিচি জলপান খুওৱা হয় মূল কথাত নতুন বছৰৰ লগে লগে গাত নতুন বল বান্ধি লৈনতুন উলাৰেৰে হাল টানিশস্য উৎপাদন কৰিবৰ কাৰণে সাজু বলৈ গো-পূজা কৰা হয় দ্বিতীয়দিনাৰ পৰা মানুহৰ বিহু ৷ বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব নৱাগত বছৰটো যাতে কোনো বেমাৰ-বিঘিনি নোহোৱাকৈবিপদ-আপদবতাহ-ধুমুহা আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত অতিবাহিত কৰিব পাৰিতাৰ কাৰণে তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰ মুখত আঁৰি থোৱা হয়  :-


   দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ৷
    বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে  ৷ "




       বহাগ বিহু ৰঙৰ বিহুআনন্দৰ বিহু সীমাহীন আনন্দৰ উলহ-মালহউখল-মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ-মুখৰ কৰি তোলে ৰঙালী বিহুৱে বৰগছৰ তলতমুকলি পথাৰত ঢোলপেঁপাগগনাৰ হিয়া উতলা কৰা ঐকতানে হিয়াত জগাই তোলে বিপুল উলাহ ৷  মন মতলীয়া  হয়গা সাতখন আঠখন কৰি উঠে ৷  বিহু গীতৰ খলকনি উঠে আকাশে-বতাহেপৰ্বতে-কন্দৰে লুইতৰ বুকু উথলি উঠে বিহু গীতৰ সুৰে-সুৰেতালে তালেছন্দে ছন্দে মন উৰো উৰো প্ৰকৃতি জগতৰ জীৱ-জন্তুৰ বুকুতো উঠে সৃষ্টি কামনাৰ হিল্লোল গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তোলে শস্য সম্ভৱা


   অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছ্বাসসৰ্ব অনুভূতিউন্মুক্তভাৱেউদ্দাম গতিৰে প্ৰৱাহিত হয় এই ৰঙালী বিহুত ৷ গাঁৱে-ভূঞেনগৰে-চহৰে উৎসৱৰ ধূম উঠে এই বিহুটো অসমীয়া জাতিৰ হাড়ে-হিমজুৱে প্ৰাণৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কেনেভাৱে বিজড়িত তাক তলৰ গীতফাঁকিয়ে প্ৰমাণ কৰে :-


অতিকৈ চেনেহৰ   মুগাৰে মহুৰা
     তাতোকৈ  চেনেহৰ মাকো ,
  তাতোকৈ  চেনেহৰ   হাগৰ বিহুটি
     নেপাতি  কেনেকৈ  থাকোঁ ৷



     বহাগ বিহুৰ আন এটা বিশেষত্ব হুঁচৰি গোৱাটো ৷ গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে হৰিধ্বনি দি ঢোলপেঁপাগগনাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লগতে দহ ভকতক সৎকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাৱজাত ধৰ্ম তাকেই সোঁৱৰাই দিয়া হয়





সামৰণি :


     মুঠতে বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাৱে দখল কৰি আছে সেই বাবেই অসমীয়াৰ জাতীয় উৎসৱ আৰু ইয়াৰ মাজতেই অসমীয়া জাতি নিৰৱচ্ছিন্নভাৱে বিজড়িত আছে ৷










জয় আই অসম (Joi Aai Axom)

Have A Great opportunity ahead !

Ask anything question that you have the query. 
Surely your answers will be answered.


Thanks.     
                                                          
                                                                                   Home


No comments

Leave A Reply
Welcome you for your valuable feedbacks & comments..

Comment

Theme images by mariusFM77. Powered by Blogger.